Logo
image

হঠাৎ হোৱা বুকুৰ বিষ অৱহেলা নকৰিব

হঠাতে যদি কাৰোবাৰ বুকুৰ বিষ হয়, তাক কেতিয়াও অৱহেলা কৰা উচিত নহয়৷ বিশেষকৈ চল্লিশ বছৰৰ ঊৰ্ধ্বৰ পুৰুষ অথবা পঞ্চাশ বছৰ ওপৰৰ মহিলাৰ যদি এনে বিষ হয় তেনেহ’লে কথাটো বিশেষভাৱে চিন্তনীয়৷ এনে বয়সৰ লোকৰ হঠাৎ হোৱা বুকুৰ বিষ প্ৰথমতে হাৰ্টৰ কাৰণেই হোৱা বুলি ধৰি লোৱা ভাল৷ হৃদৰোগজনিত বুকুৰ বিষ হ’লে ৰোগী ঠাণ্ডাৰ দিনটো প্ৰচণ্ড ঘামি উঠিব৷ বুকুৰ বিষটো ক্ৰমে বাঁওহাত বা কেতিয়াবা ডিঙিৰ ওপৰলৈ, কেতিয়াবা পিঠিৰ ফাললৈ বিয়পি যাব পাৰে৷ হাৰ্ট এটেকৰ ঠিক আগৰ পৰ্যায়ত হূদৰোগজনিত বিষ সাধাৰণতে ১৫-২০ মিনিটলৈকে স্থায়ী হয়৷

হৃদৰোগজনিত বিষ সাধাৰণতে খুব বেছি শাৰীৰিক পৰিশ্ৰম বা মানসিক পৰিশ্ৰমৰ বাবে হয়৷ যদি বিশ্ৰাম লোৱাৰ পাছতো বিষটো নকমে তেতিয়া ইয়াক গুৰুত্ব সহকাৰে ল’ব লাগে৷ এই অৱস্থাটোক ‘আনষ্টেবল এঞ্জাইনা’ বুলি কোৱা হয়৷ ইয়াৰ পাছতে হাৰ্ট এটেকৰ আশংকা বৃদ্ধি পায়৷

হৃদৰোগৰ বিষ বহু সময়ত খোৱা-বোৱা কৰাৰ পাছত হয়৷ তদুপৰি এই বিষ বুকুৰ মাজ অংশতে হয়৷ সেয়েহে অধিকাংশ লোকে এই বিষ গেছ বা এচিডিটিৰ কাৰণে হোৱা বুলিয়ে ভাবি লয়৷ সেয়ে ৰোগী এইক্ষেত্ৰত সতৰ্ক হোৱাৰ লগতে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপিব লাগিব৷