Logo
image

ফেচবুক, টুইটাৰত চৰকাৰক সমালোচনা নিষিদ্ধ কৰাৰ যো-জা

আমাৰ অসম, ৮ এপ্ৰিলঃ অসম্পূৰ্ণ কিম্বা অদ্ধৰ্সত্য তথ্য বা ‘প্ৰপাগাণ্ডা’ৰ জৰিয়তে নৰেন্দ্ৰ মোদী চৰকাৰক ছ’চিয়েল মিডিয়াত সমালোচনা কৰাৰ দিন উকলিল৷ ফেচবুক, টুইটাৰত সঁচাই-মিছাই বিভিন্ন তথ্য আপলোড কৰি ছ’চিয়েল মিডিয়াত চৰকাৰৰ বিৰুদ্ধে অথবা পৰোক্ষভাৱে শাসনাধিষ্ঠিত দলৰ বিৰুদ্ধে চলি থকা অভিযান বন্ধ কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে এটা ‘ফেক্ট চেক বডী’ বা তথ্য প্ৰমাণকাৰী গোট গঠন কৰাৰ সিদ্ধান্ত লৈছে৷ সেই ‘ফেক্ট চেক বডী’য়ে ছ’চিয়েল মিডিয়াত চৰকাৰ সম্পৰ্কীয় যিবোৰ আংশিক সত্য আৰু ভুল তথ্য থকা বিষয় দেখিব সেয়া অবিলম্বে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই পেলাব৷ চৰকাৰৰ বিৰুদ্ধে চলা প্ৰচাৰ কিম্বা অপপ্ৰচাৰ ৰোধৰ বাবে সমালোচনা কলিতে মোহাৰি পেলোৱাৰ এই পৰিকল্পনা কৰি আইনকে সলনি কৰিছে মোদী চৰকাৰে৷ কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে এখন চৰকাৰী জাননীৰ জৰিয়তে তথা প্ৰযুক্তি আইন, ২০২১ৰ সংশোধন ঘটাই এই ‘ফেক্ট চেক বডী’ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷  ছ’চিয়েল মিডিয়াত সাধাৰণ ব্যৱহাৰকাৰীয়ে চৰকাৰক  কৰা সমালোচনাৰ বিৰুদ্ধে মোদী চৰকাৰে উচ্ছতম ন্যায়ালয়কো আওকাণ কৰি আৰক্ষীৰ জৰিয়তে কঠোৰ পদক্ষেপ লোৱাৰ বাবে সৰ্বত্ৰে চৰকাৰখন প্ৰায়েই সমালোচিত হৈ আহিছিল৷ এইবাৰ আইন সলনি কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ আৰু তেওঁলোকে আপলোড কৰা তথ্য একেবাৰে নিশ্চিহ্ন কৰি পেলাবলৈ মোদী চৰকাৰে যিদৰে আইনকে সংশোধন কৰি পেলালে সেই লৈ অধিক সমালোচনা আৰম্ভ হৈছে৷  কিয়নো মূল সুঁতিৰ সংবাদ মাধ্যম নহ’লেও যদু-মধু-হৰিয়ে ব্যৱহাৰ কৰা ছ’চিয়েল মিডিয়া এতিয়া সৰ্বজনপ্ৰিয় সংবাদ মাধ্যম হিচাপে গ্ৰহণযোগ্য হৈ পৰিছে৷ তেনে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিবলৈ বা প্ৰকাশিত তথ্য মোহাৰি পেলাবলৈ মোদী চৰকাৰে যি নিকপকপীয়া বন্দোৱস্ত কৰিছে, সেয়া দেখি বহুতেই আশ্চৰ্য প্ৰকাশ কৰিছে৷ অৰ্থাৎ ছ’চিয়েল মিডিয়াকো মোদী চৰকাৰে এতিয়াৰ পৰা কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিব৷ মেইন ষ্ট্ৰীম সংবাদ মাধ্যমক মোদী চৰকাৰে নিয়ন্ত্ৰণ কৰি হাতৰ মুঠিত ৰখা বুলি সততে সমালোচনা হৈ থাকে৷ বিভিন্ন উপায়েৰে মোদী চৰকাৰে  দেশৰ মূল সুঁতিৰ সংবাদ মাধ্যমক নিজৰ পক্ষে ৰাখিবলৈ সক্ষম হৈছে৷ সেয়ে এতিয়া ভাৰতৰ দুই-এটা সংবাদ প্ৰতিষ্ঠানক বাদ দি আন সকলোকে গোডী মিডিয়া বুলি অভিহিত কৰা হয়৷ অন্যাৰ্থত ভাৰতত এতিয়া মুক্ত সাংবাদিকতা বা সাংবাদিকতাৰ স্বাধীনতা বিৰলতম৷ সাংবাদিকতাৰ স্বাধীনতা দেশত এতিয়া চৰকাৰ নিৰ্ভৰ৷ এনে সময়ত একমাত্ৰ ছ’চিয়েল মিডিয়াই মুক্ত আছিল, য’ত সৰ্বসাধাৰণে নিজৰ মনোভাৱ প্ৰকাশ কৰিব পাৰিছিল৷ ইয়াৰ ফলত ছ’চিয়েল মিডিয়াৰ গ্ৰহণযোগ্যতা ভাৰতত অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল৷ অৱশ্যে তাৰ মাজতে উদ্দেশ্যপ্ৰণোদিতভাৱে অনেক সংগঠন বা দলে ছ’চিয়েল মিডিয়াত ভুল তথ্য প্ৰচাৰ কৰাটো  নোহোৱা নহয়৷ একেদৰে বিৰোধী দলক শলঠেকত পেলাবলৈ শাসনাধিষ্ঠিত বিজেপিয়েও ‘আইটি চেল’ খুলি নিৰন্তৰ ভুল তথ্য প্ৰচাৰ কৰি থাকে৷ যেনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ ভাগিনীয়েকৰ লগত ভাৰত জোড়ো যাত্ৰাৰ অনুষ্ঠানত বহি থাকোতে এগৰাকী শীৰ্ষ বিজেপি নেত্ৰীয়ে ৰাহুল গান্ধীয়ে অচিনাক্ত কিশোৰীৰ হাতত ধৰি থকা বুলি কুৎসা ৰটনা কৰিছিল৷ তেওঁৰ সেই টুইটাৰ পোষ্ট নিমিষৰ ভিতৰতে বিজেপি চেলে সমগ্ৰ দেশত বিয়পাই দিছিল৷ ভাৰত জোড়ো যাত্ৰাৰ কোনো এক স্থানত ৰুটি খাই থকা ৰাহুল গান্ধীৰ সন্মুখত থকা পানীৰ গিলাচ এটাৰ ঠাইত ফটোশ্বপেৰে  মদৰ গিলাচ এটা বহুৱাই দি আইটি চেলে বহুল প্ৰচাৰ কৰিছিল৷ অন্যান্য দলেও বিজেপিৰ মন্ত্ৰী, ঘাইকৈ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে তেনে ভুল আৰু অপপ্ৰচাৰ চলোৱাৰ উদাহৰণ নথকা নহয়৷ কিন্তু সেয়া তেনেই সামান্য৷ কিয়নো মোদীৰ বিৰুদ্ধে ভাৰতৰ ইমূৰত ছ’চিয়েল মিডিয়াত বেয়াকৈ মন্তব্য কৰিলে অসমৰ আৰক্ষীয়েও বিমানবন্দৰৰ পৰাই  কংগ্ৰেছ নেতাক [পৱন খেড়া] গ্ৰেপ্তাৰ কৰাৰ শেহতীয়া উদাহৰণ আছে৷ সেয়ে সাধাৰণ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মোদী-অমিত শ্বাহ দূৰৰে কথা, আন নেতা-মন্ত্ৰীৰ বিৰুদ্ধেও ছ’চিয়েল মিডিয়াত মিছা তথ্য প্ৰচাৰ কৰিবলৈ সাহস নকৰে৷ দেশৰ এই পৰিস্থিতিৰ বিষয়ে মোদী চৰকাৰ ভালদৰেই অৱগত৷ তথাপি চৰকাৰৰ বিৰুদ্ধে যাতে সামান্যতমো সমালোচনা নুঠে, সেয়া নিশ্চিত কৰাৰ বাবেই আইন সলনি কৰি মোদী চৰকাৰে এখন ‘ফেক্ট চেক বডী’ গঠনৰ সিদ্ধান্ত লৈছে৷ এই ‘ফেক্ট চেক বডী’খন থাকিব কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনত৷ তেওঁলোকে ছ’চিয়েল মিডিয়াত ভুল তথ্য থকা চৰকাৰৰ কোন কোন বিষয়ে প্ৰকাশ পাইছে সেয়া নিৰন্তৰ নিৰীক্ষণ কৰি থাকিব৷ যদিহে ছ’চিয়েল মিডিয়াৰ কোনো তথ্যত সামান্যতমো ভুল থাকে, তেন্তে সেই তথ্য লগে লগে ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা পৰিহাৰ কৰা হ’ব৷ সেই ব্যৱস্থা হাতত ল’ব পৰাকৈ ‘ফেক্ট চেক বডী’ৰ আইনী ক্ষমতা থাকিব৷ ইয়াৰ ফলত এতিয়াৰ পৰা ফেচবুক, টুইটাৰ, ইউটিউব, ইনষ্টাগ্ৰাম ইত্যাদিত নূ্যনতম ভুল থকা চৰকাৰী তথ্য কোনেও আপলোড কৰিব নোৱাৰিব৷ উদাহৰণ হিচাপে– সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নাতকোত্তৰ ডিগ্ৰীৰ এখন প্ৰমাণ-পত্ৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ ঘূৰি আছে, য’ত ইউনিৰ্ভাচিটী শব্দটো ভুলকৈ লিখা আছে৷ তেনেধৰণৰ তথ্য এতিয়াৰ পৰা প্ৰচাৰ কৰাটো সম্ভৱ  নহ’ব৷ সেই ক্ষেত্ৰত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তথ্য ক’ৰ পৰা পালে তাৰ উৎসলৈকে ‘ফেক্ট চেক বডী’য়ে অনুসন্ধান কৰাৰ ক্ষমতা থাকিব আৰু তেওঁলোকে তেনে আপডেট নিমিষতে ছ’চিয়েল মিডিয়াৰ পৰা নিশ্চিহ্ন কৰি দিব৷ সমালোচনাৰ এটা শব্দও চৰকাৰৰ প্ৰতি নহাকৈ আইন সংশোধন কৰি মোদী চৰকাৰে এই নিকপকপীয়া ব্যৱস্থা গ্ৰহণ কৰিছে৷