Logo
image

আদালতত দেখা হ’ব! ৰাহুলৰ সাঁথৰ ভাঙি হিমন্তবিশ্বৰ প্ৰত্যাহ্বান

আমাৰ অসম, ৯ এপ্ৰিলঃ আদানি এক্ৰ’নিম– এইবাৰ কংগ্ৰেছৰ শলঠেকত পৰি থকা নেতা ৰাহুল গান্ধীয়ে এই শৰেৰেই একেলগে একাধিক বিজেপি নেতাক বিদ্ধ কৰিছে৷ ৰাহুল গান্ধীৰ এই এক্ৰ’নিম শৰৰ আঘাত আহি লাগিছেহি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শৰীৰতো৷ আদানি এক্ৰ’নিম ৰাহুল গান্ধীৰ শেহতীয়া অস্ত্ৰ৷ তেওঁৰ এই শেহতীয়া অস্ত্ৰনো কি বুলি দেশৰ বিভিন্ন মহলত ঘাইকৈ ৰাজনৈতিক ক্ষেত্ৰত কৌতুহলৰ সৃষ্টি হৈছে৷ ৰাহুল গান্ধীয়ে এইবাৰ আদানি গোষ্ঠীৰ ইংৰাজীত আদানি বুলি লিখা পৰিচিত ল’গ’ এটা লৈ তাৰ প্ৰতিটো আখৰৰ সৈতে একোজনকৈ বিজেপি নেতাৰ নাম সাঙুৰি দিছে৷ 

এইদৰে একোটা আখৰক লৈ সৃষ্টি কৰা শব্দবন্ধক এক্ৰ’নিম বুলি কোৱা হয়, য’ত এটা শব্দৰ প্ৰতিটো আখৰৰ সৈতে আৰু কেইটামান আখৰ সংযোজন কৰি একো একোটা শব্দ বা নামৰ সৃষ্টি কৰা হয়৷ ৰাহুল গান্ধীয়ে সৃষ্টি কৰা এই এক্ৰ’নিমত আদানি শব্দটোৰ তলে-ওপৰে বিভিন্ন শব্দ লগাই মুঠতে পাঁচজন প্ৰাক্তন কংগ্ৰেছী অথচ এতিয়া বিজেপিত যোগ দি শক্তিশালী নেতাত পৰিণত হোৱা ৰাজনীতিকৰ নাম প্ৰকাশ কৰিছে৷ তাৰে প্ৰথমজন হৈছে গোলাম নবী আজাদ৷ দ্বিতীয়জন জ্যোতিৰাদিত্য সিন্ধিয়া, তৃতীয়জন কিৰণ ৰেড্ডী, চতুৰ্থজন হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চমজন অনিল এণ্টনি৷ ইয়াৰে অনিল এণ্টনি হৈছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এ কে এণ্টনিৰ পুত্ৰ আৰু অনিল ৰেড্ডী হৈছে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী৷ এওঁলোক দুয়ো চলিত সপ্তাহতে বিজেপিত যোগদান কৰিছে৷ জ্যোতিৰাদিত্য সিন্ধিয়াই কেইবাবছৰ পূৰ্বে বিজেপিত যোগদান কৰি এতিয়া কেন্দ্ৰীয় মন্ত্ৰীৰ পদ লাভ কৰিছে৷ গোলাম নবী আজাদে কংগ্ৰেছ ত্যাগ কৰিলেও বিজেপিত যোগদান কৰা নাই কিন্তু বিজেপিৰ সহায়ত দলটোৰ পৃষ্ঠপোষকতাত আন এটা দল গঠন কৰিছে৷ হিমন্ত বিশ্ব শৰ্মা আছিল পূৰ্বৰ শক্তিশালী কংগ্ৰেছী মন্ত্ৰী৷ ২০১৫ চনত বিজেপিত যোগদান কৰা হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শক্তিশালী বিজেপি নেতা৷ ৰাহুল গান্ধীয়ে প্ৰকাশ কৰা আদানি এক্ৰ’নিমত এই পাঁচজন নেতাৰ নাম আদানিৰ প্ৰতিটো আখৰৰ সৈতে যোগ দি তেওঁলোকৰ উদ্দেশ্যে এটা প্ৰশ্ন কৰিছে৷ প্ৰশ্নটো হৈছে– আদানি গোষ্ঠীত ২০ হাজাৰ কোটি টকা বেনামীভাৱে কোনে বিনিয়োগ কৰিছে? এই প্ৰশ্নৰে ৰাহুল গান্ধীয়ে প্ৰতিজন নেতাকে বিদ্ধ কৰিছে আৰু তেওঁলোকক উদ্দেশ্যি একোটা ইংগিতো প্ৰকাশ কৰিছে৷ আওপকীয়াকৈ তেওঁ সুধিছে– আদানি গোষ্ঠীত বিনিয়োগ হোৱা ২০ হাজাৰ কোটি টকাৰ আঁৰত এই পাঁচজন নেতাৰ কোনো নাইতো? অৱশ্যে সেই প্ৰশ্ন তেওঁ পোনপটীয়াকৈ কৰা নাই৷ পৰোক্ষভাৱে ইংগিতকে ৰাখি থৈছে তেওঁ এই আদানি এক্ৰ’নিমত৷ 

সততে যিকোনো বিষয়ত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ এই আদানি এক্ৰ’নিমৰ শৰৰ আক্ৰমণতো দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ শব্দশৃংখলৰ দৰে ৰাহুল গান্ধীয়ে আগবঢ়োৱা এই সাঁথৰৰ উত্তৰ আন গুৰুতৰ অভিযোগেৰে ভাঙিছে হিমন্ত বিশ্ব শৰ্মাই৷ ৰাহুলৰ এই সাঁথৰ সম্ভৱতঃ ভালদৰে উপলব্ধি কৰাৰ বাবেই ৰাহুল গান্ধী আৰু তেওঁৰ পিতৃৰ বিৰুদ্ধে থকা কেলেংকাৰিৰ অভিযোগেৰেই শৰ এৰিছে ৰাজনৈতিক যুদ্ধত পাৰদৰ্শী হিমন্ত বিশ্ব শৰ্মাই৷ অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীক কৈছে– ‘বফ’ৰ্ছ কেলেংকাৰি আৰু নেশ্বনেল হেৰাল্ড কেলেংকাৰি তুমি যিদৰে নিকপকপীয়াকৈ ঢাকি পেলালা, সেই বিষয়ে আমি সৌজন্যবোধ দেখুৱায়েই কোনো প্ৰশ্ন কৰাৰ পৰা বিৰত আছোঁ৷ তুমি কেনেকৈ অট্টভিঅ’ কোৱাট্ৰছিক ভাৰতীয় আইনৰ বেহুৰ পৰা পলুৱাই পঠিয়ালা সেয়া আমিও জানো৷ যিয়েই নহওক, আদালতত আমাৰ মুখামুখি হ’ব৷’ উল্লেখ্য, বফ’ৰ্ছ কেলেংকাৰি সংঘটিত হৈছিল ৰাহুল গান্ধীৰ পিতৃ ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ দিনত৷ পৰৱৰ্তী সময়ত চিবিআইৰ তদন্ত হ’লেও আদালতত ৰাজীৱ গান্ধী নিৰ্দোষ প্ৰমাণিত হৈছিল৷ অৱশ্যে বিজেপিয়ে আজিও গান্ধী পৰিয়ালৰ নিৰ্দোষিতা মানি ল’বলৈ নাৰাজ৷ একেদৰে গান্ধী পৰিয়ালৰ সংবাদপত্ৰ নেশ্বনেল হেৰাল্ডৰ জৰিয়তে বহু কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈছিল৷ বিজেপি নেতা সুব্ৰমণিয়ন স্বামীয়ে তৰা এইগোচৰৰ তদন্ত চিবিআয়ে কৰি আছে৷ বিষয়টো আদালতত বিচাৰাধীন৷ ইপিনে, বফ’ৰ্ছৰ কামান বিক্ৰীৰ চুক্তিত মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা ইটালিৰ নাগৰিক অট্টাভিঅ’ কোৱাট্ৰছি ৰাজীৱ গান্ধীৰ সৈতে একেখন বিমানত উঠি বিদেশলৈ পলায়ন কৰিছিল৷ ফলত তেওঁ ভাৰতীয় বিচাৰব্যৱস্থাৰ পৰা ৰক্ষা পৰে আৰু দুৰ্নীতি সংঘটিত কৰিও কোনো শাস্তিৰ সন্মুখীন নহ’ল৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ আদানি এক্ৰ’নিম অস্ত্ৰৰ উত্তৰত গান্ধী পৰিয়ালৰ বিৰুদ্ধে থকা সেই গুৰুতৰ দুৰ্নীতিৰ প্ৰসংগ আনি প্ৰত্যাক্ৰমণ কৰিছে আৰু আদালতত মুখামুখি হোৱাৰ প্ৰত্যাহ্বান জনাইছে৷