Logo
image

ৰাজ্যত ২৭খনলৈ বৃদ্ধি হ’ব টোলগেট

আমাৰ অসম, ৭ এপ্ৰিলঃ টোলগেটৰ কৰ-কাটলে এতিয়া কেকোঁৰা চেপা দিব সৰ্বসাধাৰণ জনতাক৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও শদিয়াৰ পৰা ধুবুৰীলৈ অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথেৰে সমগ্ৰ অসম ঘূৰিবলৈ টোলগেটৰ নামতে যাত্ৰত পৰিশোধ কৰিব লাগিব প্ৰায় ৫ হাজাৰ টকা৷ বৰ্তমান অসমত ৯ খন টোল গেট আছে যদিও অচিৰতেই ৰাষ্ট্ৰীয় ঘাইপথত টোলগেটৰ সংখ্যা বৃদ্ধি পাব ২৭ খনলৈ৷ এক কথাত ২৭ খন টোলগেটত প্ৰতিবাৰ যাত্ৰাতেই পৰিশোধ কৰিব লাগিব নাগৰিকে কষ্টোপাৰ্জিত ধন৷ ২৭ খন টোল গেটেৰে কৰ সংগ্ৰহ কৰিবলৈ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেতলৈ বাট চাই আছে৷ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত টোল গেটৰ সংখ্যা ২৭ খনলৈ বৃদ্ধি পোৱাৰ তথ্য ৰাজহুৱা কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰিছে লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত কাৰ্যকৰী হৈ আছে ৯ খন টোলগেট৷ ইয়াৰোপৰি বৰ্তমান নতুনকৈ আন ৯ খন টোলগেটৰ নিৰ্মাণৰ কাম চলি আছে৷ তদুপৰি ভৱিষ্যতে অতিৰিক্ত ৪ খন টোলগেট নিৰ্মাণৰো পৰিকল্পনা কৰি চৰকাৰে৷ আনহাতে বৰ্তমান ৯ খন টোলগেটৰ পৰা কৰ সংগ্ৰহ চলি থকাৰ বিপৰীতে আন ৫ খন নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিছে৷ অৱশ্যে এই ৫ খন টোলগেটত কৰ সংগ্ৰহ প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই৷ কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ পৰা অনুমোদন পালেই ৰাজ্যৰ সৰ্বমুঠ ২৭ খন টোলগেটৰ পৰা টোলটেক্স সংগ্ৰহ কৰা হ’ব বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে৷ লক্ষণীয় বিষয়টো হৈছে, অসমত বৰ্তমান কাৰ্যক্ষম হৈ থকা ৯ খন টোলগেটতে বিগত পহিলা এপ্ৰিলৰ পৰা ৫-১০ শতাংশ পৰ্যন্ত মাচুল বৃদ্ধি পাইছে৷ গুৱাহাটী সমীপৱৰ্তী নাজিৰাখাটৰ টোলগেটৰ মাচুল ৰাজ্যৰ ভিতৰতে সৰ্বাধিক হিচাপে চিহ্নিত হৈছে৷ লক্ষণীয়ভাৱে দিনচেৰক পূৰ্বে টোলগেটৰ মাচুল বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টোল কৰৰ বিষয়টো অসমৰ চৰকাৰ নহয় বুলিহে দায়সৰাৰ চেষ্টা চলাইছিল৷ ইফালে ৰাজ্যত টোলগেটৰ সংখ্যা ২৭ খনলৈ বৃদ্ধি কৰাৰ চৰকাৰৰ সিদ্ধান্তক লৈ ক্ষোভ ব্যক্ত কৰিছে বিধায়ক অখিল গগৈয়ে৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয়–‘বিজেপি চৰকাৰে ৰাজ্যত ২৭ খন টোলগেট বহুৱাব বিচাৰিছে৷ ইয়াৰ ফলত কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ পৰা শদিয়া পাবলৈ টোলগেটৰ বাবে ৰাইজে কৰ কিমান ভৰিব লাগিব সেয়া নকলেও অনুমেয়৷ টোলগেটসমূহে ৰাইজৰ ওপৰত কৰৰ বোজা অধিক বৃদ্ধি কৰিব৷ ইয়াৰ সমান্তৰালভাৱে খাদ্য সামগ্ৰীৰো মূল্য বৃদ্ধি পাব৷’ অৱশ্যে বিধানসভাত বিভাগীয় মন্ত্ৰীয়ে ৰাজ্যত ২৭ খন টোলগেটৰ পৰা কৰ সংগ্ৰহৰ কথা কলেও জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই অসমত নতুন টোলগেট বহুৱাৰ বাবে ৰাজ্য চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলিহে স্ববিৰোধী মন্তব্য কৰিছে৷ অৱশ্যে কেন্দ্ৰীয় চৰকাৰে কিবা কৰিব বিচাৰিলে সেই সন্দৰ্ভত অৱগত নহয় বুলিও জানিবলৈ দিছে মন্ত্ৰী হাজৰিকাই৷ ইফালে টোলগেটক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ক্ষোভ ব্যক্ত কৰি জনতাক মূৰত বিজেপি চৰকাৰে অতিৰিক্ত কৰৰ বোজা জাপি দিয়া বুলিও অভিহিত কৰিছে৷ অসমৰ সম্পদ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা পথৰ বাবদ যদিগে কৰ দিব লাগে, তেন্তে অসমৰ তেল আৰু কয়লা ঘূৰাই দিবলৈও চৰকাৰক প্ৰত্যাহ৩ান জনাইছে কৃষক মুক্তিয়ে৷