‘প্ৰথম কলম’ত পূৰ্বধাৰণাপ্ৰসূত প্ৰপাগাণ্ডা
‘প্ৰথম কলম’ৰ ল’নী মহন্তৰ ‘কৃষিৰ ৰাজনৈতিক-অৰ্থনীতি’ পঢ়ি ধাৰণা হ’ল– হয় ল’নী মহন্তৰ কৃষি, ৰাজনীতি আৰু অৰ্থনীতি এই তিনিওটাৰে সন্দৰ্ভত বিশেষ জ্ঞানৰ অভাৱ অথবা ল’নী মহন্ত বিজেপি-আৰ এছ এছৰ অন্ধ সমৰ্থক৷ তেওঁ যদি বিজেপিৰ সমৰ্থক আৰু এজন দলৰ প্ৰবক্তা বা মুখপাত্ৰৰ ৰূপত বিজেপি চৰকাৰৰ সিদ্ধান্তৰ সমৰ্থনত থিয় হৈছে, তেনেহ’লে বিতৰ্কৰ প্ৰয়োজন নাই৷ কিন্তু তেওঁ যদি কৃষি আইন তিনিখনৰ পক্ষপাতিত্বহীন বিশ্লেষণ কৰা বুলি দাবী কৰে, তেনেহ’লে প্ৰথমেই ক’ব লাগিব তেওঁৰ বিশ্লেষণ পূৰ্বধাৰণাপ্ৰসূত, বিভ্ৰান্তিকৰ আৰু পক্ষপাতিত্বৰ দোষেৰে দোষী৷ লগতে আমাৰো এই ‘পূৰ্বধাৰণা’ আছে যে ‘আমাৰ অসম’-এ ‘প্ৰথম কলম’ত প্ৰপাগাণ্ডা নছপায়৷
মহন্তৰ প্ৰবন্ধটোৰ কেইটামান শব্দই আমাক আমোদ আৰু চিন্তাৰ খোৰাক দিলে৷ প্ৰথম বাক্যটোতে তেওঁ লিখিছে ‘...কৃষি ওপজ’, ওপজ শব্দটো তেওঁ হিন্দী ভাষাত কৰাৰ দৰে ‘উৎপাদন’ৰ অৰ্থত ব্যৱহাৰ কৰিছে৷ আন এঠাইত তেওঁ লিখিছে পাঞ্জাবত ভূমি ‘সুধাৰ’ৰ প্ৰয়োজন৷ ‘সুধাৰ’ শব্দটোৰ অৰ্থ বিচাৰি হাবাথুৰি খাই হঠাৎ বুজিলোঁ তেওঁ ভূমি সংস্কাৰৰ কথা কৈছে৷ ‘সুধাৰ’ এটা হিন্দী শব্দ৷ আন এঠাইত তেওঁ লিখিছে– ‘প্ৰোৎসাহিত কৰাৰ এক প্ৰাৱধানহে’৷ এই ‘প্ৰোৎসাহিত’ আৰু ‘প্ৰাৱধান’ দুয়োটাই হিন্দী শব্দ আৰু দুয়োটাৰে অসমীয়া প্ৰতিশব্দ থকাৰ বাবে এই শব্দ দুটা অসমীয়াত ব্যৱহাৰ নহয়৷ নতুন বছৰত মহন্তই অসমীয়া ভাষাত চাৰিটাকৈ নতুন শব্দ সংযোজন কৰাৰ বাবে অভিনন্দন৷ পিছে আমাৰ মনত এটা খূদুৱনি ৰৈ গ’ল, ল’নী মহন্তই এই কথাবোৰ হিন্দীৰ পৰা অনুবাদ কৰিছে নেকি? কৃষক আন্দোলনৰ বিৰোধিতা কৰা বিজেপি- আৰ এছ এছৰ বিভিন্ন প্ৰচাৰ আৰু ভিডিঅ’সমূহ ল’নী মহন্তই দাঙি ধৰা অসত্য আৰু অৰ্ধসত্য তথ্যবোৰেৰে ভৰি আছে৷ মহন্তই তেওঁৰ তথ্যৰ উৎসবোৰ জনালে তেওঁৰ যুক্তিবোৰৰ উত্তৰ দিয়া সহজ হ’ব৷
মহন্তৰ মতে কৃষক আন্দোলনটো ০.০০০১ শতাংশ কৃষকৰ আন্দোলন৷ এই পৰিসংখ্যাৰ ভিত্তি কি? আন্দোলন এটা যুক্তিযুক্ততা অংশগ্ৰহণকাৰীৰ সংখ্যাৰে নিৰ্ণয় হয় নেকি? অংশ গ্ৰহণকাৰী কৃষকৰ সংখ্যা বাঢ়িলে দাবীবোৰ যুক্তিপূৰ্ণ হৈ পৰিব নেকি?
নূ্যনতম সমৰ্থন মূল্য, কৃষি ক্ষেত্ৰত ৰাজসাহায্য, ভূমি সংস্কাৰ, APMC সংস্কাৰ এইবোৰ অতি জটিল আৰু বিস্তৃত বিষয়৷ বজাৰ অৰ্থনীতিত বিশ্বাসীসকল আৰু সমাজবাদী অৰ্থনীতিত বিশ্বাসীসকলৰ এইক্ষেত্ৰত ব্যাপক মত-পাৰ্থক্য আছে৷ মোৰ ব্যক্তিগত মত– এখন কল্যাণকামী ৰাষ্ট্ৰ বজাৰৰ বা কৰ্প’ৰেটৰ দৰে লাভ-লোকচানৰ বিবেচনাৰে পৰিচালিত হ’ব নালাগে বা নোৱাৰে৷ খাদ্য, স্বাস্থ্য, শিক্ষা, বাসস্থান আদিৰ দৰে মৌলিক বিষয়সমূহ কৰ্প’ৰেটৰ ব্যৱসায়ৰ ক্ষেত্ৰ নহৈ এখন কল্যাণকামী ৰাষ্ট্ৰৰ কল্যাণকামী আঁচনিৰ অংশ হ’ব লাগে আৰু ৰাজহুৱা ধন এই ক্ষেত্ৰবোৰত ব্যয় হ’ব লাগে৷ কৃষকক আন সামগ্ৰী উৎপাদন কৰা এজন উৎপাদনকাৰীৰ দৰে গণ্য কৰিলে তেওঁলোকৰ প্ৰতি অন্যায় কৰা হ’ব৷ তেওঁলোক প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আৰু অনবৰত প্ৰকৃতিৰ ৰোষৰ বলি হৈ থাকে৷ আমাৰ পৰম্পৰাই তেওঁলোকক অন্নদাতাৰূপে গণ্য কৰে৷ তেওঁলোকৰ প্ৰতি বিশেষ দৃষ্টি দিয়াটো প্ৰয়োজনীয়৷ ল’নী মহন্তৰ মতামত সুকীয়া হ’ব পাৰে, কিন্তু তেওঁৰ ‘প্ৰথম কলম’ৰ লেখা বৰ্তমানৰ কৃষক আন্দোলনটোক বিৰোধিতা কৰা আৰু কৃষি আইন তিনিখনক আৰু চৰকাৰৰ স্থিতিক সমৰ্থন কৰা উদ্দেশ্যপ্ৰণোদিত লেখা৷ ইয়াৰ বাবে তেওঁ যিবোৰ তথ্যৰ সহায় লৈছে, সেইবোৰ বিভ্ৰান্তিকৰ৷ উদাহৰণস্বৰূপে পাঞ্জাবৰ ভূমি অধিকাৰ সন্দৰ্ভত তেওঁৰ তথ্য অস্পষ্ট আৰু বিভ্ৰান্তিকৰ৷ পাঞ্জাবত ভূমি ‘সুধাৰ’ হ’ব লাগে, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ, ৰাজস্থান বা অসমত ভূমি ‘সুধাৰ’ হ’ব নালাগে নেকি? কৃষকে পোৱা বৃহৎ অংকৰ ৰাজসাহায্য বা ছাবচিডীৰ ক্ষেত্ৰতো মহন্তই এজন বজাৰ অৰ্থনীতিৰ সমৰ্থকৰ যুক্তিকে দোহাৰিছে৷ কিন্তু আপত্তিটো কেৱল খেতিয়কে পোৱা ছাবচিডীৰ ক্ষেত্ৰতহে নেকি? আমাৰ অসমৰ চিমেণ্ট উদ্যোগে বৃহৎ পৰিমাণৰ ছাবচিডী পায় আৰু দেশৰ ভিতৰত চৰা দামত অসমত চিমেণ্ট বিক্ৰী কৰে৷ বৃহৎ কৰ্প’ৰেটে অলেখ চৰকাৰী সুবিধা পাই থকা নাই জানো? বিজেপিশাসিত ৰাজ্যবোৰে এটকীয়া, বিনামূলীয়া চাউলৰ পৰা আৰম্ভ কৰি অলেখ আঁচনিত অসংখ্য হিতাধিকাৰী সৃষ্টি কৰি সীমাহীন ৰাজহুৱা ধন খৰচ কৰি আছে৷ সেইবোৰ আওকাণ কৰি মুক্ত বজাৰ অৰ্থনীতিৰ নামত কেৱল খেতিয়কে পোৱা ছাবচিডীতহে চকু কিয়?
পাঞ্জাব, হাৰিয়ানাৰ ‘ধনী’ কৃষকে তেওঁলোকৰ দাবীৰ সমৰ্থনত চৰকাৰক প্ৰত্যাহ্বান জনাব পৰা প্ৰতিৰোধ গঢ়িব পাৰিছে৷ আমাৰ দৰে ‘চেণ্টাৰ’লৈ যাবলৈ বাছ ভাড়া নথকা খেতিয়কে চৰকাৰ বাহাদুৰক মাই-বাপ বুলি মূৰ দোঁৱাই সেৱা জনাই থাকিব লাগে৷ পাঞ্জাবৰ খেতিয়কো বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ বা অসমৰ দৰে কপৰ্দকশূন্য হৈ থাকিলে তেওঁলোক প্ৰকৃত কৃষক বুলি প্ৰমাণ হ’লহেঁতেন নেকি? দাৰিদ্ৰ্যই প্ৰমাণ কৰিলেহেঁতেন নেকি তেওঁলোকৰ কৃষক হোৱাৰ ন্যায্যতা?
মহন্তৰ মতে ফচল বীমাৰ প্ৰিমিয়ামৰ টকাৰ ৮০ শতাংশ চৰকাৰে দিয়ে৷ তেওঁ অকণমান কষ্ট কৰিলেই এই তথ্যও লাভ কৰিব যে এই ফচল বীমাৰ ফলত আটাইতকৈ লাভ হৈছে ব্যক্তিগত খণ্ডৰ বীমা কোম্পানীৰ৷ চৰকাৰৰ টকা খেতিয়কৰ নামত ব্যক্তিগত বীমা কোম্পানীলৈ গৈছে৷
ল’নী মহন্ত মুক্ত বজাৰৰ সমৰ্থক হ’লে আমাৰ আপত্তি নাই, মুক্ত বজাৰ কৃষকৰ বাবে কিয় ভাল সেই যুক্তি দাঙি ধৰাৰ তেওঁৰ অধিকাৰ আছে৷ কিন্তু তেওঁৰ এই প্ৰবন্ধটোত কৃষক আন্দোলনটোক নস্যাৎ কৰা বিজেপি-আৰ এছ এছৰ একপক্ষীয়, মিছা আৰু বিভ্ৰান্তিকৰ যুক্তিবোৰৰ প্ৰতিধবনি আছে৷ আমাৰ সন্দেহ যে ল’নী মহন্ত তেওঁৰ অজানিতে এক পূৰ্বধাৰণাপ্ৰসূত প্ৰপাগাণ্ডাৰ অংশীদাৰ হৈ পৰিছে৷
‘আমাৰ অসম’ কাকতেও ‘প্ৰথম কলম’ত এনে লেখা প্ৰকাশ কৰাৰ বাবে আমাৰ পৰম বিৰক্তি প্ৰকাশ কৰিলোঁ৷
ফোনঃ ৯৮৬৪০-৯২১৩৭