Logo
image

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানত ড০ ৰঙ্গ ৰঞ্জন দাসৰ ৬খনকৈ গৱেষণামূলক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত  ড০ ৰঙ্গ ৰঞ্জন দাসৰ ৬খন গৱেষণামূলক গ্ৰন্থ কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে। জনগোষ্ঠীয় সংস্কৃতি আৰু পৰম্পৰাগত ন্যায় ব্যৱস্থাৰ আধাৰত, ক্ষেত্ৰভিত্তিক সমলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৱেষণা প্ৰতিষ্ঠানে ভাৰত চৰকাৰৰ ন্যায় বিভাগ, আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত প্ৰকাশ কৰি উলিয়াইছে গ্ৰন্থকেইখন । 

মূলত: উত্তৰ-পূৰ্বাঞ্চলৰ ৬টা মূল জনগোষ্ঠী বড়ো, তিৱা, জেমি  নগা, ৰাভা, অৰুণাচলৰ নাচি জনগোষ্ঠী আৰু ত্ৰিপুৰাৰ হালাম জনগোষ্ঠীৰ সমাজ, সংস্কৃতি আৰু প্ৰচলিত পৰম্পৰাগত আইন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আলোকপাত কৰা গ্ৰন্থ কেইখন হৈছে- দ্যা বৰ'ছ অব্ আছাম : ইথনোগ্ৰাফী, কালচাৰ এণ্ড কাষ্ট'মাৰী ল', দ্যা তিৱাছ অব্ আছাম: ইথনোগ্ৰাফী, কালচাৰ এণ্ড কাষ্ট'মাৰী ল', দ্যা জেমি নাগাছ অব্ আছাম : ইথনোগ্ৰাফী, কালচাৰ এণ্ড কাষ্ট'মাৰী ল', দ্যা ৰাভছ অব্ নৰ্থ ইষ্ট ইণ্ডিয়া : ইথনোগ্ৰাফী, কালচাৰ এণ্ড কাষ্ট'মাৰী ল', দ্যা হালামছ অব্ ত্ৰিপুৰা : ইথনোগ্ৰাফী, কালচাৰ এণ্ড কাষ্ট'মাৰী ল' আৰু দিচকোৰ্চ অন এ ট্ৰাইব অব্ অৰুণাচল প্ৰদেশ। এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ মেহতা‌‌ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।