Logo
image

ছয়গাঁৱত ৪ টা শগুনৰ অস্বাভাৱিক মৃত্যু

ডিজিটেল সংবাদ, দক্ষিণ কামৰূপঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ নোৱামাটিত খেতিপথাৰত মৃত অৱস্থাত ৪ টা দুষ্প্ৰাপ্য শগুন উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে ১ টা শগুন আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হয়। উল্লেখ্য যে বিগত বৰ্ষৰ পৰা দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত এনেধৰণে শগুন অস্বাভাৱিকভাৱে মৃত্যুৰ ঘটনা সংঘটিত হৈ আহিছে ৷ বৰ্তমান শগুন কেইটাৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।