Logo
image

২৪ ঘণ্টাত ৬ হাজাৰৰো অধিক লোক ক'ভিড পজিটিভঃ নতুন লহৰৰ আশংকাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

ডিজিটেল ডেস্কঃ বিগত কেইদিনমানৰ পৰা দেশত পুনৰ বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ৷ বিগত ২৪ ঘণ্টাত ৬,০৫০ জন লোক ক'ভিডত আক্ৰান্ত হৈছে৷ ক'ভিডৰ বৰ্ধিত সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ দেশৰ জনতাক ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ বাবে আহ্বান জনাইছে চৰকাৰে৷ ৰাজ্য চৰকাৰসমূহক ক'ভিড নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় সকলো সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰই৷

ইয়াৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই দিল্লীত স্বাস্থ্য বিশেষজ্ঞসকলৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয় ৷ দেশত ক্রমাৎ ক'ভিড আক্রান্তৰ সংখ্য়া বৃদ্ধি পোৱাক লৈ উদ্বেগ প্রকাশ কৰে স্বাস্থ্যমন্ত্ৰীয়ে৷ বৈঠকত ক'ভিড টেষ্টৰ লগতে ক'ভিড প্ৰটকলৰ বিষয়ে আলোচনা কৰা হয়৷

বৈঠকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে কয় যে আমি ভয় খোৱাৰ প্ৰয়োজন নাই৷ আমি সজাগ হ’ব লাগিব৷ তেওঁ সকলো স্বাস্থ্যমন্ত্ৰীকে ক'ভিডৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহৰ স্বাস্থ্য ব্যৱস্থা আৰু চিকিৎসালয় আন্তঃগাঁথনি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে ১০ আৰু ১১ এপ্ৰিলত সমগ্ৰ দেশতে ক'ভিড সন্দৰ্ভত মকড্ৰীল আয়োজনৰ সন্দৰ্ভতো আলোচনা কৰে৷ তদুপৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে সকলো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীক চিকিৎসালয় পৰিদৰ্শনৰো নিৰ্দেশ দিয়ে৷