Logo
image

হিম’গ্লবিনৰ মাত্ৰা কমিলে এইকেইটা লক্ষণে দেখা দিয়ে

ৰক্তহীনতাত ভোগা লোকৰ সংখ্যা প্ৰায় প্ৰতিদিনেই বৃদ্ধি পাইছে৷ তেজত হিম’গ্লবিনৰ পৰিমাণ হ্ৰাস পালে ৰক্তহীনতা বা এনিমিয়া হোৱা বুলি কোৱা হয়৷ পুৰুষৰ ক্ষেত্ৰত তেজত হিম’গ্লবিনৰ পৰিমাণ ১৩.৮ ৰ পৰা ১৭.২ ডেচি লিটাৰ থাকিব লাগে৷ মহিলাৰ ক্ষেত্ৰত এই পৰিমাণ ১২.১ ৰ পৰা ১৫.১ডেচি লিটাৰ হ’ব লাগে৷ ৰক্তহীনতাত ভোগা মহিলাৰ  সংখ্যা পুৰুষতকৈ বেছি৷  আইৰণৰ অভাৱৰ বাবে ৰক্তহীনতাৰ সমস্যাৰ সৃষ্টি হয়৷ 

ৰক্তহীনতাৰ লক্ষণঃ

⬛ শৰীৰত হিম’গ্লবিনৰ পৰিমাণ কমিলে ছাল পাতল হৈ পৰে৷ তদুপৰি হিম’গ্লবিনৰ পৰিমাণ হ্ৰাস পালে মুখ-নাক-ওঁঠ, চকুৰ পতা আৰু নখ শেঁতা পৰে৷

⬛ হিম’গ্লবিনৰ পৰিমাণ হ্ৰাস পালে হূদস্পন্দনৰ হাৰ বৃদ্ধি পায়৷ উপযুক্ত চিকিৎসা নাপালে কেতিয়াবা হাৰ্ট এটেকৰ আশংকা থাকে৷

⬛ হিম’গ্লবিনৰ অভাৱত শৰীৰৰ কোষলৈ অক্সিজেন যোগান ব্যাহত হয়৷ যাৰ বাবে ছাল শুকান হৈ পৰে, চুলি সৰে আৰু কেতিয়াবা নখ সহজেই ছিগি যায়৷

⬛ শৰীৰত আইৰণৰ অভাৱ হিম’গ্লবিন হ্ৰাস পোৱাৰ অন্যতম কাৰণ৷ সেয়েহে হিম’গ্লবিন কমিলে আইৰণ সমৃদ্ধ খাদ্য বেছিকৈ খাব লাগে৷ বিশেষকৈ আপেল, বেদেনা, তৰ্মুজ, ৰঙালাওৰ গুটি, কিছমিছ, জলফাই আদিৰ উপৰি মুৰ্গীৰ মাংস, মাছ, কণী আদি খাব লাগে৷ ভিটামিন-চি সমৃদ্ধ খাদ্যই হিম’গ্লবিন বৃদ্ধিত সহায় কৰে৷ তেজত হিম’গ্লবিনৰ পৰিমাণ কমিলে কেতিয়াও অৱহেলা কৰিব নালাগে৷ ৰক্তহীনতা বিভিন্ন কাৰণত হ’ব পাৰে৷ কেতিয়াবা ই গুৰুতৰ অসুখৰ আগজাননী হ’ব পাৰে৷ সেয়েহে মাজে মাজে হিম’গ্লবিন পৰীক্ষা কৰি থকাটো প্ৰয়োজন৷ উপযুক্ত সময়ত চিকিৎসকৰ পৰামৰ্শ ল’লে হিম’গ্লবিনৰ পৰিমাণ হ্ৰাস পালেও পুনৰ বিভিন্ন খাদ্যৰ জৰিয়তে ইয়াৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি৷