Logo
image

৩ বছৰতেই এখন এখনকৈ অচল গুৱাহাটীৰ ফুটব্ৰীজ

আমাৰ অসম, ৭ এপ্ৰিলঃ গুৱাহাটী মহানগৰবাসীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা পদসেতু সমূহে এতিয়া মহানগৰবাসীৰ দুৰ্ভোগৰ কাৰণ হৈ পৰিছে৷ মহানগৰীত নিৰ্মাণ কৰা অধিকাংশ পদসেতুৰ এছ্‌কেলেটৰ, লিফ্‌ট অচল হৈ থকাৰ ফলত সৰ্বসাধাৰণ লোকে দুৰ্ভোগ ভুগিব লগীয়া হৈছে৷ বিভাগীয় কতৃৰ্পক্ষৰ দায়িত্বহীনতাৰ বাবে এতিয়া সৰ্বসাধাৰণ নাগৰিকে পথ ইপাৰ সিপাৰ হওঁতে নগুৰ নাগতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ সমান্তৰালকৈ অধিকাংশ পদসেতুৰ লিফ্‌ট বন্ধ হৈ পৰাৰ ফলত বিশেষকৈ জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম লোকসকলে  যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মনকৰিবলগীয়া যে মহানগৰীৰ খানাপাৰা, দিছপুৰ, গণেশগুৰি, পোষ্টঅফিচ, লাচিতনগৰ, শুক্ৰেশ্বৰ মন্দিৰৰ সন্মুখত, ফাঁচী বজাৰ, মলিগাঁও, আদাবাৰীত থকা পদসেতু সমূহেৰে সৰ্বসাধাৰণ ৰাইজে ইপাৰৰ পৰা সিপাৰ হ’বলৈ হ’লে প্ৰতিদিনে নিত্য নতুন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়৷ মহানগৰবাসীয়ে ইপাৰৰ পৰা সিপাৰলৈ যোৱাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে বিজেপি নেতৃত্বাধীন চৰকাৰে মহানগৰীৰ অধিকাংশ পদ সেতুত এছ্‌কেলেটৰ, লিফ্‌টৰ সংযোগ কৰিছিল যদিও সম্প্ৰতি অধিকাংশ অচল হৈ পৰিছে৷ যাৰ ফলত সৰ্বসাধাৰণ লোকে বিশেষকৈ জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম লোক, শিশু, মহিলাসকলে দুৰ্ভোগ ভুগিব লগীয়া হৈছে৷ তেওঁলোকে পথ বিভাজক নথকা বাবে উপায়ন্তৰ হৈ পদসেতু সমূহৰ সহায় ল’ব লগীয়া হয় যদিও পদসেতুত উঠি অচল লিফ্‌টৰ বাবে আৰু অচল এছ্‌কেলেটৰৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হয়৷ বিশেষকৈ মহানগৰীৰ পোষ্ট অফিচত থকা পদসেতুৰ এফালে দীৰ্ঘদিন ধৰি মেৰামতিৰ কাম চলি থকা বাবে বন্ধ কৰি থোৱা এফালে লিফ্‌ট অচল হৈছে, এফালে এছ্‌কেলেটৰ চলাচল কৰে আৰু আনফালে বন্ধ কৰি থোৱাৰ অভিযোগ একাংশ ভুক্তভোগীয়ে উত্থাপন কৰে৷ অৱশ্যে পথ ইপাৰৰ পৰা সিপাৰ হ’বলৈ খট্‌খটিৰ ব্যৱস্থা কৰা হৈছে যদিও অধিকাংশ জ্যেষ্ঠ নাগিৰক, শিশু মহিলাই সেই ওখ ওখ খট্‌খটিত উঠি ইপাৰ-সিপাৰে হোৱাত অসুবিধৰ সন্মুখীন হ’বলগীয়া হয়৷ সেইদৰে গণেশগুৰি, খানাপাৰা আদিৰ পদসেতু সমূহতো সৰ্বসাধাৰণ নাগিৰকে ইপাৰৰ পৰা সিপাৰলৈ যাবলগীয়া হলে এই ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে৷ ইফালে, এছ্‌কেলেটৰেৰে বিপদজনকভাৱে খোজ কঢ়ি যোৱাৰ ফলত বহু লোকে উজুটি খাই পৰি আহত হ’ব লগীয়া হোৱাৰো অভিযোগ উত্থাপন হৈছে৷ আনহাতে, কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ হোৱা লাচিত নগৰৰ পদসেতুখনৰ অৱস্থা তথৈবচ৷ পদসেতুখন চাৰিওফালে ঢাকি দিয়াৰ ফলত লাচিত নগৰৰ পদসেতুখন হৈ পৰিছে অঘৰী লোকৰ আশ্ৰয়স্থলী৷ এই পদসেতুখনত অঘৰী লোকে দিনে নিশাই শুই থকাৰ লগতে শৌচ, প্ৰস্ৰাৱ কৰি পৰিবেশ বিনষ্ট কৰি পেলাইছে৷ সেইদৰে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে সুৰা আদি নিচাজাতীয় সামগ্ৰী দিনে নিশাই সেৱন কৰি থকাৰ লগতে এই পদসেতুৰে ইপাৰ সিপাৰে হোৱা লোকক আক্ৰমণ কৰাৰো অভিযোগ সততে উত্থাপিত হয়৷ গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষ আৰু লোকনিৰ্মাণ বিভাগে গুৱাহাটী মহানগৰবাসিক আন স্মাৰ্ট চিটি সমূহৰ সুবিধাৰ বাবে প্ৰায় তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰি দিয়া পদসেতুসমূহ এখন এখনকৈ অচল হৈ পৰাত গুৱাহাটীবাসীয়ে নিতৌ নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ মহানগৰবাসীৰ এই জ্বলন্ত সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ তথা বিভাগীয় কতৃৰ্পক্ষই কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব৷ নে পদসেতু নিৰ্মাণৰ নামত মহানগৰ বাসীক কেৱল মাত্ৰ চমক দেখুৱাবলৈ লাখ লাখ টকাৰ চৰকাৰে অপব্যৱহাৰ কৰিলে সেয়া লাখটকীয়া প্ৰশ্ন হৈ ৰ’ব৷