Logo
image

গুৱাহাটীত কিন্নৰৰ সন্ত্ৰাসঃ টকা বিচাৰি হাৰাশাস্তি কৰে বাছযাত্রীক, বিচৰা ধন নিদিলে যাত্রীক প্ৰহাৰ কৰিবলৈ উন্মত্ত হয় কিন্নৰৰ দল

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীত এতিয়া চলিছে কিন্নৰৰ সন্ত্ৰাস। গুৱাহাটীৰ চাৰিওফালে এতিয়া পিয়াপি দি ফুৰিছে বহিঃৰাজ্যৰ পৰা অহা কিন্নৰে। বিগত কেইবছৰ মানৰ ভিতৰত গুৱাহাটী মহানগৰীত অভাৱনীয়ভাৱে বৃদ্ধি হৈছে বহিঃৰাজ্যৰ পৰা কিন্নৰৰ সংখ্যা। যাৰ ফলত প্ৰতিদিনে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে নানা অপৰাধমূলক ঘটনা।

মহানগৰীৰ অলিয়ে গলিয়ে সন্ত্ৰাস চলাই ফুৰা কিন্নৰসকলে পূর্বে কেৱল পুৰুষক ধন বিচাৰি হাৰাশাস্তি কৰি ফুৰিছিল। কিন্তু এতিয়া কিন্নৰৰ অত্যাচাৰৰ পৰা মহিলাসকলো হাত সাৰি যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। যাত্রীৰ পৰা ধন নাপালে অভিশাপ দিম বুলি যান্ত্ৰিক ধমকি দিয়াৰ উপৰিও হাত, মূৰত ধৰি টকা বিচাৰি যাত্ৰীক হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে। বিচৰা ধন নাপালে যাত্ৰীক অভব্য আচৰণ কৰাই নহয় শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো লক্ষ্য কৰি লয়।

তাৰমাজতে একাংশ ছদ্মবেশীয়ে কিন্নৰৰ ৰূপ লৈ ধন দাবী কৰি হাতে-লোতে ধৰা পৰাৰ ফলত জনগণে উত্তম-মাধ্যম সোধোৱাৰো উদাহৰণ গুৱাহাটী মহানগৰীত সঘনাই ঘটি থাকে। ইতিপূৰ্বে মহানগৰীৰ মালিগাঁৱৰ ৰাজপথত  কিন্নৰৰ দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাতৰ ফলত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। শুকুৰবাৰেও হাতীগাঁও থানাৰ সন্মুখত  কিন্নৰৰ এটা ফৈদে আন এটা ফৈদৰ বিৰুদ্ধে অনৈতিক কাৰ্যকলাপ চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে শুকুৰবাৰে মহানগৰীৰ গণেশগুৰি দিশৰ পৰা এখন চিটি বাছ ভঙাগড় বাছ আস্থানত ৰাখোৱাৰ সময়ত তিনিটা কিন্নৰে বাছৰ ভিতৰত প্ৰৱেশ কৰি প্ৰতিজন যাত্ৰীক টকা বিচাৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী যাত্ৰীয়ে। যাত্ৰীগৰাকীয়ে কৰা অভিযোগ অনুসৰি ভঙাগড় বাছ আস্থানৰ পৰা চিটি বাছখনত উঠা এজন কিন্নৰে প্ৰথমে  হাতত ধৰি, মূৰত ধৰি টকা বিচাৰি জোৰ-জুলুম কৰে আৰু টকা নিদিয়া বাবে যাত্ৰীগৰাকীৰ বেগটো টানি-আজুৰি নিবলৈ চেষ্টা কৰে। এনেতে বাছখনত হুৱা-দুৱা লগাত আৰু যাত্ৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত কিন্নৰটোৱে আন দুটা কিন্নৰৰ সৈতে বাছৰ পৰা নামি দৌৰি পলায়ন কৰে। এনেধৰণৰ ঘটনা প্ৰতিদিনে গুৱাহাটী মহানগৰীত সংঘটিত হোৱাৰ সততে অভিযোগ উত্থাপন হয়। 

অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা গুৱাহাটী মহানগৰীত বহি:ৰাজ্যৰ পৰা অহা কিন্নৰসকলে এতিয়া যিকোনো গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ শংকাত ভুগিছে মহানগৰীৰ সচেতন নাগৰিকে। মহানগৰীত প্ৰতিদিনে বৃদ্ধি পোৱা চুৰি-ডকাইটিৰ ঘটনাত বহিঃৰাজ্যৰ পৰা অহা কিন্নৰসকলেও ইন্ধন যোগোৱা বুলি অভিযোগ উত্থাপিত হৈছে। কেৱল মহানগৰীৰ চিটি বাছতে নহয় ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যৰ টোলগেট সমূহতো চলিছে কিন্নৰৰ সন্ত্রাস। গুৱাহাটী মহানগৰীত কাৰ ছত্ৰছায়াত চলিছে কিন্নৰৰ ছিণ্ডিকেট? আৰক্ষী প্ৰশাসনৰ সন্মুখতে দিন দুপৰতে প্ৰতিখন চিটি বাছতে কিন্নৰে যাত্ৰীক কেনেকৈ অত্যাচাৰ কৰিবলৈ সুবিধা পায় ? কিয় কেৱল মাত্ৰ গুৱাহাটী মহানগৰীতে অবাধে কিন্নৰসকলে প্ৰৱেশ কৰাৰ সুবিধা লাভ কৰে?  তেওঁলোকৰ সংখ্যা কিবা পঞ্জীয়ন হয় নে? নে এনেদৰে বহি:ৰাজ্যৰ পৰা গুৱাহাটী মহানগৰীলৈ কিন্নৰৰ সোঁত বৈয়ে থাকিব। সেয়া সচেতন মহানগৰবাসীৰ বাবে প্রশ্ন হৈ উঠিছে। 

গুৱাহাটী মহানগৰীৰ খানাপাৰা, বেলতলা বজাৰ, গণেশগুৰি, ভঙাগড়, লাচিত নগৰ, পল্টন বজাৰ আদি সকলো বাছ আস্থানতে মানুহক জোৰ-জুলুম কৰি ধন ঘটি থকা বহু কিন্নৰে মাহেকত হাজাৰ হাজাৰ টকা ঘটি ৰমৰমীয়া ব্যৱসায় চলাই আছে। আইনগতেভাৱে তেওঁলোকৰ বাবে বহু সুবিধা চৰকাৰে কৰি দিয়াৰ পাছতো এনেদৰে মানুহক ভয়-ভীতি দেখুৱাই ভিক্ষা বিচাৰি হাৰাশাস্তি কৰি মহানগৰীত সন্ত্রাসৰ সৃষ্টি কৰিছে। মহানগৰীৰ এক সুস্থ পৰিবেশ ব্যাহত কৰাত কিন্নৰসকলে ইন্ধন যোগাইছে। এটাৰ পিছত আনটো অপৰাধৰ লগত কিন্নৰ জড়িত থকা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত কিন্নৰৰসকলৰ দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা দেখিবলৈ পোৱা যায়।

কিছুদিন পূৰ্বে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এগৰাকী মহিলা সাংবাদিকক এগৰাকী কিন্নৰে বেয়া ব্যৱহাৰ কৰা বুলি জানিবলৈ পোৱা গৈছিল। ঘটনা সংক্রান্তত মহিলা সাংবাদিকগৰাকীয়ে ধূপধাৰা আৰক্ষী চকীত এক গোচৰো ৰুজু কৰিছিল। ইফালে গুৱাহাটী মহানগৰীৰ ভৰলুত এগৰাকী কিন্নৰে ১৪ বছৰীয়া কিশোৰক ধর্ষণ কৰাৰ এক অভিযোগ উত্থাপন হৈছে। হাতীগাঁৱৰ এগৰাকী কিন্নৰে ১৪ বছৰীয়া কিশোৰ ধর্ষণ কৰাৰ অভিযোগত ইতিমধ্যে কিন্নৰগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলিও জানিব পৰা গৈছে। ইফালে কিন্নৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ মহানগৰীৰ পল্টন বজাৰত ব্যৱসায়ীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্নৰসকলে ব্যৱসায়ীসকলৰ পৰা জোৰ কৰি টকা তথা দোকানৰ সামগ্ৰী নিয়ে বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ব্যৱসায়ীসকলে। ইপিনে, মাজনিশা মহানগৰীত কিন্নৰৰ সন্ত্ৰাস চলাই এহাল দম্পতীক বেয়াকৈ আক্ৰমণ,কৰি মূমূৰ্ষু অৱস্থাত হাস্পতালত ভৰ্তি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছিল। মাজনিশা পল্টনবজাৰত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

গুৱাহাটী মহানগৰীত এইধৰণৰ সন্দেহজনক লোকৰ প্ৰৱেশত কিয় বাধা আৰোপ কৰা নহয়। কাৰ লাভৰ স্বাৰ্থত এইধৰণৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে তাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ মহানগৰীৰ একাংশ সচেতন লোকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।