Logo
image

বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁইলৈ ‘ৰণাংগন সন্মান'

ডিজিটেল সংবাদ, নগাঁওঃ  ৰণাংগন প্ৰকাশনে অসমৰ সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা বৰেণ্য ব্যক্তি একোজনক 'ৰণাংগন সন্মান' প্ৰদান কৰি আহিছে৷ ২০২২ বৰ্ষৰ 'ৰণাংগন সন্মান’ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইলৈ আগবঢ়োৱা হৈছে। লাভলীনা বৰগোহাঁইক অহা ১০ এপ্ৰিলৰ দিনৰ ১১ বজাত নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই সন্মানেৰে সন্মানিত কৰা হ'ব৷

বঁ‌টা প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ-পূব প্ৰান্তৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাস, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য  ড° মৃদুল হাজৰিকা, নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰমুখ্যে কেইবাজনো ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।  ৰণাংগন বঁটাত আছে এটি স্মাৰক, এখন প্ৰশস্তি পত্ৰ, শৰাই, অংগবস্ত্ৰ আৰু ১০ হাজাৰ টকা৷ ইতিমধ্যে দুগৰাকী বৰেণ্য ব্যক্তিক 'ৰণাংগন সন্মান’ প্ৰদান কৰা হৈছে ৷ প্ৰথিতযশা সাহিত্যিক  হোমেন বৰগোহাঞিক ২০২০ চনত আৰু সাহিত্য অকাডেমি বঁটাপ্ৰাপক লেখিকা ৰীতা চৌধুৰীক ২০২১ চনৰ ৰণাংগন সন্মান প্ৰদান কৰা হয়৷