Logo
image

গুৱাহাটীৰ বাহিৰত হ’ব বিধানসভাৰ অধিৱেশনো

আমাৰ অসম, ৭ এপ্ৰিলঃ কেৱল ৰাজ্যিক কেবিনেটেই নহয়, এতিয়াৰে পৰা গুৱাহাটীৰ বাহিৰতো অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন৷ নতুন ইতিহাস ৰচনা হ’ব অসম বিধানসভাৰ৷ সকলো ঠিকে থাকিলে অসম বিধানসভাৰ আগন্তুক জুলাই-আগষ্টৰ গ্ৰীষ্মকালীন অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হ’ব৷ বৃহস্পতিবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তত সাংবাদিকৰ আগত এই বৃহৎ ঘোষণা কৰি অসম বিধানসভাৰ  অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে–‘অসম বিধানসভাখন অসমৰ ৰাইজে যাতে ওচৰৰ পৰাই চাব পাৰে, কাম-কাজ নিৰীক্ষণ কৰিব পাৰে প্ৰথমবাৰৰ বাবে বিধানসভাখন বাহিৰত অনুষ্ঠিত কৰিব বিচাৰিছো৷ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ’ব বিধানসভাৰ অধিৱেশন৷ বিধানসভা অবিহনে ৰাজ্যত একো হ’ব নোৱাৰে৷ বিধানসভাতে ৰাজ্যখনৰ জনগণৰ কল্যাণৰ বাবে বিভিন্ন পৰিকল্পনা লোৱা হয়৷ সেই পৰিকল্পনাৰ আধাৰতে আঁচনি লোৱা হয়৷ আঁচনিবোৰৰ দ্বাৰাই ৰাজ্যখন আগুৱাই যায়৷ বিধানসভাৰ কাৰ্যপ্ৰণালী তথা প্ৰক্ৰিয়াৰ বিষয়ে আমাৰ সকলো ৰাইজে জনাটো দৰকাৰ৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শৰ ভিত্তিত আমি কোকৰাঝাৰত প্ৰথমবাৰ দিছপুৰৰ বাহিৰত বিধানসভা অনুষ্ঠিত কৰিম৷ আন্তঃগাঠনি সকলো ঠিকে থাকিলে অতি শীঘ্ৰে কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব৷ কোকৰাঝাৰৰ প্ৰশাসনিক বিষয়াসকল আৰু বিটি আৰৰ প্ৰশাসনিক বিষয়াসকলৰ লগত এই সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব৷ যদিহে কোকৰাঝাৰত সকলো সুযোগ সুবিধা ৰেডি আছে তেন্তে আগন্তুক জুলাইৰ অধিৱেশনেই কোকৰাঝাৰত কৰিব পৰা যাব৷ জিলাখনৰ কলেজ, বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ, ৰাজহুৱা প্ৰেক্ষাগৃহ, বিটি আৰৰ বিধানসভাৰ কক্ষক আমি ব্যৱহাৰ কৰিব পাৰিম৷ পাছলৈ আমি ডিমাহাচাও, তিনিচুকীয়া, ডিব্ৰুগড় আদি ৰাজ্যত বিভিন্ন জিলাত বিধানসভা অনুষ্ঠিত কৰিম৷’ লক্ষণীয় যে দিছপুৰৰ বাহিৰত ৰাজ্যিক কেবিনেট অনুষ্ঠিত কৰাৰ বাবে ৰাজকোষৰ কোটি কোটি টকা অপচয় হোৱা বুলি বিৰোধীয়ে অভিযোগ তোলাৰ মাজতে পুনৰ ব্যয়বহল বিধানসভাৰ অধিৱেশনো জিলাই জিলাই চৰকাৰে পাতিবলৈ ওলোৱাত বহুতৰে চকু কপালত উঠিছে৷