Logo
image

সপ্তাহত কিমান পৰিমানৰ মাছ খাব লাগে, জানি লওক

আমাৰ অসম বিশেষঃ মানুহৰ প্ৰিয় খাদ্যসমূহৰ ভিতৰত অন্যতম হ’ল মাছ৷ একাধিক গৱেষণাত প্ৰমাণ হৈছে যে স্মৃতিশক্তি আৰু মস্তিষ্কৰ পুষ্টি বৃদ্ধিত মাছৰ উল্লেখযোগ্য ভূমিকা আছে৷ বিশেষকৈ তৈলাক্ত মাছত থকা অমেগা থ্ৰি ফেট এছিদ আমাৰ শৰীৰৰ বাবে অত্যন্ত  উপযোগী৷ আমেৰিকাৰ নেছনেল ইনষ্টিটিউট অব হেল্‌থৰ পুষ্টি বিশেষজ্ঞসকলৰ মতে– যিয়ে সপ্তাহত তিনিদিন বা তাৰ বেছি মাছ খায় তেওঁৰ মস্তিষ্কৰ নিউৰন  বহুত বেছি সু সংগঠিত আৰু কাৰ্যক্ষম৷ মস্তিষ্কসহ শৰীৰৰ বিভিন্ন কোষৰ চেল মেমব্ৰেন গঠন কৰাত উল্লেখ্যযোগ্য ভূমিকা লয় অমেগা থ্ৰি ফেট এছিদে৷ বিশেষকৈ তৈলাক্ত মাছ যেনে– ইলিছ, আৰি, মিৰিকা, ভকুৱা, প্ৰমফ্লেট, বৰালি, চিতল, ৰৌ আৰু কটাল ইত্যাদি জাতীয় মাছত থকা অমেগা থ্ৰি ফেড এছিড, প্ৰ’টিন, আয়ডিন, ভিটামিন ডি, ফছফৰাছসহ নানান খনিজ পদাৰ্থ আমাৰ মস্তিষ্কক উজ্জ্বীৱিত কৰাৰ সমান্তৰালকৈ সামগ্ৰীকভাৱে সুস্থ কৰি ৰখাত সহায় কৰে৷ সেয়েহে প্ৰত্যেক সপ্তাহে এইবোৰ মাছ খোৱা উচিত৷ পুষ্টি বিশেষজ্ঞ মতে– মস্কিষ্কৰ উপৰিও হৃদপিণ্ডক সুস্থ ৰাখিবলৈ আৰু এই দুই প্ৰধান অংগৰ ৰক্তসঞ্চালন স্বাভাৱিক ৰাখিবলৈ অত্যন্ত উপযোগী হৈছে মাছ৷ হাৰ্টৰ অসুখ আৰু মস্তিষ্কত তেজ জমা হোৱাত বাধা দিয়া উল্লেখযোগ্য ভূমিকা লয় মাছৰ অমেগা থ্ৰি এছিডে৷ সপ্তাহত কমপক্ষেও তিনিদিন ৭০-৭৫ গ্ৰামকৈ  মাছ খাবলৈ পৰামৰ্শ দিছে পুষ্টিবিদসকলে৷ পুষ্টি বিজ্ঞানীসকলে ‘প্ৰো বেন’ খাদ্যৰ তালিকাৰ প্ৰথম শাৰীত ৰাখিছে মাছক৷ কম বয়সত স্মৃতিশক্তি বা একাগ্ৰতা বৃদ্ধিত আৰু বেছি বয়সত ডিমেনচিয়া বা স্মৃতিহীনতাৰ পৰা ৰেহাই পাবলৈ প্ৰতিদিনে অন্তত এটুকুৰাকৈ মাছ খোৱা দৰকাৰ৷ ক্ৰণিক  কিডনীৰ অসুখ, এলাৰ্জিজনিত সমস্যা নাথাকিলে খাদ্যৰ তালিকাত মাছ ৰখা উচিত প্ৰত্যেক ব্যক্তিয়ে৷ শিশুৰ পৰা বয়স্কলৈকে নিশ্চিন্তমনে মাছ খাব পাৰে৷ মাছত প্ৰচুৰ পৰিমাণে প্ৰ’টিনৰ উপৰি থাকে ভিটামিন এ, ফছফৰাছ, মেগনেচিয়াম, চেলেনিয়াম আৰু আয়োডিন৷ মাছ হ’ল খনিজ পদাৰ্থ আৰু ভিটামিনটৰ খনি৷ বহুতৰে সৰু মাছ খোৱাৰ অভ্যাস আছে৷ সৰু মাছত বেছি ভিটামিন থকা ধাৰণাৰ কোনো ভিত্তি নাই৷ নিয়মিত মাছ খালে হাৰ্ট এটেক আৰু ব্ৰেন ষ্টোকৰ সম্ভাৱনা কিছু কমে৷ আমেৰিকাৰ প্ৰায় ৪০ হাজাৰ মানুহৰ ওপৰত চলোৱা এক অধ্যয়নত পোৱা গৈছে –যিসকলে সপ্তাহত এদিন মাছ খায় তেওঁৰ হাৰ্টৰ অসুখৰ হাৰ অন্য ব্যক্তিতকৈ ১৫ শতাংশ কম৷ তেলযুক্ত মাছে মস্কিষ্কৰ কোষৰ ভিত্তি প্ৰস্তুত কৰাত উল্লেখযোগ্য ভূমিকা লয়৷ আন এক সমীক্ষা মতে, ৬০ বছৰ বয়সৰ ওপৰৰ মানুহে সপ্তাহত অন্তত দুদিন বা তাৰ বেছি দিন মাছ খালে দৃষ্টি শক্তি ভালে থাকে৷ নিয়মিত মাছ খালে বয়সীয়াল ব্যক্তিৰ কেঞ্চাৰৰ সম্ভাৱনা কমি যায়৷ পুষ্টিবিজ্ঞানীৰ পৰামৰ্শ মতে– সপ্তাহত ৩৫০-৪০০ গ্ৰাম মাছ খাব পাৰিলে বহু বেমাৰৰ পৰা হাত সাৰিব পাৰি৷ কম বয়সৰ পৰা মাছ খোৱাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে ভাল৷ ইলিছে হওক বা পোনা মাছেই হওক প্ৰতিদিনৰ খাদ্যৰ লগত ৰাখক অন্তত এটুকুৰা মাছ৷