Logo
image

কৰ্ণাটকত বিজেপি নেতাক চুৰিকাঘাত কৰি হত্যা, ৪ জনক আটক

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন৷ ইয়াৰ মাজতে কৰ্ণাটকত আৰম্ভ হৈছে হিংসা৷ কৰ্ণাটকৰ ধাৰৱাড়ত এজন বিজেপি পঞ্চায়ত নেতাক চুৰিকাঘাত কৰি হত্যা কৰে৷ মঙলবাৰে নিশা এটা ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত বিজেপি নেতাজনক চুৰিৰে আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজনক আটক কৰিছে।

জানিব পৰা মতে, নিশা ধাৰৱাড়ত ধৰ্মীয় শোভাযাত্ৰাত দুজন লোকে সুৰাপান কৰি প্ৰৱেশ কৰিছিল৷ সুৰাপান কৰা লোকসকল শোভাযাত্ৰাত প্ৰৱেশত বাধা দিয়াৰ সময়তে তেওঁলোকে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে৷ ইফালে পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰাৰ সময়তে পঞ্চায়ত নেতা প্ৰশান্তক চুৰিকাঘাত কৰি হত্যা কৰা হয়।