Logo
image

ৰাজ্যৰ ৭,৫২৭খন স্কুল বন্ধ হ’ল

আমাৰ অসম, ৭ এপ্ৰিলঃ জাতি-মাটি-ভেঁটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি চৰকাৰে জাতি আৰু মাটিক সংকটৰ মুখলৈ ঠেলি দিয়াৰ পাছত এইবাৰ মাতৃভাষাৰ লগতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বিগত সময়ছোৱাত ৰাজ্যৰ ৭,৫২৭ খন চৰকাৰী বিদ্যালয়ক একত্ৰিকৰণৰ অচিলাৰে চিৰদিনলৈ বন্ধ কৰি দিলে৷ – এই গুৰুতৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ৷ বৃহস্পতিবাৰে এখন সংবাদ মেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম  সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া, মানস কোঁৱৰ, কাৰ্যকৰী সভাপতি পাপু দত্ত, ৰাহুল চৌধুৰী, কাশ্যপ নন্দন কলিতা, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা আৰু ৰাহুল চেত্ৰীয়ে কয় – অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তনৰ হঠকাৰী সিদ্ধান্ত লোৱাৰ সমান্তৰালভাৱে শিক্ষা বিভাগে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান আৰু গণিত বিষয়ৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰৱৰ্তন কৰিলে৷ যিয়ে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলকো বিপদত পেলাইছে৷ প্ৰথম শ্ৰেণীৰ পৰাই অসমীয়া মাধ্যমত অধ্যয়ন কৰি অহা ছাত্ৰ-ছাত্ৰীসকলে হঠাৎ কেনেকৈ ইংৰাজীত বিজ্ঞান আৰু গণিত অধ্যয়ন কৰিব পাৰিব সেয়া যেন অবুজ সাঁথৰ হৈ পৰিছে৷ শিক্ষা বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ বাবে অসমীয়া ভাষাটো বিদ্যালয়সমূহৰ পৰা চিৰদিনৰ বাবে নোহোৱা হৈ পৰিব৷ চৰকাৰৰ এই সিদ্ধান্ত অসম আৰু অসমীয়া বিৰোধী৷ এই সিদ্ধান্ত কোনো কাৰণতে মানি ল’ব নোৱাৰি৷ এই সিদ্ধান্ত বাতিল কৰিবই লাগিব৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে সকলো ফালৰ পৰা অসমৰ চৰকাৰী বিদ্যালয়সমূহ ধ্বংস কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ বিভিন্ন অজুহাতত চৰকাৰে বিদ্যালয়সমূহক অতি শোচনীয় অৱস্থালৈ অৱনমিত কৰাইছে৷ যাতে অভিভাৱকে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত নামভৰ্তি নকৰায়৷ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰিবৰ বাবে চৰকাৰৰ কোনো ধৰণৰ আঁচনি নাই৷ এই বৰ্ষত নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এসপ্তাহ অতিক্ৰম কৰিলে যদিও বহু বিদ্যালয়ে পাঠ্যপুথি পোৱা নাই৷ ৰাজ্যৰ ২,৯৭৯ খন বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি আছে৷ ১,১৪০ খন বিদ্যালয়ৰ গৃহ এতিয়াও কেঁচা৷ তদুপৰি ৫১১ খন বিদ্যালয়ত বিদ্য়ুৎ সংযোগ নাই আৰু ১,৬১৬ খন বিদ্যালয়ত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা৷ আনহাতে ১৪,৫৮৭ খন বিদ্যালয়ৰ গৃহ জৰাজীৰ্ণ৷ সদনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দিয়া তথ্য অনুসৰি ১৪,৫৮৭ খন বিদ্যালয়ৰ গৃহৰ মেৰামতিৰ প্ৰয়োজন আছে৷ এই বিদ্যালয়সমূহৰ বহুতত বৰষুণ দিলে চালেৰে পানী পৰে, টিনপাত নাই বা টিনপাত মামৰে ধৰিছে৷ বিদ্যালয়ৰ গৃহৰ ভিতৰৰ শ্ৰেণীকোঠা বিভাজিত কৰা দেৱাল নাই৷ শিক্ষণৰ সা-সঁজুলিৰ অভাৱ৷ এই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই৷ সবৰ্শিক্ষাৰ তথ্য মতে সবৰ্শিক্ষাই ২০২০-২১ বৰ্ষত ৫৭.৪ কোটি টকা আৰু ২০২১-২২ বৰ্ষত ৬৮.৯৪ কোটি টকাহে ৰাজ্যৰ প্ৰাথমিক আৰু উচ্ছ প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে খৰচ কৰিছে৷ কিন্তু একেখন চৰকাৰে বিহু পাতিবলৈ শ শ কোটি টকা খৰচ কৰিছে৷ ইখন পাছত সিখন ফ্লাই অভাৰ নিৰ্মাণৰ নামত শ শ কোটি টকা খৰচ কৰি আছে৷ কিন্তু ৰাজ্যৰ শিশুসকলৰ অতি গুৰুত্বপূৰ্ণ গুণগত মানৰ শিক্ষা আজিলৈকে দিয়া নাই৷ নিটি আয়োগৰ তথ্য মতে শিক্ষাত ভাৰতবৰ্ষৰ ভিতৰতে অসমৰ স্থান ২৮ খন ৰাজ্যৰ ভিতৰত ২৪ নং স্থানত আছে৷ যিটো অতি দুখলগা৷ ইয়াৰ পাছতো ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বৰ বৰ কথাৰে শিক্ষা বিভাগৰ ঢাক-ঢোল বজাই আহিছে৷ ডাঃ ৰণোজ পেগুক মাটিলৈ নামি আহি শিক্ষা বিভাগৰ সমস্যাসমূহৰ সৈতে মুখামুখি সাহস দেখুৱাওক৷  সবৰ্শিক্ষাই ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম প্ৰদানৰ নামতো ব্যাপক খেলিমেলি সংঘটিত কৰিছে৷ সবৰ্শিক্ষাৰ তথ্য মতে সবৰ্শিক্ষাই ২০২০-২১ বৰ্ষত  ২২৬.৪১ কোটি টকা আৰু ২০২১-২২ বৰ্ষত ২০২.৮৯ কোটি টকা ইউনিফৰ্মত খৰচ কৰিছে বুলি তথ্য দিছে৷ কিন্তু ইমান টকা খৰচ কৰাৰ পাছতো বহুতো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ইউনিফৰ্ম গোটেই বছৰজুৰি লাভ নকৰিলে৷ ইউনিফৰ্মৰ টকা সবৰ্শিক্ষাৰ বিষয়া আৰু জিলাৰ শিক্ষা বিষয়াসকলে উদৰস্থ কৰে৷ গতিকে ইউনিফৰ্ম কেলেংকাৰিৰ  তদন্ত হ’ব লাগে৷