Logo
image

অৱসৰলৈ মাত্ৰ কেইটামান দিন বাকীঃ নগাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

ডিজিটেল সংবাদ, নগাঁওঃ অৱসৰলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়তে উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এজন আৰক্ষী বিষয়াজন। গ্ৰেপ্তাৰ হোৱা বিষয়াজন হ'ল নগাঁও সদৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক সুৰুজ উল হক। উৎকোচ লৈ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল নগাঁৱৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজন। 

এটা গোচৰ নিষ্পত্তিৰ বাবে ১৫ হাজাৰ টকা উৎকোচ লৈ আৰক্ষীৰ জালত পৰে সুৰুজ উল হক। দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত প্ৰায় প্ৰতিদিনেই ঘোচখোৰ বিষয়া, কৰ্মচাৰী পৰি আছে যদিও যেন শিক্ষা হোৱা নাই দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীসকলৰ।  

বুধবাৰে নিশা দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা দলে অভিযান চলাই নগাঁও সদৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক  সুৰুজ উল হকক গ্ৰেপ্তাৰ কৰে। নগাঁও আৰক্ষী ছাউনীত থকা চৰকাৰী আবাসত উৎকোচ লৈছিল আৰক্ষী বিষয়াজনে। মাত্ৰ দুমাহমানৰ পিছতে অৱসৰ গ্ৰহণ কৰাৰ সময় আছিল সুৰুয উল হকৰ। অৱসৰ গ্ৰহণৰ পূৰ্বে বহু ধন ঘটাৰ লক্ষ্য লৈছিল আৰক্ষী বিষয়াজনে। কিন্তু ধন ঘটাৰ জাল পেলাই নিজেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে আৰক্ষী বিষয়াজন। আৰক্ষী বিষয়াজনক বুধবাৰে নিশা এক দীঘলীয়া সময় জেৰা চলায় দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। দীঘলীয়া জেৰাৰ অন্তত পুৱতি নিশা আটকাধীন আৰক্ষী বিষয়া সুৰুজ উল হকক লগত লৈ গুৱাহাটী অভিমুখে ৰাওনা হয় অভিযানকাৰী দুৰ্নীতি নিবাৰক শাখাৰ দলটো।