Logo
image

সংগীত নাটক একাডেমীৰ সচিব পদত ৰাজু দাস

আমাৰ অসম, ২৯ মাৰ্চঃ দেশৰ শিল্প কলা সংস্কৃতিৰ ধাৰক-বাহক সংগীত নাটক একাডেমীৰ সচিব পদত প্ৰথমজন অসমীয়া হিচাপে নিযুক্তি লাভ কৰিছে শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ গাঁৱৰ ৰাজু দাসে৷ সোমবাৰে একাডেমীৰ সচিবৰ দায়িত্ব গ্ৰহণ কৰা দাসে আজি সাংবাদিকৰ আগত উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীসকলৰ উন্নয়নৰ হকে কাম কৰাৰ দায়বদ্ধতা দাঙি ধৰে৷ সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰৰ বাবে অগ্ৰণী ভূমিকা পালন কৰি অহা দাসে লক্ষ্ণৌৰ পৰা সংগীত শিক্ষা গ্ৰহণ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷ ২০০৫ চনত সংগীত নাটক একাডেমীত প্ৰ’গ্ৰাম অফিচাৰ হিচাপে যোগদান কৰা দাসে গুৱাহাটীত সত্ৰীয়া কেন্দ্ৰ স্থাপনৰ বাবে দহ বছৰ কৰ্মৰত আছিল৷ পৰবৰ্তী সময়ত একাডেমীৰ সহকাৰী সচিব [সমন্বয়] হিচাপে সমগ্ৰ দেশৰ ধ্ৰূপদী নৃত্য আৰু সংগীতৰ প্ৰসাৰৰ বাবেও অগ্ৰণী ভূমিকা পালন কৰিছিল তেওঁ৷ ‘সংগীত নাটক একাডেমী’ৰ সচিবৰ দায়িত্ব লাভ কৰাটো মোৰ বাবে সঁচাকৈ গৌৰৱৰ কথা৷ গুৰুজনা— শংকৰদেৱ, মাধদেৱৰ আশীৰ্বাদ থকাৰ বাবেই এয়া সম্ভৱ হ’ল৷ দেশৰ লগতে উত্তৰপূৰ্বাঞ্চলৰ শিল্পীসকলৰ উন্নয়নৰ বাবেও কাম কৰিম৷’– সাংবাদিকৰ আগত ৰাজু দাসৰ আজি এয়াই আছিল প্ৰতিক্ৰিয়া৷