Logo
image

আজি তেজপুৰত ছুখইত উৰিব ৰাষ্ট্ৰপতি

আমাৰ অসম, ৮ এপ্ৰিলঃ তিনিওটা বাহিনীৰ সৰ্বাধিনায়ক হিচাপে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে যেতিয়াই মন যায় তেতিয়াই আৰু যিটো বিমানঘাটিৰ পৰা ইচ্চা কৰে তাৰ পৰাই ফাইটাৰ জেট ছুখইত উঠিব পাৰে৷ পূৰ্বৰ তিনিগৰাকী ৰাষ্ট্ৰপতি ক্ৰমে এপিজে আব্দুল কালাম, প্ৰতিভা দেৱীসিং পাটিল আৰু শেহতীয়াকৈ ৰামনাথ কবিন্দে পুনেৰ বায়ুসেনা বাহিনীৰ ঘাটিৰ পৰা ছুখই যুদ্ধবিমানত উঠি আকাশলৈ উৰা মাৰিছিল৷ তাৰ ভিতৰত ২০০৯ চনত প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে ছুখইত উঠি আকাশলৈ উৰা মৰাৰ ঘটনা আছিল সৰ্বসাধাৰণৰ বাবে আশ্চৰ্যকৰ আৰু ৰাষ্ট্ৰপতিয়ে যুদ্ধ বিমানত আৰোহন কৰা দেশৰ প্ৰথম উদাহৰণ৷ এইবাৰ দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে  তিনিদিনীয়া অসম ভ্ৰমণলৈ আহি শনিবাৰে তেজপুৰৰ বায়ুসেনা বাহিনীৰ বিমানঘাটিৰ পৰা ছুখইত উঠি আকাশলৈ উৰা মাৰিব৷ ৬-৮ এপ্ৰিলৰ তিনিদিনীয়া ভ্ৰমণসূচীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ আৰু গুৱাহাটীৰ দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে৷ শনিবাৰে তেওঁ ৰাওনা হ’ব তেজপুৰ বিমানঘাটিলৈ৷ ভাৰতীয় বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ আটাইতকৈ শক্তিশালী ঘাটি তেজপুৰত দেশৰ তিনিওটা বাহিনীৰ সৰ্বাধিনায়ক দ্ৰৌপদী মুৰ্মুক ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুৰব্বী এছ পি ধড়কৰে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আদৰণি জনাব৷ তাৰ পৰাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছুখই ৩০-এমকেআইত আৰোহণ কৰি আকাশলৈ উৰা মাৰিব৷ দুখন আসন বিশিষ্ট অৰ্থাৎ দুজন পাইলটে চলাব পৰা ৰাছিয়াত নিৰ্মিত এই ছুখই ৩০-এমকেআইৰ দ্বিতীয়খন আসনত বহিব ৰাষ্ট্ৰপতি মুৰ্মু৷ ভাৰতৰ ৰাষ্ট্ৰপতিৰ এই ছুখই বিমান আৰোহনৰ বিষয়ে ভাৰতীয় বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে প্ৰকাশ কৰিছে৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ৰাষ্ট˜পতিৰ ছুখই আৰোহনৰ বিষয়ে প্ৰেছ বিবৃতিৰ জৰিয়তে জনালেও কোন পাইলটে এই যুদ্ধবিমানখন চলাব আৰু ঠিক কিমান সময় তেওঁ তেজপুৰ বিমানঘাটিৰ পৰা উৰা মাৰিব সেই সন্দৰ্ভত সুৰক্ষাৰ কাৰণতে সবিশেষ জনোৱা নাই৷ দেশৰ তিনিওটা বাহিনীৰ সৰ্বাধিনায়ক দ্ৰৌপদী মুৰ্মুৰ এই ছুখই যাত্ৰা কোনো ‘জয় ৰাইড’ নহয়৷ অসমৰ বাবে ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচী স্বাভাৱিকতে গুৰুত্বপূৰ্ণ৷ কিন্তু দেশৰ বাবে দ্ৰৌপদী মুৰ্মুৰ ছুখই ফাইটাৰ জেটত অসমৰ তেজপুৰৰ পৰা উৰা মৰাটো ততোধিক গুৰুত্বপূৰ্ণ বিষয়৷ মূলতঃ ‘ষ্ট্ৰেটেজিক’ অৰ্থাৎ ৰণকৌশলগত দিশত দ্ৰৌপদী মুৰ্মুৰ এই যাত্ৰা অভাৱনীয়ভাৱে গুৰুত্বপূৰ্ণ বুলি প্ৰতিৰক্ষা বিশেষজ্ঞই মন্তব্য কৰিছে৷ কিয়নো তেজপুৰৰ বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ নিচেই কাষতে আছে চাৰিখনকৈ দেশৰ সীমান্ত৷ শত্ৰুভাৱাপন্ন চীন, ম্যানমাৰ, বাংলাদেশ আৰু ভূটানৰ সীমান্ত আকাশেৰে তেজপুৰৰ বায়ুসেনা বাহিনীৰ ঘাটিৰ পৰা মাথোঁ কেই ছেকেণ্ডৰ দূৰত্ব৷ সেয়ে ৰাষ্ট্ৰপতিৰ এই ছুখই আৰোহনক অতিশয় গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে আৰু সেইদৰেই পৰিকল্পনা কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে৷ কিয়নো ৰাষ্ট্ৰপতিৰ এই ছুখই আৰোহন সীমান্তৱৰ্তী আৰু শত্ৰুভাৱাপন্ন চীনৰ বাবে এটা বিশেষ বাৰ্তা৷ ভাৰতৰ সৈতে লাডাখ আৰু ছিকিমৰ উপৰি তেজপুৰৰ গাতে লাগি থকা অৰুণাচল প্ৰদেশৰ সীমান্তত চীনে  দীৰ্ঘদিন ধৰি সংঘাতত জড়িত হৈ আছে৷ শেহতীয়াকৈ চীনে অৰুণাচল প্ৰদেশৰ এঘাৰটা স্থানৰ নাম সলনি কৰি নিজৰ মতে নামকৰণ কৰিছে আৰু নতুন মানচিত্ৰ প্ৰকাশ কৰি তাতো অন্তৰ্ভুক্ত কৰিছে৷ অৰ্থাৎ চুবুৰীয়া চীনৰ সৈতে ভাৰতৰ সংঘাত অতিসম্প্ৰতি অব্যাহত আছে৷ সেয়ে এই পৰিস্থিতিত শনিবাৰে দ্ৰৌপদী মুৰ্মুৱে কৰিবলগীয়া ছুখই আৰোহন আক্ষৰিক অৰ্থতে ৰণকৌশলগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ৷ তেজপুৰৰ বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডত ছুখই ৩০-এমকেআইৰ দুটা স্কোৱাড্ৰন আছে৷ এটা স্কোৱাড্ৰনত সাধাৰণতে ১২-১৬ খন ফাইটাৰ জেট বা যুদ্ধ বিমান থাকে৷ ১৯৯৭ চনত ৰাছিয়াৰ পৰা ক্ৰয় কৰি ভাৰতীয় বায়ুসেনা বাহিনীত  অন্তৰ্ভুক্ত কৰা ছুখই ৩০-এমকেআইৰ সংখ্যা হৈছে ২৭২ খন৷ তেজপুৰৰ বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডলৈ ২০০৯ চনত ছুখই যুদ্ধবিমান অনা হৈছিল৷ দুটাকৈ ছুখইৰ স্কোৱাড্ৰনেৰে তেজপুৰৰ বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ড হৈছে উত্তৰ-পূবৰ আটাইতকৈ শক্তিশালী বিমানঘাটি৷ ফ্ৰান্সৰ পৰা ৰাফাল যুদ্ধ বিমান অনাৰ আগলৈকে ছুখইয়েই আছিল ভাৰতীয় প্ৰতিৰক্ষা ক্ষেত্ৰৰ আটাইতকৈ শক্তিশালী ফাইটাৰ জেট৷ তাৰো পূৰ্বে ভাৰতৰ শক্তিশালী যুদ্ধ বিমান হিচাপে পৰিচিত আছিল মিগ৷ ৰাছিয়াৰ পৰা অনা মিগৰ বয়সে প্ৰৌঢ়ত্বত ভৰি থৈছে আৰু আকাশলৈ উৰিলেই ভাগি পৰাৰ ঘটনাই সকলোকে শংকিত কৰি ৰাখে৷ পৰ্যায়ক্ৰমে বায়ুসেনা বাহিনীৰ পৰা বাদ দিবলৈ উপক্ৰম কৰা মিগক উৰন্ত কফিন হিচাপেও জনা যায়৷ বায়ুসেনা বাহিনীৰ পাইলটৰ মনোবল বঢ়াবলৈ এসময়ত প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজে মিগ-২১ত আৰোহন কৰিছিল৷ অৱশ্যে শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ছুখই আৰোহনৰ পটভূমি আৰু পৰিস্থিতি সম্পূৰ্ণ ভিন্ন, ষ্ট্ৰেটেজিক কাৰণত পূৰ্বৰ সকলো ৰাষ্ট্ৰপতিৰ ছুখই আৰোহনতকৈও এই আৰোহন পৃথক আৰু অনন্য৷

শনিবাৰে তেজপুৰত ৰাষ্ট্ৰপতি 

‘অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ তেজপুৰঃ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তিনিদিনীয়া ভ্ৰমণৰে অসমত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰি শনিবাৰে তেজপুৰ বায়ুসেনা ঘাটিত উপস্থিত হ’ব৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত জীপ ছাফাৰিৰে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে শুকুৰবাৰে কঁহৰাত হাতী ছাফাৰি কৰি গজ উৎসৱত থাকে৷ ৰাষ্ট্ৰপতি গৰাকী পুৱা ১০ বজাত তেজপুৰ বিমানবন্দৰত উপস্থিত হ’ব আৰু ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী এছ পি ধাৰাকাই আদৰণি জনাব ইয়াৰ পিছতে ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাব৷ দেশৰ ৰাষ্ট্ৰপতি গৰাকী শনিবাৰে তেজপুৰৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ ঘাটিত উপস্থিত হ’ব আৰু তেওঁ দেশৰ অন্যতম প্ৰথম শাৰীৰ যুঁজাৰু বিমান ছুখইত উঠি পৰিদৰ্শন কৰিব বুলি প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে জানিবলৈ দিয়ে ৷ তেজপুৰ বায়ুসেনা ঘাটি পূৰ্বতে মিগ-২০ যুদ্ধ বিমানৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাবে ব্যৱহাৰ হৈছিল আৰু পৰৱৰ্তী সময়ত ৰাছিয়াত নিৰ্মিত ছুখই ৩০-এম কে আই সংযোজিত কৰা হয়৷ বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে ছুখই ৩০-এম কে আইৰ এক বৃহৎ ঘাটি তেজপুৰ বায়ুসেনা কেন্দ্ৰ৷

‘মাউণ্ট কাঞ্চনজংঘা অভিযান’ৰ শুভাৰম্ভ কৰিলে ৰাষ্ট্ৰপতিয়ে

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ কাঞ্চনজংঘালৈ অসম পৰ্বতাৰোহণ সন্থাই আয়োজন কৰা ‘মাউণ্ট কাঞ্চনজংঘা অভিযান’ৰ আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰে৷ অসম ভ্ৰমণলৈ অহা দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই অভিযানৰ শুভাৰম্ভ কৰে আৰু অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ্‌ এ’ বেটন আৰু অভিযানৰ পতাকা অৰ্পণ কৰে৷ এই অভিযানৰ শুভাৰম্ভ কৰি  ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়–প্ৰকৃতিৰ এক সুন্দৰ সৃষ্টি হ’ল কাঞ্চনজংঘা৷ এই কাঞ্চনজংঘা পৰ্বতাৰোহণ অভিযানৰ প্ৰাকমুৰ্হূতত পৰ্বতাৰোহীসকলক আশীৰ্বাদ দিয়াৰ সুযোগ পাই তেওঁ নিজকে ভাগ্যশালী বুলি কয় আৰু অভিযানৰ সফলতা কামনা কৰে৷ এই অভিযান সফল হ’বই বুলি মন্তব্য কৰি তেওঁ এই সফলতাই ভৱিষ্যতে অন্যান্য পৰ্বতাৰোহীসকলকো প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ডঙ্ম হিমন্ত  বিশ্ব শৰ্মাৰ উপৰি ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়া, অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযানৰ সৈতে জড়িত বিষয়ববীয়াসকল উপস্থিত থাকে৷  অনুষ্ঠানৰ আৰম্ভণিতে এই অভিযানৰ ‘চীফ দ্য মিছন’ৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীক ফুলাম গামোচাৰে আদৰণি জনায়৷ ইয়াৰ পিছতে পৰ্বতাৰোহণ অভিযানৰ মুখ্য আহ৩ায়ক সত্যেন শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীৰ হাতত অভিযানৰ স্মাৰক অৰ্পণ কৰে৷ এই অভিযান উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা ৰাষ্ট্ৰপতিগৰাকীৰ হাতত তুলি দিয়ে অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি ডাঃ দেৱেন্দ্ৰ নাথ মহন্তই৷ উল্লেখ্য যে এই অভিযানৰ সম্পূৰ্ণ ব্যয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে বহন কৰিছে৷ কাঞ্চনজংঘা অভিযানকাৰী সাতজনীয়া দলটোৰ নেতৃত্ব বহন কৰিছে ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্বতাৰোহণকাৰী মানস বৰুৱাই৷ উপঃ দলনেতাৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছে ৰাজ্যৰ অন্যতম অভিজ্ঞ পৰ্বতাৰোহণকাৰী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী৷ দলটোৰ অন্য সদস্যসকল হ’ল উপেন চক্ৰৱৰ্তী, কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ৷ দলটোৱে ১১ এপ্ৰিলত গুৱাহাটীৰ পৰা ৰে’লযোগে যাত্ৰা আৰম্ভ কৰিব৷ আনহাতে শিলিগুৰিৰ পৰা কাকৰভিটা হৈ গাড়ীৰে নেপালৰ তাপ্লেজুঙত উপস্থিত হ’ব৷ তাৰপৰা তেওঁলোকে হিমালয়ৰ ৫২০০ মিটাৰ উচ্ছতাত অৱস্থিত বেছ কেম্পলৈ ট্ৰেকিং কৰিব৷ দলটো ২০ এপ্ৰিলত বেছ কেম্পত উপস্থিত হ’ব৷ বেছ কেম্পৰ পৰা ছামিট কেম্পলৈ চাৰিটা কেম্প অতিক্ৰম কৰাৰ পাছত দলটোৱে ১৩–১৮ মে’ৰ ভিতৰত শিখৰ আৰোহণৰ চূড়ান্ত প্ৰচেষ্টা ।