Logo
image

জ্বলা জুইত ডিজেল

আমাৰ অসম,২০ এপ্ৰিলঃ  ৰঙালী বিহুৰ পাছতেই মহঙা হৈ পৰিল ডিজেল৷ কিয়নো পুনৰবাৰ ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৫১ পইচাকৈ বৃদ্ধি পাইছে৷ খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ সময়তে জনতাৰ মূৰত যেন মাধমাৰ সোধালে ডিজেলৰ মূল্যবৃদ্ধিয়ে৷ ডিজেলৰ মূল্যবৃদ্ধিৰ লগে লগে বাণিজ্যিক বাহনৰ ভাৰাৰ লগতে ৰাজহুৱা পৰিবহণত যাত্ৰীৰ ভাৰাও বৃদ্ধি পোৱাৰ আশংকা প্ৰবল হৈ পৰিছে৷ বুধবাৰে মাজ নিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ তৈল প্ৰতিষ্ঠানসমূহে  ডিজেলৰ প্ৰতিলিটাৰত ৫১ পইচাকৈ মূল্যবৃদ্ধি কৰে৷ সেই অনুসৰি চলিত মাহত দুবাৰকৈ বৃদ্ধি পালে ডিজেলৰ মূল্য৷ বুধবাৰৰে পৰা অসমৰ গ্ৰাহকে প্ৰতিলিটাৰ ডিজেলৰ বিপৰীতে ৮৯.০৭ টকা মূল্য পৰিশোধ কৰিবলগীয়া হয়৷ অথচ এদিন আগলৈকে ডিজেলৰ দাম আছিল প্ৰতিলিটাৰত ৮৮.৫৫ টকা৷ ডিজেলৰ মূল্য বৃদ্ধিৰ সমান্তৰালভাৱে বাণিজ্যিক বাহনৰ ভাৰা বৃদ্ধি পালে শাক-পাচলি তথা নিত্য ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰো দাম বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিল৷ স্বাভাৱিকতেই এতিয়া যেন মূল্যবৃদ্ধিৰ জ্বলা জুইত ঘিউ ঢালিলে ডিজেলে৷ অৱশ্যে মঙলবাৰৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ মূল্য ২ ডলাৰকৈ হ্ৰাস হৈ ৮৪.৬০ ডলাৰ হোৱাৰ পাছতো ডিজেলৰ মূল্যবৃদ্ধি পোৱা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷