Logo
image

বন্দনাৰ ‘প্ৰেৰণা’তে স্বামীক ঘপিয়াই হত্যা কৰিলে যুতিকাই

আমাৰ অসম, ৭ এপ্ৰিলঃ ভৱানীপুৰত গাৰ্হস্থ্য হিংসাৰ চৰম পৰিণতি৷ গুৱাহাটীৰ যুৱতী বন্দনা কলিতাই কিছুদিন পূৰ্বে স্বামী আৰু শাহুৱেকক হত্যা কৰি মেঘালয়ত শৰীৰৰ অৱশিষ্ট পেলাই দিয়াৰ দৰে প্ৰায় অনুৰূপ ঘটনা এইবাৰ সংঘটিত হৈছে বৰপেটা জিলাৰ ভৱানীপুৰৰ গলিয়াত৷ যুতিকা বৰা নামৰ এগৰাকী মহিলাই সুৰামত্ত স্বামীক দাৰে ঘপিয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আনকি হত্যাকাৰী মহিলাগৰাকীয়ে বন্দনা কলিতাৰ দ্বাৰা প্ৰভাৱিত হৈ এনে নাৰকীয় ঘটনা সংঘটিত কৰিবলৈ অনুপ্ৰাণিত হোৱা বুলিও সংবাদ মাধ্যমৰ আগত অকপট স্বীকাৰোক্তি দিছে৷ সমগ্ৰ বৰপেটা জিলাজুৰি  এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছত হত্যাকাৰী মহিলাগৰাকী ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত গলিয়া গাঁৱত বুধবাৰে নিশা এই ঘটনাটো সংঘটিত হয়৷ ঘটনাটো সংঘটিত হৈছে নিশা প্ৰায় ৯-৩০ বজাত৷ গলিয়া গাঁৱৰ বাসিন্দা তথা গাড়ীৰ হেণ্ডিমেন হিচাপে কৰ্মৰত, দিন হাজিৰা কৰা শ্ৰমিক নিৰঞ্জন বৰাক [৩৭] নিশা তেওঁৰ পত্নী যুতিকা বৰাই [৩৫] নিজৰ শোৱনি কোঠাতেই এখন দাৰে ডিঙিত তিনিটাকৈ ঘাপ মাৰি নিৰ্মমভাৱে হত্যা কৰে৷ যুতিকা বৰাই তেওঁৰ স্বামী নিৰঞ্জন বৰাক হত্যা কৰি মৃতদেহটো গোটেই নিশাটো নিজৰ শোৱনি কোঠাতেই ৰাখি বৃহস্পতিবাৰে পুৱতি নিশা ছবছৰীয়া কন্যাক লগত লৈ ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে৷ ভৱানীপুৰ আৰক্ষী চকীত আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ সন্মুখত স্বামীক হত্যা কৰা সন্দৰ্ভত যুতিকা বৰাই দিয়া স্বীকাৰোক্তি অনুসৰি, নিশা নিৰঞ্জন বৰাই অত্যধিক সুৰাপান কৰি তেওঁক বেয়াকৈ মাৰপিট কৰে৷ তদুপৰি  বৰাই এগৰাকী আঠ বছৰীয়া, এগৰাকী ছয় বছৰীয়া কন্যা আৰু শাহুৱেক তথা যুতিকা বৰাৰ মাতৃৰ ওপৰতো আক্ৰমণ চলায়৷ নিৰঞ্জন বৰাই নিজৰ পত্নী যুতিকা বৰাক এখন দাৰে কাটিবলৈ চেষ্টা চলাইছিল৷ অৱশেষত যুতিকা বৰাই আন এখন দা লৈ স্বামীৰ ডিঙিত কেইবাটাও ঘাপ মাৰে৷ পত্নীৰ দাৰ ঘাপত নিৰঞ্জন বৰাৰ শোৱনি কোঠাতেই মৃত্যু হয়৷ স্বামী বৰাক হত্যা কৰি যুতিকা আৰু পৰিয়ালৰ আন সদস্যসকলে নিৰঞ্জনৰ মৃতদেহটো নিজ গৃহৰ শোৱনি কোঠাতেই ৰাখি থয়৷ এই হত্যাকাণ্ড সন্দৰ্ভত  গোটেই নিশাটো গাঁৱৰ কোনো লোকে গম পোৱা নাছিল৷ বৃহস্পতিবাৰে পুৱাতেই স্বামী হত্যাকাৰী যুতিকাই নিজৰ কনিষ্ঠা কন্যাক লগত লৈ ভৱানীপুৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰে৷ দহ বছৰ পূৰ্বে গোলাঘাটৰ বাসিন্দা নিৰঞ্জন বৰাৰ সৈতে ভৱানীপুৰৰ গলিয়াৰ যুতিকাৰ প্ৰেম বিবাহ সম্পন্ন হৈছিল৷ বিবাহৰ পিছৰে পৰা নিৰঞ্জন বৰাই পত্নী যুতিকাৰ পিতৃগৃহত স্থায়ীভাৱে বসবাস কৰিছিল৷ সম্প্ৰতি স্বামী-স্ত্ৰী, এগৰাকী আঠ বছৰীয়া কন্যা, এগৰাকী ছয় বছৰীয়া কন্যা আৰু যুতিকাৰ বৃদ্ধা মাতৃ সহ মুঠ পাঁচজনীয়া পৰিয়ালটোৱে গলিয়া গাঁৱত বসবাস কৰিছিল৷ স্বামী হত্যাকাৰী যুতিকাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে– বিবাহৰ পিছৰে পৰা প্ৰতিদিনে নিৰঞ্জনে সুৰাপান কৰি পত্নী, বৃদ্ধা শাহুৱেকৰ ওপৰত শাৰীৰিকভাৱে অত্যাচাৰ চলাই আহিছিল৷ বিগত বৰ্ষত নিৰঞ্জন বৰাই নিজৰ পৰিয়ালৰ সদস্যৰ ওপৰত অত্যাচাৰ চলাই ওচৰৰ পৰিয়ালৰ বাসগৃহ চৌহদত থকা ধান খেৰৰ পূজিত জুই লগাই দিয়াৰ অভিযোগত নিৰঞ্জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈও প্ৰেৰণ কৰাত প্ৰায় ছমাহ কাৰাবাস খাটিছিল নিৰঞ্জনে৷ জে’লৰ পৰা মুকলি হৈ অহাৰ পাছৰে পৰা নিৰঞ্জনে ধাৰাবাহিকভাৱে শাৰীৰিক অত্যাচাৰ চলাইছিল নিজৰ পত্নী, কন্যা, শাহুৱেকৰ ওপৰত৷ যাৰ ফলশ্ৰুতিতেই যুতিকাই নিজৰ স্বামীক দাৰে ঘপিয়াই হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে৷ তদুপৰি পূৰ্বে ৰাজ্য কপোৱা বন্দনা কলিতা নামৰ এজনী মহিলাই নিজৰ স্বামী আৰু শাহুৱেকক কৰা হত্যাকাণ্ডক অনুসৰণ কৰিয়েই যুতিকা বৰাই নিজৰ সুৰামত্ত স্বামীক দাৰে ঘপিয়াই হত্যা কৰা বুলিও স্বীকাৰ কৰিছে৷ যুতিকাৰ ভাষ্য– ‘বন্দনা কলিতাই যদি নিজৰ স্বামীক মাৰিব পাৰে, ময়ো মাৰিব পাৰোঁ, মই অত্যাচাৰ সহ্য কৰি থকাতকৈ৷ মই দাখন কিনি আনোতে ভাবিছিলো, কিবা যদি অত্যাচাৰে কৰে এইবাৰ ঘপিয়াই দিম৷ বন্দনা কলিতাই নিজৰ গিৰিয়েকক হত্যা কৰা বুলি শুনিছিলো৷ ময়ো ইয়াক ঘপিয়াই দিলোঁ৷ নহ’লে উপায় নাই৷ মই বন্দনা কলিতাৰ হত্যাকাণ্ডৰ দ্বাৰা প্ৰভাৱিত হৈ  এনে ঘটনা সংঘটিত কৰাৰ বাবে অনুপ্ৰাণিত হৈছোঁ৷’