Logo
image

জৰুৰী অৱস্থাত জে’ললৈ যোৱা ৩ শতাধিকলৈ পেন্সন

আমাৰ অসম,২০ এপ্ৰিলঃ  ৰাজ্যত জৰুৰীকালীন অৱস্থাত জে’ললৈ যোৱা ৩ শতাধিক লোকক অসম চৰকাৰে মাহে ১৫ হাজাৰ টকাকৈ পেন্সন দিব৷ বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেট বৈঠকৰ সিদ্ধান্ত সদৰী কৰি মন্ত্ৰী অশোক সিংঘাল আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়– ১৯৭৫ চনৰ ১০ জুনৰ  পৰা ২১ মাহৰ বাবে ভাৰতত চলা জৰুৰীকালীন অৱস্থাক প্ৰতিবাদ জনাই জে’ললৈ যোৱা ৩০১জন লোকে মাহিলী পেন্সন লাভ কৰিব৷ মাহে ১৫ হাজাৰ টকা তেওঁলোকে লাভ কৰিব৷ ইয়াৰে যিসকলৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকৰ পত্নীয়ে ১৫ হাজাৰ টকাকৈ পেন্সন পাব৷ পিতৃ-মাতৃ দুয়োৰে যদি মৃত্যু হৈছে তেন্তে যদি অবিবাহিত কন্যা থাকে সেই কন্যাই এই পেন্সনৰ ধন পাব৷ তেওঁলোক লোকতন্ত্ৰ সেনানী হিচাপে পৰিচিত হ’ব৷ কেবিনেটে ৮টা মেগা প্ৰকল্পৰ কাৰণে ৮,২০০.২৯ কোটি বিনিয়োগৰ অনুমোদন জনায়৷ ইয়াত প্ৰত্যক্ষ বিনিয়োগ ৬,১০০জনে পাব৷ অসমৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত ই সুন্দৰ প্ৰসাৰী পদক্ষেপ হ’ব৷ অহা ৯ এপ্ৰিলত কোম্পানীসমূহৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ’ব৷ পৰৱৰ্তী সময়ত অধিক কোম্পানীৰ সৈতে এই চুক্তি হ’ব৷ ৰাষ্ট্ৰীয় ক্ৰীড়াত মেডেল পোৱাসকলক তৃতীয় বৰ্গৰ চৰকাৰী চাকৰি দিয়াৰ কথা কোৱা হৈছিল৷ ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক বিজয়ী ১০গৰাকী সুদক্ষ খেলুৱৈক তৃতীয় বৰ্গৰ চাকৰিৰ অনুমোদন জনায় আজিৰ কেবিনেটে৷ সেইসকল হ’ল অনন্যা শইকীয়া, অনিন্দিতা কাকতি, অংকুশিতা বড়ো, চয়নিকা গগৈ, সোণমা ব্ৰহ্ম, ৰংগিলা দৈমাৰী, বিক্ৰম চাংমাই, দিপাংকৰ শৰ্মা, বংগিতা হাজৰিকা আৰু আনন্দ কুমাৰ নাৰ্জাৰী৷ ক্ৰীড়া নীতি অনুসৰি এইসকল খেলুৱৈক নিযুক্তি দিয়া হ’ব৷ চিটী গেছ ছাৰ্ভিচৰ কাৰণে অইল ইণ্ডিয়া লিমিটেড আৰু আছাম গেছ কোম্পানীৰ লগ লাগি এটা যৌথ কোম্পানী গঠনত কেবিনেটে অনুমোদন দিয়ে৷ ইয়াত আছাম গেছ কোম্পানীৰ অংশীদাৰিত্ব ৫১ শতাংশ হ’ব৷ অসম-অৰুণাচল সীমা সমস্যা সমাধানৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতিসমূহে দাখিল কৰা প্ৰতিবেদন কেবিনেটে গ্ৰহণ কৰে৷ অসম আৰু অৰুণাচলৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে বুজাবুজিৰ চুক্তি ২০ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত স্বাক্ষৰ হ’ব৷ অসমৰ ৮খন জিলা আৰু অৰুণাচল প্ৰদেশৰ ১২খন জিলাৰ ৮০০ কিলোমিটাৰতকৈ অধিক সীমামূৰীয়া অঞ্চলৰ বিবাদমান অঞ্চল আৰু গাঁও নিষ্পত্তি কৰা হয়৷