Logo
image

মূৰ দাঙি উঠিছে ক’ভিডে

আমাৰ অসম, ১৭ এপ্ৰিলঃ   গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা ক’ভিড পজিটিভ৷ ক’ৰনাত আক্ৰান্ত আৰক্ষী আয়ুক্ত দিগন্ত বৰা সম্প্ৰতি হোম আইছলেশ্বনত আছে৷ ঘৰৰ পৰাই আৰক্ষী বিষয়াজন চিকিৎসকৰ নিৰীক্ষণত আছে৷ সমগ্ৰ দেশৰ লগতে অসমতো কৰ’না ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাত সৰ্বসাধাৰণ নাগৰিক আতংকিত হৈ পৰিছে৷ এই আতংকৰ মাজতেই আজি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা কৰ’নাত আক্ৰান্ত হোৱাত  মহানগৰ আৰক্ষীৰ ভিতৰচ’ৰাত তীব্ৰ আতংকই বিৰাজ কৰিছে৷ অসমত পুনৰ চাৰিজনৰ দেহত প’জিটিভ ধৰা পৰিছে৷ ক’ভিজ ধৰা পৰাত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অসমত পুনৰ আৰম্ভ হৈছে ক’ভিডৰ সংক্ৰমণ৷ অসমত বৰ্তমানলৈকে চাৰিজন লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ সংক্ৰমণ৷ ক’ভিড আক্ৰান্ত লোককেইজন কৰিমগঞ্জ আৰু কামৰূপ মহানগৰ জিলাৰ বুলি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ লগতে তেওঁ ইয়াকো মন্তব্য কৰে যে, ৰাজ্যত ক’ভিড সংক্ৰান্তীয় কোনো পৰিস্থিতি হোৱা নাই৷ বৰ্তমানলৈ চাৰিজনৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ৷ আটাইকেজনকে হোম আইছলেশ্বনত ৰখা হৈছে৷ কোনো ৰোগীকে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হোৱা নাই৷ ক’ভিডৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাৰে চৰকাৰে সাজু হৈ আছে৷ ক’ভিড সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷