Logo
image

গামোচাক লৈ আপোচ নহ'বঃ চৰকাৰে পাৱাৰলুমৰ গামোচা জব্দ নকৰিলে নিজেই ব্যবস্থা ল'ব লাচিত সেনাই

ডিজিটেল সংবাদ, গুৱাহাটীঃ "অসমীয়াৰ সমাজ জীৱনৰ আয়ুসৰেখা হৈছে আদৰৰ গামোচাখন। প্ৰতিজন অসমীয়াৰ বাবে সন্মান, স্বাভিমান আৰু স্বকীয়তাৰ প্ৰতীক স্বৰূপ এই গামোচাখন আজি অস্তিত্বৰ সংকটত। অসমীয়া গামোচাক বাৰে বাৰে অপমানিত কৰা হৈছে, বাৰে বাৰে ভৰিৰে মোহাৰি পেলোৱা হৈছে ইয়াৰ স্বকীয়তা। বিশেষকৈ আগ্রাসী বহিৰাগতই বাৰে বাৰে কলুষিত কৰিছে অসমীয়া গামোচাৰ স্বাভিমান।" - এই মন্তব্য বীৰ লাচিত সেনা অসমৰ সভাপতি শৃংখল চলিহাৰ৷ লগতে তেওঁ কয় যে বাৰে বাৰে লাঘৱ কৰিছে অসমীয়া জাতিৰ আয়ুসৰেখা আমাৰ গামোচাখনৰ মৰ্যদা আৰু স্বকীয়তা। গামোচাখনক স্বকীয় মৰ্যদাৰে সগৌৰৱেৰে জীয়াই ৰখাতো প্ৰতিজন অসমীয়াৰ প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য। গামোচাখনৰ অপমান নিশ্চয় প্ৰতিজন অসমীয়াৰ অপমান৷ গতিকে অসমৰ প্ৰতিখন বস্ত্ৰালয়ক আমি মেছিন, পাৱাৰলুমত বোৱা গামোচা আৰু বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰ প্ৰচলন আৰু বিক্ৰী বন্ধ কৰাৰ বাবে বিনম্র আহ্বান জনাইছোঁ।

এইক্ষেত্ৰত প্ৰতিখন ব্যৱসায়িক প্রতিষ্ঠানক এনে গামোচাৰ বিক্ৰীৰ পৰা বিৰত থাকিবৰ বাবে লিখিত নির্দেশ প্ৰদান কৰিবলৈ অসম চৰকাৰক আহ্বান জনালোঁ। অসাধু ব্যবসায়ীয়ে বিক্ৰী কৰা পাৱাৰলুমৰ গামোচা জব্দ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিবলৈ দাবী জনালোঁ। এইক্ষেত্ৰত দৃষ্টিকটূভাৱে চৰকাৰে একাংশ বস্ত্ৰালয়ত অভিযান চলালেও এতিয়াও অসমত ব্যাপক হাৰত পাৱাৰলুমৰ গামোচাৰ প্ৰচলন অব্যাহত আছে। বহু অসাধু ব্যবসায়ীয়ে এতিয়াও গুদামত বৃহৎ পৰিমাণত পাৱাৰলুমৰ গামোচা মজুত ৰাখিছে। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ যে এনে ব্যৱসায়ীৰ গামোচা জব্দ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। 

আমাৰ স্পষ্ট কথা- ধৰিলে ৰৌ-বৰালি ধৰক, পুঠি-খলিহনা না ধৰি লাভ নাই। এইক্ষেত্ৰত আমি সকীয়াই দিব বিচাৰিছোঁ যে চৰকাৰে অতিশীঘ্ৰে ব্যৱস্থা নকৰিলে আমি বীৰ লাচিত সেনাই নিজেই ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। চৰকাৰে ব্যৱস্থা নল'লে আমাৰ প্ৰতিজন সৈনিকে পাৱাৰলুমৰ গামোচা জব্দ কৰি ৰাজপথত জ্বলাই দিবলৈ বাধ্য হ'ব। গতিকে চৰকাৰক আমি শেষবাৰৰ বাবে সকীয়াই দিব বিচাৰিছোঁ যে গামোচাৰ স্বকীয়তা ৰক্ষা কৰক। লগতে আজি আমি সংবাদ মাধ্যমৰ যোগেদি আন বিষয় ৰাজহুৱা কৰিব বিচাৰিছোঁ। পাৱাৰলুমৰ গামোচা যদিও জব্দ কৰা হৈছে তথাপি ইয়াক পৰীক্ষা কৰিবলৈ অসমত পৰীক্ষাগাৰ নাই। জি আই টেগ লাভ কৰা গামোচাৰ স্বকীয়তা পৰীক্ষা কৰা হয় কলকাতাত। অর্থাৎ এখন গামোচা থলুৱা শিপিনীয়ে বোৱা নে পাৱাৰলুমত উৎপাদন হোৱা সেয়া পৰীক্ষা কৰিবলৈ ব্যৱস্থা নাই অসমত।গতিকে পাৱাৰলুমৰ গামোচা অসমত নির্বিঘ্নে প্ৰচলন হৈছে। এই ক্ষেত্ৰত আমি প্রশ্ন উত্থাপন কৰিব বিচাৰিছো যে পাৱাৰলুম গামোচা জব্দ কৰাটো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মাত্ৰ চমক নেকি? কেৱল চমক সৃষ্টিৰ বাবেহে মুখ্যমন্ত্ৰী হিমন্তই গামোচা জব্দৰ নাটক কৰিছে নেকি? এইক্ষেত্ৰত আমি চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনালোঁ৷