Logo
image

আহি গ’ল অনলাইন লটাৰী হ’ৰ্ডিং-পোষ্টাৰেৰে ভৰিছে ৰাজ্য

আমাৰ অসম,২০ এপ্ৰিলঃ আপুনি বাৰু গুৱাহাটী মহানগৰীৰ যোৰাবাট-খানাপাৰাৰ পথৰে অহা যোৱা কৰিছে নেকি? যদিহে আপুনি উজনি অসমৰ পৰা গুৱাহাটীলৈ আহিছে, তেনেহ’লে মহানগৰীৰ প্ৰৱেশদ্বাৰ যোৰাবাট-খানাপাৰাৰ পথৰ কাষত কেইবাটাও বিজ্ঞাপনৰ বৃহৎ বৃহৎ হ’ডিং দেখা পাইছে৷ যিকেইখন হ’ৰ্ডিঙত হয়টো আপোনাৰ পৰিচিত বলীউডৰ অভিনেতা-অভিনেত্ৰী ৰণবীৰ কাপুৰ, কিয়াৰা আদৱানী,   জেকুলিন ফাৰ্ণাণ্ডেজ নতুবা ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ ডোৱেইন ব্ৰেভোক দেখা পাইছে৷ বিজ্ঞাপনত দেখা পোৱা তাৰকা খেলুৱৈ তথা অভিনেতা-অভিনেত্ৰীসকলে একো একোটা অনলাইন গেম প্লেটফৰ্মৰ হৈ প্ৰচাৰ চলাইছে৷ এক কথাত অসমৰ যুৱ-প্ৰজন্মক উক্ত অনলাইন গেমৰ অংশীদাৰ হোৱাৰ বাবে মিঠা হাঁহিৰে বিজ্ঞাপনটোৰ জৰিয়তে তাৰকাসকলে আহ৩ান জনাইছে৷ ৰাজ্যৰ প্ৰতিখন চহৰতে আঁৰি দিয়া উক্ত বিজ্ঞাপন গুগলত অনুসন্ধান কৰি অনলাইন গেমৰ আমেজ লৈছে বিভিন্নজনে৷ অৱশ্যে এই অনলাইন গেমৰ আমেজ কিন্তু ক্ষন্তেকীয়া বুলিহে চৰ্চা লাভ কৰিছে৷ কিয়নো ইয়াৰ কু-ফল তিতা-কেঁহা৷ তাৰকা অভিনেতা-অভিনেত্ৰী আৰু ক্ৰিকেটাৰে বিজ্ঞাপনত প্ৰচাৰ চলোৱা এই সমূহ অচলতে কোনো অনলাইন গেম নহয়, ই প্ৰকৃততে এক প্ৰকাৰ অনলাইন লটাৰী বা জুৱা৷ সহজে ধন ঘটাৰ লোভত এনে জুৱাত আসক্ত হ’লেই জীৱন বৰবাদ হোৱাটো এক প্ৰকাৰ নিশ্চিত৷ সম্প্ৰতি অনলাইন গেমৰ নামত ৰাজ্যৰ সৰ্বত্ৰ ছনি ধৰিছে এনে জুৱাই৷ এনে অনলাইন জুৱাৰ আসক্তিৰ বাবে সৰ্বস্বান্ত হৈছে যুৱ-প্ৰজন্ম৷ কেন্দ্ৰীয় চৰকাৰে অনলাইন গেম ছাইটসমূহক স্বীকৃতি দিয়াত ইয়াৰ অচিলাৰে মোবাইলে-মোবাইলে বিভিন্ন এপ-ৱেবচাইটত উপলব্ধ হৈ পৰিছে অনলাইন জুৱা৷ অৰ্থাৎ ভাৰ্চুৱেল মাধ্যমত অনলাইন গেমৰ নামত জুৱাত ধন বিনিযোগ কৰি দুই-এজন চহকী হৈছে যদিও অধিকাংশই সৰ্বস্বান্ত হৈ পৰাহে অভিযোগ উঠিছে৷ কিছুদিন আগলৈকে দেশৰ প্ৰধান বাণিজ্যিক চহৰসমূহত অনলাইন গেমৰূপী এনে জুৱাৰ প্ৰচাৰ প্ৰসাৰ সীমাবদ্ধ হৈ আছিল যদিও এতিয়া গুৱাহাটী মহানগৰীৰ মাজমজিয়াতো এনে অনলাইন জুৱাৰ বিজ্ঞাপনৰ ডাঙৰ ডাঙৰ হ’ৰ্ডিং পৰিলক্ষিত  হৈছে৷ আনকি অনলাইন জুৱাৰ বিজ্ঞাপনত নামী-দামী তাৰকাৰ ফটোও সংলগ্ন কৰা দেখা গৈছে৷ তদুপৰি টেলিভিছন আৰু ছ’চিয়েল মিডিয়াতো অনলাইন জুৱাৰ বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে৷ স্বাভাৱিকতেই অসমৰ যুৱ-প্ৰজন্মৰ লগতে বহুলোকেই সহজে ধন লাভৰ আশাত অনলাইন জুৱাৰ প্ৰতি আসক্তি বৃদ্ধি পাইছে৷ মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ সময়ত অনলাইন জুৱাৰ আসক্তিয়ে একাংশ লোকৰ জীৱনলৈ সংকট নমাই আনিছে৷ এনে আসক্তিৰ বাবে একাংশই ধাৰ-ঋণ লৈ বা ঘৰৰ পৰা ধন চুৰি কৰি নাইবা সা-সম্পত্তি বিক্ৰী কৰিও জুৱাত ধন বিনিযোগ কৰাৰ অভিযোগ লাভ কৰিছে আৰক্ষীয়ে৷ বিশেষকৈ গুৱাহাটীৰ খানাপাৰা, যোৰাবাট, বেলতলা, জালুকবাৰী, ডাউন-টাউনত অনলাইন গেম চাইট Fair Play, ৰXBETৰ বিজ্ঞাপন বৃহৎ হৰ্ডিং আঁৰি দিয়া দেখা গৈছে৷ নামত অনলাইন গেম বুলি প্ৰচাৰ চলোৱা হৈছে যদিও Fair Play, 1XBET হৈছে একো একোটা অনলাইন জুৱাৰ প্লেটফৰ্ম৷ অৰ্থাৎ উক্ত ৱেবচাইটোত আই পি এল মেচকে ধৰি বিভিন্ন খেলৰ বিপৰীতে বাজি লগাই ধন বিনিযোগ কৰিব পাৰে৷ অৰ্থাৎ গ্ৰাহকে ধন বিনিযোগ কৰা নিৰ্দিষ্ট দলটো জয়ী হ’লে বা নিৰ্দিষ্ট খেলুৱৈজনে ভাল খেলিলে বিনিযোগ কৰা ধনৰ বিপৰীতে অতিৰিক্ত লাভ উপাৰ্জন কৰিব পাৰে৷ এনে সহজে ধন ঘটা প্ৰণৱতাত আসক্ত হৈ ধাৰ-ঋণ লৈ ঘৰ সা-সম্পত্তি বিক্ৰী কৰি হ’লেও ধন বিনিযোগ কৰিবলৈ বাধ্য হৈছে বহুজন৷ পৰিণতিত ধন বিনিযোগ কৰাসকল সৰ্বস্বান্ত হ’বলগীয়া হৈছে৷ চৰকাৰে এনে অনলাইন গেম ছাইটসমূহক জুৱা চলোৱাৰ অনুমতি দিয়াত ইচ্ছা কৰিলেও স্থানীয় আৰক্ষী-প্ৰশাসনে কোনো ব্যৱস্থা ল’ব নোৱাৰে৷ অৰ্থাৎ চৰকাৰে এহাতে লটাৰী-জুৱাত আদিৰ প্ৰচলন বন্ধ কৰি আনহাতে অনলাইন গেম নাম দি জুৱাকে যেন স্বীকৃতি জনাইছে৷