Logo
image

বিজেপি চৰকাৰৰ দিনত চোৰাং চিকাৰীৰ পৰা সুৰক্ষিত নে কাজিৰঙা?, এসপ্তাহৰ পাছতহে বনকৰ্মীয়ে উদ্ধাৰ কৰিলে খৰ্গবিহীন মৃত গঁড়

ডিজিটেল সংবাদ, কাজিৰঙাঃ বিগত এটা বছৰ বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী দ্বাৰা গঁড় নিধন শূন্য হোৱাৰ পিছত বলিউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংৰক্ষণৰ দ্বায়িত্বত থকা বন বিষয়া আৰু কৰ্মীক প্ৰশংসাৰে ওপচাই পেলাইছিল। কিন্তু অতি দুৰ্ভাগ্যজনক যে বছৰৰ প্ৰথমটো গঁড় নিধন কৰি খৰ্গ কাটি নিবলৈ সক্ষম হোৱাৰ বাতৰিয়ে সকলো প্ৰকৃতিপ্ৰেমীক নিৰাশ কৰিছে। কাজিৰঙা গজ উৎসৱত দেশৰ ৰাষ্ট্ৰপতিয়ে অংশগ্ৰহণ কৰাৰ আগ মুহূৰ্তত বন আৰু আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত একপ্ৰকাৰ বাধাহীনভাৱে চোৰাং চিকাৰীয়ে গুলীয়াই গঁড় নিধন কৰি খৰ্গ কাটি লৈ যোৱাৰ প্ৰায় এসপ্তাহৰ পিছত দেওবাৰে আবেলি কাজিৰঙাৰ বনকৰ্মীয়ে খৰ্গবিহীন মৃত গঁড় উদ্ধাৰ কৰাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে। জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনত কাঠপৰা বন শিবিৰ এলেকাৰ বৰমাৰ বিলত কালি দিনৰ ৪:৩০ বজাত সহকৰ্মীয়ে পানীত ওপঙি থকা অৱস্থাত খৰ্গবিহীন এটা গঁড়ৰ মৃতদেহ দেখা পাই কৰ্তৃপক্ষক অবগত কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ উত্তৰ দিশে অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অতি দুৰ্গম এলেকাত উদ্যান কৰ্তৃপক্ষ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দ্বায়িত্বত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক, বন বিষয়া  আদি উপস্থিত হৈ ঘটনা পৰ্যবেক্ষণ কৰে যদিও নিশা হৈ পৰাত অতব্য অৰণ্যৰ মাজত অভিযান চলাবলৈ অপাৰগ হয়। ইফালে সোমবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত গঁড় হত্যা সন্দৰ্ভত বন বিভাগৰ সংবাদমেলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈয়ে প্ৰাথমিক তদন্তত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাটো নিশ্চিত কৰে। বন সংমণ্ডল বিষয়াই জানিবলৈ দিয়া মতে, চোৰাং চিকাৰীয়ে গঁড়টোৰ খৰ্গ কাটি লৈ যায়৷ ইপিনে গঁড়ৰ মৃতদেহৰ সমীপত থ্ৰী নট থ্ৰী ৰাইফলৰ সজীৱ গুলীও উদ্ধাৰ কৰাৰ কথা সদৰী কৰে বিষয়াজনে। 

উল্লেখ্যে যে চোৰাং চিকাৰীৰ দলটোৱে ৬-৭ দিন পূৰ্বেই এই ঘটনা সংঘটিত কৰি নদীপথ ব্যৱহাৰ কৰি পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ব্ৰহ্মপুত্ৰ নৈৰ কাষৰ বৰমাৰ বিলত খৰ্গহীন গঁড়টোৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে চোৰাং চিকাৰী বিশ্বনাথৰ দিশৰ পৰা অহা বুলি বন বিভাগ,আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। সন্দেহ প্ৰকাশ কৰা হৈছে যে চোৰাং চিকাৰীয়ে চাইলেনছাৰযুক্ত বন্দুক ব্যৱহাৰ কৰি গঁড় হত্যা কৰি খর্গ কাটি পুনৰ নাঁৱৰ সহায়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰলৈ উভতি গৈছিল। বন বিভাগ, আৰক্ষীয়ে চোৰাং চিকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই। উল্লেখ্য, ৰাজ্যখনৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদব দেওবাৰে আগন্তুক ৬-৭ এপ্ৰিলত কাজিৰঙা গজ উৎসৱ আৰু এই উৎসৱত দেশৰ ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰস্তুতিৰ বুজ লৈ থাকোতেই কাজিৰঙাত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খৰ্গ কাটি নিয়াৰ খবৰ প্ৰকাশ পাইছিল । আনহাতে অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত বিভিন্ন কৌশল প্ৰয়োগ কৰি কাজিৰঙাত গঁড় নিধন সাংঘাতিকভাৱে হ্ৰাস কৰিবলৈ সক্ষম হৈছিল। 

দেওবাৰে কাজিৰঙাত গঁড় নিধনৰ বাতৰি পাই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধান মুখ্য বন সংৰক্ষকক কটু সমালোচনা কৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে তৎপৰতাৰে বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে। ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিং কাজিৰঙাত উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে কাজিৰঙাৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি৷ কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে নিৰাপত্তা ব্যৱস্থা পূৰ্বতকৈ অধিক কটকটীয়া কৰাৰ কথা দোহাৰি থকাৰ সময়ত বনকৰ্মীক প্ৰত্যাহ্বান জনাই চোৰাং চিকাৰীয়ে গুলীয়াই এটা গঁড় নিধন কৰি খৰ্গ কাটি লৈ যায়। অতি দুৰ্ভাগ্যজনক যে চোৰাং চিকাৰীয়ে এটা গঁড় গুলীয়াই নিধন কৰি খৰ্গ কাটি নিয়াৰ এসপ্তাহ পিছতহে কাজিৰঙাৰ বনকৰ্মীয়ে গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে। ৰাষ্ট্ৰীয় উদ্যানৰ খাল, বিল, নৈ আদিৰ পাৰত সাধাৰণতে গঁড়ে বিচৰণ কৰি থাকে। বনকৰ্মীয়ে উক্ত স্থানবোৰত প্ৰতিদিন নিৰীক্ষণ কৰাটো দৰকাৰ। কিন্তু কি কাৰণে বিগত সাত দিনে উক্ত বিলখনৰ চাৰিওফালে বনকৰ্মীয়ে পৰ্যবেক্ষণ নকৰিলে সেয়া এক চিন্তাৰ বিষয় বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে। উদ্যান কৰ্তৃপক্ষ বা উক্ত বনাঞ্চলৰ বন বিষয়াই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বন শিৱিৰবোৰত সঘন পৰ্যবেক্ষণ নকৰাৰ ফলত এনে ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে ।