Logo
image

কামাখ্যাত মুখ্য ন্যায়াধীশ, অভিনেত্ৰী প্ৰীতি

আমাৰ অসম, ৯ এপ্ৰিলঃ শক্তিপীঠ কামাখ্যা দেৱালয়ত এতিয়া ভিৰ লাগিছে ভিআইপি-ভিভিআইপিৰ৷ বিশেষকৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মহাৰজত জয়ন্তী আৰু গুৱাহাটীত অনুষ্ঠিত আই পি এল মেচক কেন্দ্ৰ কৰি গুৱাহাটীলৈ অহা দেশী-বিদেশী খেলুৱৈ আৰু অতিথিয়ে মা কামাখ্যাৰ আশিস ল’বলৈ শক্তিপীঠত লানি লাগিছে৷ ওৰে নিশা উজাগৰে থাকি শক্তিপীঠ কামাখ্যা দেৱালয়ত সেৱা ল’লে বলীউডৰ সময়ৰ মোহময়ী অভিনেত্ৰী তথা বৰ্তমান আই পি এল পঞ্জাব কিংছৰ অন্যতম স্বত্বাধিকাৰ প্ৰীতি জিণ্টাই৷ কামাখ্যা দৰ্শন কৰি মনৰ সকলো ক্লান্তি দূৰ হোৱা বুলি উল্লেখ কৰিছে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে৷ আনকি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টতো কামাখ্যা দৰ্শনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে অভিনেত্ৰী প্ৰীতিয়ে৷ উল্লেখ্য, ৪ এপ্ৰিলত প্ৰীতি জিণ্টাৰ মালিকানাধীন পঞ্জাব কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল হাইপ্ৰফাইল যুঁজ৷ এই মেচত উপস্থিত থাকি নিজৰ দলৰ খেলুৱৈসকলক উৎসাহিত কৰিছিল অভিনেত্ৰীগৰাকীয়ে৷ অৱশ্যে গুৱাহাটীত আই পি এলৰ মেচ আছিল যদিও প্ৰীতি জিণ্টাৰ গুৱাহাটী ভ্ৰমণৰ উদ্দেশ্য আছিল কামাখ্যা মন্দিৰ দৰ্শন৷ কামাখ্যাত সেৱা লোৱাৰ পাছতেই এইকথা উল্লেখ কৰি সামাজিক মাধ্যমত প্ৰীতি জিণ্টাই লখিছে এইদৰে– ‘গুৱাহাটীলৈ ভ্ৰমণৰ মোৰ উদ্দেশ্য আছিল মা কামাখ্যা দেৱী মন্দিৰ দৰ্শন কৰাৰ৷ আমাৰ বিমানখন বহু পলম হৈছিল আৰু মই গোটেই ৰাতি উজাগৰে থাকি পূজা কৰিছিলোঁ৷ কিন্তু যি মন্দিৰত পূজা দিলো, তাত সকলো ক্লান্তি দূৰ হৈ গ’ল৷ নিজৰ মনত কিবা শক্তি অনুভৱ কৰিছোঁ৷ শান্তিত মন ভৰি গ’ল৷’ আনকি প্ৰতি জিণ্টাই অনুৰাগীসকলক গুৱাহাটী গ’লে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈকো আহ্বান জনায়৷ ইফালে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীত অংশ লোৱা দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েও কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে শনিবাৰে পুৱা কটকটীয়া নিৰাপত্তাৰ মাজেৰে শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ দেৱীৰ আশিস লয়৷ ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে কামাখ্যা দৰ্শন কৰাৰ লগতে ৰাজস্থান ৰয়েল্‌ছ আৰু পঞ্জাব কিংছৰ কেইবাজনো খেলুৱৈয়ে শক্তিপীঠ কামাখ্যাত পূজা আগবঢ়াইছিল৷