Logo
image

ৰাজপথত ৰাষ্ট্ৰপতি কাজিৰঙা প্ৰায় স্তব্ধ

আমাৰ অসম, ৭ এপ্ৰিলঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বৃহস্পতিবাৰে প্ৰট’কল ভংগ কৰি কাজিৰঙাৰ ৰাজপথত ছাত্ৰ-ছাত্ৰীৰে কৰমৰ্দন কৰে৷ বৃহস্পতিবাৰে দিনৰ প্ৰায় ১.৪০ বজাত যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মূ৷ বন বিভাগৰ দ্বাৰা আয়োজিত গজ উৎসৱত অংশগ্ৰহণ  কৰিবলৈ কাজিৰঙালৈ অহা ৰাষ্ট্ৰপতি মুৰ্মূক বিমানবন্দৰত আদৰণি জনায় অসমৰ ৰাজ্যপাল গোলাবচান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰৰৈয়া বিমানবন্দৰৰ পৰা হেলিকপ্টাৰেৰে তেওঁ বোকাখাতৰ ৰাজহুৱা খেলপথাৰত উপস্থিত হয়৷  ৰাষ্ট্ৰপতিগৰাকীয়ে যোৰহাটৰ পৰা সেনা বাহিনীৰ তিনিখন হেলিকপ্টাৰেৰে আহি বোকাখাতৰ হেলিপেডত উপস্থিত হয়৷ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে একেখন হেলিকেপ্টাৰেৰে আহে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পিছত ৰাজ্যৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই আদৰণি জনায়৷ ইয়াৰ পিচতেই বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ পৰা গাড়ীৰে কাজিৰঙা অভিমুখে ৰাওনা হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ৷ ৰাজহুৱা খেল পথাৰৰ পৰা বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথাংশত বিশাল কনভয় ৰাখি গাড়ীৰ পৰা নামি পথৰ কাষত থকা কণ কণ শিশু আৰু যুৱক যুৱতী সকলৰ সৈতে কৰমৰ্দন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰে৷ বোকাখাতৰ পৰা কাজিৰঙালৈ ৰাষ্ট্ৰীয় পথাংশত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাবলৈ ঘাইপথৰ দাঁতিত ঠায়ে ঠায়ে বিভিন্ন সংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰি ৰাষ্ট্ৰপ্ৰধানগৰাকীক আদৰণি জনায়৷ উল্লেখ্য, আজি নিশা কাজিৰঙাৰ কঁহৰাত থকা আৰক্ষীৰ অতিথি শালাত কটায়৷ ৭ এপ্ৰিলত পুৱা কঁহৰাৰ কাজিৰঙা নেচনেল পাৰ্ক হাইস্কুলৰ খেলপথাৰৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি দ্ৰৌপদী মুৰ্মুৰে আনুষ্ঠানিক ভাৱে কাজিৰঙাৰ গজ উৎসৱ উদ্বোধন কৰিব৷ বৃহস্পতিবাৰে বিয়লি তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয়৷ বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁৰ বাসস্থান, বিশ্বৰ সৰ্বাধিক এচিয় ম’হ, হাতী, ঢেকীয়া পতীয়া বাঘ, পাঁচ শতাধিকতকৈও অধিক প্ৰজাতিৰ পক্ষী আৰু জৈৱবৈচিত্ৰ্য্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰি দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু উৎফুল্লিত হৈ পৰে৷ তিনি দিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গজ উৎসৱত অংশগ্ৰহণ কৰিবলৈ আজি কাজিৰঙাত উপস্থিত হয় দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু৷ আজিৰ পৰা ৮ এপ্ৰিললৈকে তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাৰ কহঁৰা, বাগৰি আদি কৰি বিভিন্ন ঠাইত অসম আৰু ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়ৰ উদ্যোগত গজ প্ৰকল্পৰ ত্ৰিংশতম বৰ্ষ উপলক্ষে গজ উৎসৱ আৰম্ভ হৈছে৷ এই গজ উৎসৱত অংশগ্ৰহণ কৰিবলৈ অহা দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কন্যা  ইতিশ্ৰী মুৰ্মুৰ সৈতে এখন খোলা জীপছী গাড়ীত উঠি পিছবেলা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ অহা দেশ- বিদেশৰ পৰ্যটকে স’ততে সৰ্বাধিক বন্যপ্ৰাণী দৰ্শন কৰিবলৈ পোৱা বাগৰি বনাঞ্চলত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুয়ে বহু সংখ্যক গঁড়, দুষ্প্ৰাপ্য দল হৰিণাৰ জাক, বনৰীয়া ম’হ, বন গাহৰি, হাতী আদি বন্যপ্ৰাণী দেখা পাই উৎফল্লিত হৈ পৰে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ ডোঙা বিলত প্ৰকাণ্ড প্ৰকাণ্ড চিতল মাছৰ লুটি বাগৰ, জাক জাক উদৰ জল কেলি তথা বিভিন্ন প্ৰজাতিৰ পক্ষী আৰু জৈৱবৈচিত্ৰৰে ভৰপূৰ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক মনোমোহা দৃশ্যই আপ্লুত কৰে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক৷ উল্লেখ্য আজি ৰাষ্ট্ৰপতিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সংগ দিয়ে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু পত্নীয়ে৷ ইফালে, আবেলি যোৰহাটৰ পৰা হেলিকপ্টাৰেৰে ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে বোকাখাত ৰাজহুৱা খেলপথাৰত উপস্থিত হয়৷ বোকাখাতত ৰাজ্যৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ, গোলাঘাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৰাষ্ট্ৰপতিক আদৰণি জনায়৷ বোকাখাতৰ পৰা গাড়ীৰে কাজিৰঙাৰ কহঁৰাত অৱস্থিত আৰক্ষী বিভাগৰ অতিথি গৃহত উপস্থিত হয় দেশৰ ৰাষ্ট্ৰপ্ৰধানগৰাকী ৷ উল্লেখ্য, বোকাখাতৰ পৰা কাজিৰঙালৈ আহোঁতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰশাসনে আয়োজন কৰা বিভিন্ন ঠাইত বিহু, ঝুমুৰকে আদি কৰি ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যক্ৰম ৰাষ্ট্ৰপতিক প্ৰদৰ্শন কৰোৱা হয়৷ অন্যহাতে উদ্যানত জীপ ছাফাৰী কৰি উভতি অহাৰ পিছত কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ আলোচনা গৃহৰ সন্মুখত নিৰ্মাণ কৰা ৰভাত সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে৷ কাইলৈ পুৱা ৬-৩০ বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কহঁৰাৰ মিহিমুখত এলিফেণ্ট ছাফাৰী কৰিব৷ এলিফেণ্ট ছাফাৰী কৰাৰ পিছত অৰ্থাৎ দিনৰ ১০-৩০ বজাত তেওঁ কাজিৰঙা নেচনেল পাৰ্ক হাই স্কুলৰ খেলপথাৰত নিৰ্মাণ কৰা ৰভাত গজ উৎসৱ অনুষ্ঠানিকভাৱে মুকলি কৰি এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব৷ উল্লেখ্য, দ্ৰৌপদী মুৰ্মু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা তৃতীয় গৰাকী ৰাষ্ট্ৰপতি৷ ১৯৮২ চনত প্ৰয়াত ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডী আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আৰু বিগত বৰ্ষত পূৰ্বৰ ৰাষ্ট্ৰপতি ৰাম নাথ ক’ৱিন্দে পত্নী আৰু কন্যাৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল৷ ইফালে কাজিৰঙালৈ ৰাষ্ট্ৰপতিৰ আগমনৰ প্ৰতি লক্ষ ৰাখি নিৰাপত্তাৰ খাতিৰত গোলাঘাটৰ উপায়ুক্তই ৭ এপ্ৰিলত এক নিৰ্দেশ যোগে কাজিৰঙাৰ কেন্দ্ৰস্থান কহঁৰা চাৰিআলিত থকা সকলো দোকান বন্ধ কৰিছে৷ এই লৈ ৰাইজৰ মাজত ভীষণ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ৰাইজৰ প্ৰতিবাদত গোলাঘাটৰ উপায়ুক্তই পুনৰ কহঁৰা চাৰিআলিৰ দোকান বন্ধৰ নিৰ্দেশআনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰে যদিও কাৰ্যক্ষেত্ৰত তাৰ বিপৰীত ছবি দেখা যায়৷ ৰাষ্ট্ৰপতি মুৰ্মূৰ কাজিৰঙা ভ্ৰমণক লৈ বন্ধ কৰা হয় যান-বাহনৰ চলাচল, বন্ধ কৰা হয় হাতী ছাফাৰী, জীপ ছাফাৰী৷ ফলশ্ৰুতিত বিমোৰত পৰে দেশ-বিদেশৰ শ শ পৰ্যটক৷ বন্ধ ৰখা হয় দোকান-পোহাৰ পৰ্যন্ত৷ জ্জ এপ্ৰিলত ৰাষ্ট্ৰপতি মুৰ্মূৱে যোৰহাটৰ পৰা পোনে-পোনে ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীত কাঞ্চনজংঘা পৰ্বত অভিযান-২০২৩ৰ শুভাৰম্ভ কৰিব৷ একেদিনাই তেওঁ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত অনুষ্ঠানতো উপস্থিত থাকিব৷ ৮ এপ্ৰিলত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰত উপস্থিত হৈ তেজপুৰ বায়ুসেনাৰ ঘাটিত ছুখই ৩০ এম কে আই যুঁজাৰু বিমানৰ এক উৰণত অংশগ্ৰহণ কৰিব৷

বায়ুসেনাৰ বিমানেৰে যোৰহাটত নামিল ৰাষ্ট্ৰপতি

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ আজি ভাৰতীয় বায়ুসেনা বাহিনীৰ এখন বিমানেৰে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত অৱতৰণ কৰে৷ ৰাষ্ট্ৰপতিগৰাকীক বিমান বন্দৰত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগ, অসমৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং, মেজৰ জেনেলেৰ পৱনপাল সিঙৰ উপৰিও যোৰহাট জিলা উপায়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক মোহন লাল মিনাই উষ্ম আদৰণি জনায়৷ উল্লেখ্য, বিয়লি প্ৰায় ১.৩৫ বজাত ৰাষ্ট্ৰপতিগৰাকীয়ে বায়ুসেনাৰ বিশেষ বিমানেৰে যোৰহাটত অৱতৰণ কৰে৷ তেওঁক আদৰণী জনোৱাৰ বাবে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ উচ্ছপদস্থ বিষয়াসকলে যোৰহাটত বাহৰ পাতে৷ ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনোৱাৰ পাছতে তেওঁ বায়ুসেনাৰ এখন হেলিকপ্টাৰেৰে কাজিৰঙালৈ উৰা মাৰে৷