Logo
image

চীনৰ ৰণসজ্জাৰ মাজতে ছুখইত উৰণ ৰাষ্ট্ৰপতি মুৰ্মুৰ

আমাৰ অসম, ৯ এপ্ৰিলঃ এপিনে ভাৰতৰ সৈতে শত্ৰুতাৰ তীব্ৰতা বৃদ্ধি কৰি চীনে সীমান্তৱৰ্তী স্পৰ্শকাতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ১১ টা স্থানৰ নাম নতুনকৈ স্থিৰ কৰিছে আৰু সীমান্তৰ তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছুখই যুদ্ধ বিমানৰ আৰোহী হোৱাৰ দিনটোতে ভাৰতৰ প্ৰতিবেশী দেশখনে সীমান্তৰ পৰা সামান্য মনোযোগ আঁতৰাই টাইৱানক জলভাগেৰে চৌদিশৰ পৰা ঘেৰি ধৰিছে৷ চীনৰ এই আকস্মিক পদক্ষেপৰ প্ৰকৃত উদ্দেশ্য কি সেয়া আমেৰিকাকে ধৰি আগশাৰীৰ দেশৰ প্ৰতিৰক্ষা বিভাগে অনুধাৱন কৰিবলৈ চেষ্টা চলাইছে আৰু ভাৰতে চুবুৰীয়া দেশখনৰ এই শেহতীয়া পদক্ষেপ গভীৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছে৷ চীনৰ এই ৰণসজ্জাৰ মাজতে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চাৰিখনকৈ দেশৰ সীমান্ত থকা তেজপুৰৰ আকাশত ছুখই বিমানেৰে আধাঘণ্টাৰ উৰণ সম্পন্ন কৰি দুৰ্দান্ত সাহসিকতাৰ পৰিচয় দাঙি ধৰিছে৷ ২০০৯ চনত তেতিয়াৰ ভাৰতৰ ৰাষ্ট˜পতি প্ৰতিভা দেৱীসিং পাটিলে ছুখই যুদ্ধ বিমানত উঠি দুটাকৈ গীণিজ অভিলেখ স্থাপন কৰিছিল৷ সেই অভিলেখৰ এটা এতিয়াও অম্লান৷ তেতিয়ালৈকে কোনো দেশৰ মহিলা ৰাষ্ট্ৰপতিয়ে কেতিয়াও ফাইটাৰ জেট বা যুদ্ধ বিমানত উৰা নাছিল৷ সেয়া আছিল প্ৰতিভা পাটিলৰ প্ৰথমটো অভিলেখ৷ ৭৪ বছৰীয়া প্ৰতিভা পাটিল উঠা ছুখই যুদ্ধ বিমানখনে সাধাৰণ গতিৰে উৰা নাছিল, উৰিছিল প্ৰায় ছুপাৰছ’নিক গতিত৷ সেই গতিৰে যুদ্ধ বিমানেৰে উৰি প্ৰতিভা পাটিলে গীণিজ বুকৰ যি বিশ্বাভিলেখ প্ৰতিষ্ঠা কৰিছিল সেয়া এতিয়াও কোনেও ভংগ কৰিব পৰা নাই৷ ৭৪ বছৰীয়া এগৰাকী মহিলাই ফাইটাৰ জেটত প্ৰায় ছুপাৰছ’নিক গতিত উৰণ সম্পন্ন কৰাটো  কোনোকালেই উলা-মূলা কথা নহয়৷ উল্লেখ্য প্ৰতি ঘণ্টাত ১২৩৬ কিলোমিটাৰ গতিৰ উৰণক  ছুপাৰছ’নিক গতি বুলি কোৱা হয়৷ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে ছুখইৰে সেই গতি প্ৰায় স্পৰ্শ কৰিছিল৷

তেজপুৰৰ বায়ুসেনা বাহিনীৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ পৰা শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক লৈ উৰণ সম্পন্ন কৰা ছুখই বিমানখনৰ গতি আছিল ঘণ্টাত ৬০০ কিলোমিটাৰ আৰু তেওঁক লৈ যুদ্ধ বিমানখনে জলপৃষ্ঠৰ পৰা দুই কিলোমিটাৰ ওপৰলৈহে উৰা মাৰিছিল৷ সাধাৰণতে ছুখইৰ দৰে একোখন ফাইটাৰ জেটে পোন্ধৰ কিলোমিটাৰ পৰ্যন্ত উচ্ছতালৈ উৰা মাৰে৷ পিছে দ্ৰৌপদী মুৰ্মু কিমান উচ্ছতালৈ উৰিছিল বা তেওঁৰ যুদ্ধ বিমানৰ গতি কিমান অধিক আছিল সেয়া তাৎপৰ্যপূৰ্ণ নহয়৷ তাৎপৰ্যপূৰ্ণ হৈছে ৰাষ্ট˜পতি দ্ৰৌপদী মুৰ্মুৱে উৰণ সম্পন্ন কৰা অঞ্চলটো৷ পূৰ্বৰ তিনিজন ৰাষ্ট্ৰপতিয়ে ছুখইৰ উৰণ সম্পন্ন কৰিছিল নিৰাপদ স্থান পুনেৰ বায়ুসেনা বাহিনীৰ ঘাটিৰ পৰা৷ ইয়াৰ বিপৰীতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে তেজপুৰৰ যি স্থানৰ পৰা শনিবাৰে ছুখইৰে উৰণ সম্পন্ন কৰিলে, আকাশমাৰ্গেৰে তাৰ পৰা ভাৰতৰ প্ৰতিৱেশী চাৰিখন দেশৰ সীমান্ত তেনেই চমু৷ ছুখইৰ দৰে শব্দতকৈয়ো বেগী ছুপাৰছ’নিক জেটৰ উৰণ আৰম্ভ হোৱাৰ লগে লগে এনে সীমান্তৰ কাষ চাপি যায় যুদ্ধ বিমানসমূহ৷ দ্ৰৌপদী মুৰ্মুৱে উৰণ সম্পন্ন কৰা তেজপুৰৰ পৰা চীন, ভূটান, ম্যানমাৰ আৰু বাংলাদেশ সীমান্ত বেছি দূৰত নহয়৷ ইয়াৰ ভিতৰত সৰ্বাধিক স্পৰ্শকাতৰ সীমান্ত হৈছে অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা চীন সীমান্ত৷ চীনে এই সীমান্তত সততে ভাৰতক শতুৰু শালি থাকে৷ ভাৰতৰ সৈতে এই সীমান্তত চীনৰ সংঘাত এতিয়াও অব্যাহত আছে৷ কিয়নো যোৱা বুধবাৰে চীনে তেজপুৰৰ কাষতে থকা অৰুণাচল প্ৰদেশৰ দুখন ভূমি অঞ্চল, দুখন  আৱাসিক অঞ্চল, দুখন নদী আৰু পাঁচটা শৃংগৰ নাম সলনি কৰি নতুন নাম দিছিল৷ তদুপৰি সেই অঞ্চলসমূহ চীনৰ বুলি দাবী কৰি নতুন মানচিত্ৰ ছপাই তাত সেই নতুন নাম অন্তৰ্ভুক্ত কৰিছিল৷ তাৰে অৰুণাচল প্ৰদেশৰ যি ভূমিখণ্ডক চীনে নিজৰ বুলি দাবী কৰি আহিছে সেই বৃহৎ অংশটোৰ নাম ঝাংনান অৰ্থাৎ দক্ষিণ তিব্বত বুলি প্ৰকাশ কৰিছিল৷ সেয়া আছিল ভাৰতৰ সৈতে চীনৰ শেহতীয়া সংঘাতৰ বৰ্হিৰ্প্ৰকাশ৷ এনে এক সংঘাতজৰ্জৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে চীনৰ সীমান্তৰ তেনেই কাষতে থকা তেজপুৰৰ বায়ুসেনা বাহিনীৰ ঘাটিৰ পৰা ছুখইৰ দৰে অতি শক্তিশালী যুদ্ধ বিমানত উঠি চীনলৈ যি বাৰ্তা প্ৰেৰণ কৰিছে সেয়া আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অতি শক্তিশালী হিচাপে বিবেচিত হৈছে৷ ভাৰতৰ এই পদক্ষেপক চুবুৰীয়া সকলো ৰাষ্ট্ৰ বাদেই, আনকি বিশ্বৰ অন্যান্য শক্তিশালী দেশেও গভীৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰিছে৷ সেয়ে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ছুখই বিমানত উঠি সম্পন্ন কৰা তেজপুৰৰ এই উৰণ ‘ষ্ট্ৰেটেজিক’ দিশত অতিশয় গুৰুতৰ ঘটনা হিচাপে বিবেচিত হৈছে৷ 

এনে এক পটভূমিত চীনে যি সময়ত ভাৰতক দ্ৰৌপদী মুৰ্মুক এই পদক্ষেপৰ বাবে উত্তৰ দিব লাগিছিল তাৰ পৰা দেশখন বিৰত আছে৷ বেইজিঙে এতিয়ালৈকে দ্ৰৌপদী মুৰ্মুৰ ছুখই  যাত্ৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে৷ ইয়াৰ বিপৰীতে আচম্বিতে চীনে বিশাল যুদ্ধ জাহাজেৰে শনিবাৰে টাইৱানক ঘেৰি ধৰিছে৷ চীন সাগৰৰ এই দ্বীপৰাষ্ট্ৰখনৰ সকলো বন্দৰক নিস্ক্ৰিয় কৰি দিয়াৰ উদ্দেশ্যে চীনৰ পিপ’লছ লিবাৰেচন আৰ্মিয়ে এই ৰণসজ্জা তৈয়াৰ কৰিছে৷ বেইজিঙৰ আপত্তি উপেক্ষা কৰি বুধবাৰে কেলিফ’ৰ্নিয়াত আমেৰিকাৰ কংগ্ৰেছৰ নিম্নকক্ষ হাউচ অব ৰিপ্ৰেজেনটেটিভৰ স্পীকাৰ তথা ৰিপাব্লিকান পাৰ্টীৰ নেতা কেভিন মেককাথিক সাক্ষাৎ কৰিছিল টাইৱানৰ ৰাষ্ট্ৰপতি ছাই ইং ৱেনে৷ ইয়াৰ পাছতে চীনে ৰুদ্ৰমূৰ্তি প্ৰদৰ্শন কৰি টাইৱানক বিশাল বিশাল যুদ্ধ জাহাজেৰে বেৰি ধৰিছে৷ উল্লেখ্য, আমেৰিকাৰ পৰা প্ৰশ্ৰয় পায়েই টাইৱানে চীনক উপেক্ষা কৰিবলৈ আৰম্ভ কৰিছে৷ প্ৰকৃততে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ চুক্তি অনুসৰি টাইৱান চীনৰ অন্তৰ্গত এখন দেশ৷ টাইৱানক এতিয়াও ৰাষ্ট্ৰসংঘ অথবা অনান্য দেশে সাৰ্বভৌম দেশ হিচাপে স্বীকৃতি দিয়া নাই৷ কিন্তু একেসময়তে টাইৱানেও নিজকে চীনৰ সৈতে বিলীন কৰিবলৈ ইচ্ছা কৰা নাই৷ ইয়াৰ বিপৰীতে টাইৱানে আমেৰিকাৰ পৰা শক্তি আৰু প্ৰশ্ৰয় লাভ কৰি আছে৷ টাইৱানৰ এই মনোবৃত্তিৰ বাবে শনিবাৰৰ পৰা চীনে বিশাল যুদ্ধসম্ভাৰ গৈ দেশখনক চীন সাগৰেৰে চৌদিশৰ পৰা বেৰি ধৰিছে৷ দেশখনৰ ভূপৃষ্ঠৰ পৰা ২০ কিলোমিটাৰ নিলগত চীনৰ যুদ্ধ জাহাজে যুদ্ধৰ অনুশীলন আৰম্ভ কৰিছে৷ বিগত সাত দশকত টাইৱানৰ ভূপৃষ্ঠৰ ইমান কাষলৈ গৈ চীনে কেতিয়াও এনেদৰে যুদ্ধৰ আখৰা চলোৱা নাছিল৷ সেয়ে চীনৰ এই পদক্ষেপত টাইৱানেই নহয়, আমেৰিকা আৰু পশ্চিমীয়া বিশ্ব শংকিত হৈ পৰিছে৷ ঠিক এনে উত্তেজনাপূৰ্ণ মুহুৰ্তত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চীনৰ সীমান্তত যুদ্ধ বিমানত উঠি সম্পন্ন কৰা উৰণ বিশ্বৰ অন্যতম সাহসিক ঘটনা হিচাপে প্ৰতিপন্ন হৈছে৷