Logo
image

ৰাষ্ট্ৰপতিৰো বিহু বিহু লাগিছে গাত

আমাৰ অসম, ৮ এপ্ৰিলঃ ৰাজ্যৰ আকাশে-বতাহে এতিয়া ৰঙালীৰ পাৰ ভঙা উছাহ৷ বাপতি সাহোন ব’হাগ বিহুক আদৰাৰ বাবে এনেয়ে ৰাজ্যবাসীৰ হেপাহৰ অন্ত নাই, তাতে আকৌ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পহিলা বিহুৰ দিনটোতে চৰকাৰী উদ্যোগত গঢ়া হ’ব বিহুৰ বিশ্ব ৰেকৰ্ড৷ দহ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে গুৱাহাটীৰ  সৰুসজাই ষ্টেডিয়ামত একেলগে বিহু গাই গঢ়িব গীণিজ বুক অব ৰেকৰ্ড৷ অসমলৈ আহি ৰাজ্যৰ বিহুকেন্দ্ৰিক ব্যস্ততাৰ যেন ঠিকেই উমান পালে দেশৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে৷ কাজিৰঙা আৰু গুৱাহাটীত দুটাকৈ কাৰ্যসূচীত ভাগ লৈ ৰাষ্ট্ৰপতিয়ে বাৰম্বাৰ উল্লেখ কৰিলে অসমৰ সমাগত ৰঙালী বিহুৰ প্ৰসংগ৷ শুকুৰবাৰে প্ৰথমে কাজিৰঙাত অসম আৰু ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত ‘গজ’ উৎসৱৰ শুভাৰম্ভ কৰি ৰাষ্ট˜পতিয়ে ৰাজ্যবাসীক আগন্তুক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰি কয় যে– ‘মই অসমৰ বিহু চাই অভিভূত হৈ পৰিছোঁ৷ মই ৰাজহুৱা জীৱনত বিভিন্ন ৰাজ্যৰ সংস্কৃতি দেখিছোঁ৷ কিন্তু অসমৰ বিহু অনন্য আৰু অভিন্ন৷ ইয়াক সজাই ৰখাই দায়িত্ব আপোনালোকৰ৷’ ইফালে, সন্ধিয়া গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানত উপস্থিত থাকি আইন আৰু ন্যায়পালিকা সম্পৰ্কীয় তত্বগধুৰ ভাষণৰ মাজতে ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰিবলৈ নাপাহৰিলে বিহুৰ প্ৰসংগ৷ মহামহিম ৰাষ্ট্ৰপতিয়ে ভাষণত ক’লে– ‘ৰাজ্যত এতিয়া উৎসৱৰ বতৰ৷ বতাহত ৰঙালীৰ গোন্ধ৷ মই অসমৰ ৰাইজক হিয়াভৰা শুভেচ্ছা জনাইছোঁ৷’ উল্লেখ্য যে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, ভাৰতৰ মুখ্য ন্যায়ধীশ ড॰ ডি ৱাই চন্দ্ৰচূড়, কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে গুৱাহাটী উচ্ছ ন্যালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা, উচ্ছতম ন্যায়লয়ৰ ন্যায়াধীশসকল, জম্মু-কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিং, তেলেংগানা উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞাকে ধৰি বহুসংখ্যক ন্যায়াধীশ, অধিবক্তা তথা চৰকাৰী উচ্ছ পদস্থ বিষয়া আৰু গণ্যমান্য ব্যক্তি উপস্থিত থকা মহাৰজত জয়ন্তীৰ অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়– ‘গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দেশৰ আইন ব্যৱস্থাত এক সুকীয়া মৰ্যাদা আছে৷ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উপলক্ষে মই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ সৈতে জড়িত সকলো পক্ষকে অভিনন্দন জনাইছোঁ৷ সংবিধানে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিককে সম অধিকাৰ দিছে৷ অৰ্থনৈতিক আৰু সামাজিক ন্যায়ো দেশৰ ন্যায় ব্যৱস্থাই সামৰি লৈছে৷ পৰিৱেশ ধবংস আৰু অসন্তুলনে বিশ্বৰ বিভিন্ন সম্প্ৰদায়ৰ প্ৰতি অন্যায় কৰিছে৷ ইক’লজিকেল জাষ্টিছৰ প্ৰতিও আমি চকু দিব লাগিব৷ ন্যায় প্ৰশাসনত প্ৰযুক্তিৰ প্ৰয়োগৰ গুৰুত্ব বৃদ্ধি পাইছে৷’ উল্লেখ্য, আজিৰ অনুষ্ঠানতে ৰাষ্ট্ৰপতি মুৰ্মুৱে মহিলাৰ সুৰক্ষাৰ বাবে গুৱাহাটী উচ্ছ ন্যায়ালয়ে প্ৰস্তুত কৰা ‘ভৰসা’ নামৰ এটা এপ মুকলি কৰে৷ ইফালে, কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰণ ৰিজিজুৱে অনুষ্ঠানত ভাষণ দি কয় যে ‘ন্যায় ব্যৱস্থাৰ স্বতন্ত্ৰতা প্ৰতিজন নাগৰিকৰ বাবেই অতি প্ৰয়োজনীয়৷ চৰকাৰ আৰু আইন ব্যৱস্থাৰ মতবিৰোধ থাকিব নালাগে৷’ আনহাতে, জৰুৰীকালীন সময়ত গুৱাহাটী উচ্ছ ন্যায়ালয় বহু সঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ড॰ ডি ৱাই চন্দ্ৰচূড়ে৷ ইফালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে– ‘গুৱাহাটী উচ্ছ ন্যায়ালয়ে সাধাৰণ জনতাৰ কাষত থিয় হৈ ত্ৰাণকৰ্তা হিচাপে নিজৰ ভূমিকা পালন কৰি আহিছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয় প্ৰতিষ্ঠাৰ সময়ৰে পৰা এক দীঘলীয়া সময়ৰ বাবে উত্তৰ পূবৰ সাতখন ৰাজ্যৰ বাবে উমৈহতীয়া উচ্ছ ন্যায়ালয় হিচাপে অনন্য দায়িত্ব পালন কৰিছিল৷ এই ন্যায়ালয়ত প্ৰচলিত আইনসমূহৰ উপৰি জনজাতীয় আইন আৰু ৰীতি-নীতিৰ পালন কৰি অহাৰ লগতে ভাৰতীয় সংবিধানৰ ৬নং অনুসূচীৰ অন্তৰ্গত বিষয়সমূহৰ ওপৰত ন্যায়িক কতৃৰ্ত্ব লাভ কৰি আহিছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে জনসাধাৰণৰ পৰা বিপুল আস্থা লাভ কৰাৰ লগতে নাগৰিকসকলৰো মনত আত্মবিশ্বাসৰ সৃষ্টি কৰিছে৷’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইজ অৱ জাষ্টিচ্‌’ৰ সুবিধা প্ৰদানৰ বাবে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰে বিচাৰাধীন গোচৰৰ সংখ্যা হ্ৰাস কৰিবলৈ লঘু অপৰাধৰ গোচৰ প্ৰত্যাহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তিনি বছৰ পৰ্যন্ত শাস্তিযোগ্য জৰিমনা আৰু পঞ্জীয়নভুক্ত গোচৰসমূহ প্ৰত্যাহাৰৰ বাবে ৰাজ্য চৰকাৰে বিবেচনা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই বছৰ ফেব্ৰুৱাৰীলৈ প্ৰায় ২৭ হাজাৰ এনে গোচৰ প্ৰত্যাহাৰ কৰা হৈছে৷ তেওঁ লগতে কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰায় ৰ লাখ অপৰাধমূলক গোচৰ নিষ্পত্তি কৰা হ’ব যিয়ে নিম্ন আদালতৰ বোজা হ্ৰাস কৰিব৷ ক’ভিড অতিমাৰীৰ সময়ত দেশত ন্যায়পালিকা ব্যৱস্থাটোত ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ আৰু বৰ্তমান ইয়াক নিয়মিতভাৱে অব্যাহত ৰখাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যৰ ন্যায়পালিকাত ডিজিটেলাইজেশ্যনৰ পদক্ষেপসমূহ সূচাৰুৰূপে ৰূপায়ণৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব৷ প্ৰাপ্ত আন্তঃগাঁথনিৰ সৈতে নিম্ন আদালতৰ বাবে প্ৰয়োজনীয় পদ সৃষ্টি কৰাৰ দিশত থকা চৰকাৰৰ দায়বদ্ধতাৰ কথা তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে৷ তেওঁ লগতে অৱগত কৰে যে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ বাবে নতুন চৌহদ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে আৰু এই বছৰৰ ভিতৰতে কাম আৰম্ভ হ’ব৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় আইন দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৰ পৰা প্ৰয়োজনীয় সহযোগিতা বিচাৰে৷