Logo
image

মেজিৰ জুইৰ উত্তাপ

অসমৰ জাতি-ধৰ্ম-বৰ্ণ-ভাষা-সম্প্ৰদায় নিৰ্বিশেষে সকলোটিলৈকে মাঘ বিহুৰ ওলগ জনাই আশা কৰিছোঁ মেজিৰ জুয়ে জাৰ পোৰাৰ দৰে অসমৰ জনসাধাৰণেও যোৱা চাৰে চাৰি বছৰে যি সন্দেহ, শংকা কৰি আহিছে, সেই শংকা আৰু সন্দেহ দূৰ কৰিবলৈ মেজিৰ জুয়ে জনসাধাৰণৰ মনৰ মাজত শক্তিৰ উত্তাপ দান কৰক৷ মেজিৰ জুইকুৰাই হওক আমাৰ জাতীয় জীৱনৰ প্ৰাণত সোমোৱা আৰু সুমাই দিয়া ভৱিষ্যৎ অন্ধকাৰ দূৰ কৰাৰ শক্তিৰ উৎস৷

সমগ্ৰ ভাৰতবৰ্ষ এক জটিল সন্ধিক্ষণৰ মাজেদি আহিছে৷ এহাতে চীনৰ আক্ৰমণৰ ভাবুকি, আনহাতে বিজেপি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহে অনা ভাবুকি৷ সংবিধানৰ প্ৰস্তাৱনাই ঘোষণা কৰা সমাজতান্ত্ৰিকতাবাদ এতিয়া ধনতন্ত্ৰবাদলৈ এই চৰকাৰে ৰূপান্তৰ কৰিছে৷ দ্বিতীয়তে, সংবিধানৰ প্ৰস্তাৱনাই ঘোষণা কৰা ধৰ্মনিৰপেক্ষতাবাদৰ বিৰুদ্ধে এই চৰকাৰে হিন্দুত্ববাদ  প্ৰতিষ্ঠাৰ বাবে আৰু অহিন্দুসকলক বক্ৰ চকুৰে চোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ তৃতীয়তে, সংবিধানে ঘোষণা কৰা গণতন্ত্ৰ, সংখ্যাগৰিষ্ঠতাৰ আলম লৈ এই চৰকাৰে প্ৰায় নিঃশেষ কৰি আনিবলৈ ধৰিছে আৰু অঘোষিত স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠাৰ পথ লৈছে৷ অপ্ৰত্যক্ষভাৱে সংবিধানৰ ঘোষিত নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্ত আৰু কামে ভাৰতবৰ্ষৰ গৰিমা নষ্ট কৰাই নহয়, সৰ্বসাধাৰণ মানুহৰ মুখত হ্ৰস্বকালীন মিঠা টোপ দি ভৱিষ্যৎ অন্ধকাৰ কৰি আনি আছে৷ সৰ্বসাধাৰণ মানুহে গম পোৱা নাই যে কেনেকৈ বিনামূলীয়া চাউল দি খেতিয়কৰ থকা মাটিও কোনোবা উদ্যোগপতিৰ কবললৈ যোৱাৰ বাট লাহে লাহে মুকলি কৰা হৈছে৷ বিজেপি দলৰ নেতা আৰু সদস্য, বিজেপিৰ সমৰ্থকসকল আৰু চৰকাৰী আমোলা-বিষয়াকে ধৰি কৰ্মচাৰীসকলৰ বাহিৰে লাহে লাহে সাধাৰণ মধ্যবিত্ত আৰু কৃষক-বনুৱা সমন্বিতে সাধাৰণ ৰাইজ কপৰ্দকশূন্য অৱস্থালৈ যোৱাৰ পথো মোকোলোৱা হৈছে৷ হিতাধিকাৰীৰ সৃষ্টিয়ে আৰু উপৰুৱা নানা ধৰণৰ উপহাৰ আৰু উপঢৌকনে সাধাৰণ মানুহক পাহৰাই ৰাখিছে যে এই উপঢৌকন দানৰ ঢৌ নোহোৱা হ’লে হ’ব পৰা দুৰৱস্থাৰ কথা৷

এতিয়া ভাৰতবৰ্ষত ডাঙৰ ক্ৰোড়পতি উদ্যোগপতি আৰু ব্যৱসায়ৰ ৰাজত্ব প্ৰতিষ্ঠিত হৈছে৷ আনকি মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ফচলৰ অধিকাৰো কৃষকৰ হাতৰ পৰা কাঢ়ি নি পুঁজিপতি ব্যৱসায়ীৰ হাতত তুলি দিয়া হৈছে৷ পাঞ্জাৱ-হাৰিয়ানাৰ কৃষকসকলে কৰা আন্দোলন প্ৰায় দুমাহ হ’ল৷ শেহতীয়াকৈ উচ্ছতম ন্যায়্যালয়ে কেন্দ্ৰীয় চৰকাৰক এই কৃষক আইন স্থগিত ৰাখিবলৈ কৈছে৷ কিন্তু কৃষকসকলে স্বাভাৱিকতে এই আইন বাতিল নকৰালৈকে ক্ষান্ত হ’ব নোৱাৰে৷ যিটো চৰকাৰে পুঁজিপতিৰ স্বাৰ্থৰ বাবে কৰা আইনৰ বিৰুদ্ধে ষাঠি জনতকৈয়ো অধিক লোকে প্ৰচণ্ড শীতত অহিংস অৱৰোধ আন্দোলন কৰি প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে সেই চৰকাৰক কোনোবাই গণতান্ত্ৰিক চৰকাৰ বুলি দাবী কৰিব পাৰেনে? এই চৰকাৰে সকলো নৈতিক, মানৱীয় আৰু সামাজিক নীতি-নিয়ম তথা সংবিধানকো ওপৰত তুলি নিজৰ ইচ্ছাক আইনলৈ ৰূপান্তৰ কৰিছে৷ ভাৰতবৰ্ষৰ কাৰণে ইয়াতকৈ দুখৰ আৰু দুভাৰ্গ্যৰ কথা কি হ’ব পাৰে? সৰ্বসাধাৰণ ধৰ্মভীৰু মানুহক পূজা-পাতলেৰে, মন্দিৰ নিমাৰ্ণেৰে তেওঁলোকক অদৃশ্য শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ কৌশলেৰে বাধ্য কৰোৱা হৈছে৷ বিজেপিৰ বাবে ধৰ্ম হ’ল সৰ্বসাধাৰণ মানুহৰ মন জয় কৰা এপাত অস্ত্ৰ৷ ই তেওঁবিলাকৰ বাবে যথাৰ্থতেই আন্তৰিক সংস্কৃতি নহয়৷

অসমৰ অৱস্থা বোধকৰোঁ সকলোতকৈ কাহিল৷ অসমৰ বিজেপি চৰকাৰে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰায় নব্বৈ হাজাৰ কোটি টকা ঋণ লৈ আহিবলৈ ধৰা বিধানসভাৰ নিবাৰ্চনত জিকিবৰ বাবে যোৱা প্ৰায় এবছৰে এই ধনেৰে হিতাধিকাৰী সৃষ্টি কৰিছে৷ নিবাৰ্চিত মানুহৰ বেংকৰ হিচাপত ধন ভৰাই দিছে, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি আৰু মাহেকীয়া মাচুলকে ধৰি সকলোবোৰ উঠাই দিছে৷ ছাত্ৰীক স্কুটী দিছে, কলেজীয়া ছাত্ৰক দুপৰীয়া চাহ-জলপান খাবলৈ প্ৰতিদিনে এশকৈ ধন দিয়াৰ কথা ঘোষণা কৰিছে, নতুন নতুন চাকৰিৰ দুৱাৰ খুলিছে৷ কিন্তু চাকৰি কৰি থকাসকলক চাকৰিৰ পৰা উলিয়াই দিয়াৰ বাবে লগে  লগে পিছদুৱাৰো খুলিছে৷ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা ধাৰৰ সুত পৰিশোধ কৰিব নোৱৰা চৰকাৰে যোৱা বি টি চি পৰিষদৰ নিবাৰ্চনত কেনেভাৱে ধনৰ অপব্যয় কৰিলে তাৰ হিচাপ কোনে দিব? এতিয়া অসমত ইফালৰ পৰা সিফাললৈ যাবলৈ কোনো কোনো মন্ত্ৰীক উৰাজাহাজ আৰু হেলিকপ্টাৰ নহ’লে নহয়৷ ৰাইজে হিচাপ লওক এখন ভাড়া কৰা বিমানৰ আৰু হেলিকপ্টাৰৰ প্ৰতি ঘণ্টাৰ ভাড়া কিমান? 

এই চৰকাৰে অন্য দলৰ সদস্যক কোটি কোটি টকা উপঢৌকন দি বিজেপিত সুমুৱাবলৈ ধৰিছে৷ মন কৰিবলগীয়া এয়ে যে বিজেপিলৈ অহা অন্য দলৰ কোনো সদস্যই আৰম্ভণিৰে পৰা স্ব-ইচ্ছাই দল সলনি কৰা নাই৷ সন্দেহ কৰাৰ থল আছে যে এওঁবিলাকৰ অনেকৰ পূৰ্বৰ কীৰ্তি-কলাপৰ বাবে বিজেপিয়ে বিহিব পৰা শাস্তিৰ ভয়ত অনেকেই নতশিৰ হৈ গেৰুৱা কাপোৰ পিন্ধিছে৷ হয়তো শেহৰফালে এনে এটা দিন আহিব যে এনেভাৱে সোমোৱা সদস্যসকলেই বিজেপিৰ এদিন মৃত্যুঘণ্টা বজোৱাত আগভাগ ল’ব৷ কিন্তু সৰ্বসাধাৰণ ৰাইজ তেনে এটা আশাৰ দিন আহক, তালৈ বাট চাই ৰৈ থাকিব নোৱাৰে৷ অসমত বিজেপিৰ অনেক নেতাই এতিয়া ভৎৰ্সনা কৰা, কটাক্ষপাত কৰা, অশালীন মনোভাবেৰে প্ৰতিপক্ষক আক্ৰমণ কৰা এই ঘটনাবোৰে দলটোৰ নৈতিক অধঃপতন দাঙি ধৰিছে৷ বিজেপিৰ অনেক নেতা কয়লা, কাঠ, শিলগুটি আনকি নদীৰ বালিৰ চোৰাং কাৰবাৰতো জড়িত বুলি ওলাই থকা সংবাদবোৰৰ চৰকাৰে একো অনুসন্ধান নকৰোৱায়৷ কাৰণ অনুসন্ধান কৰাবলৈ গ’লে নিজৰ গালৈকো ভয় হ’ব পাৰে৷ 

অসমৰ সচেতন লোক এতিয়া অসমৰ যুৱশক্তিৰ ওচৰলৈ ওলাই আহিছে৷ এই যুৱশক্তিক লৈয়ো দুনীৰ্তিগ্ৰস্ত অনেক নেতাই কটাক্ষপাত কৰিবলৈ সাহস কৰিছে কেৱল তেওঁলোকৰ পিছফালে ৰাষ্ট্ৰশক্তি আছে বুলি৷ আনকি ছাত্ৰই ৰাজনীতি কৰিব নালাগে বুলিও সমালোচনা কৰা অনেক তথাকথিত নেতাক জনসাধাৰণে সোধক, ভাৰতবৰ্ষত এজন মানুহে কিমান বছৰত ভোটাধিকাৰ পায়? ১৮ বছৰত যদি ভোটাধিকাৰ পাব পাৰে, ভোট দিবলৈ দল নিবাৰ্চন কৰাৰ আৰু তেনেধৰণৰ দলৰ সমৰ্থনত কাম কৰাৰ অধিকাৰ কোনো তুলুঙা মন্তব্য দিয়া নেতাই কাঢ়ি নিব নোৱাৰে৷ 

এনে নেতাই ভয় দেখুৱাব খোজে আজমললৈ৷ কিন্তু ১৯৭১ খ্ৰীষ্টাব্দৰ আগত অহা বিদেশীক গ্ৰহণ কৰাৰ সপক্ষে থকা বৰ্তমানৰ বিজেপিৰ অনেক সমৰ্থকে সেই কথা পাহৰি যায়৷ তাৰ পিছত অহাখিনিৰ নাগৰিকত্ব বাতিল কৰিবৰ কাৰণে তেওঁলোকে কামতো নকৰেই, দাবীও নকৰে৷ আৰ্থ-সামাজিক, ৰাজনৈতিক জ্ঞান নথকা মানুহৰ অশালীন সুৰৰ মন্তব্য কোনো সংস্কৃতিবান মানুহে বৰদাস্ত্‌ নকৰে৷ যুবশক্তিৰ লগত এতিয়া অসমত সকলো সমাজ-সচেতন লোক থিয় দিছেহি আৰু থিয় দিব৷ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকে ধৰি সকলো আঞ্চলিকতাবাদী শক্তি ঐক্যবদ্ধ হৈ থিয় দিয়াৰ এইটো গুৰুত্বপূৰ্ণ সময়৷ মেজিৰ জুইত শৰীৰ গৰম কৰি লৈ, মন সুদৃঢ় কৰি লৈ, জনসাধাৰণৰ চকুৰ আগত যদি কোনোবাই ভুৱা জাল তৰি দিছে সেই জাল ফালি জনসাধাৰণক উলিয়াই অনাৰ এয়ে সময়৷ নিবাৰ্চনৰ দিন ঘোষণা কৰা আগলৈকে চৰকাৰে য’ৰে পৰা ধন ধাৰ কৰি উপঢৌকন নিদিয়ক, গ্ৰহণ কৰক৷ কাৰণ এই ধন দলৰ ধন নহয়, চৰকাৰৰ ধন৷ কিন্তু যিসকলৰ প্ৰাণত এই ৰাজ্যখনৰ প্ৰতি, ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি, ৰাজ্যখনৰ ঐতিহ্যৰ প্ৰতি যদি সামান্য দায়বদ্ধতা আছে তেনেহ’লে এই মাঘবিহুৰ ৰাজ্যখনৰ উত্তাপৰ সময়ত শাসনৰ ৰাজ্যখনত অন্ত পেলাবলৈ শপতগ্ৰহণ কৰক৷ মেজিৰ জুইৰ উত্তাপত শপত গ্ৰহণ কৰাৰ এয়ে আটাইতকৈ উপযুক্ত সময়৷