Logo
image

কাজিৰঙাত পৰ্যটকক ম্যাদ উকলা সুৰা বিক্ৰী

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকক এখন সুৰা বিপনীয়ে ম্যাদ উকলা সুৰা বিক্ৰী কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে কহঁৰা আৰক্ষী চকীৰ অধীনত বগৰীজুৰিত অৱস্থিত মনালিচা নামৰ সুৰাৰ বিপনীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটককে বৃহস্পতিবাৰে ৩০০ টকাৰে বিৰা কোম্পানীৰ দুটা বিয়েৰ ক্ৰয় কৰে। পৰ্যটকে নিজৰ পৰ্যটন নিবাসত নি খোৱাৰ সময়ত ম্যাদ উকলি যোৱা দেখা পায়। পৰ্যটকে ক্ৰয় কৰা উক্ত বিয়েৰ দুটা ২৫ মাৰ্চ ২০২৩ লৈকে ম্যাদ আছিল যদিও মনালিচা সুৰা বিপনীত ম্যাদ উকলি যোৱাৰ প্ৰায় এমাহৰ পিছতো বিক্ৰী কৰি থকা হৈছে। কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত বোকাখাতৰ দেৱেশ্বৰ বৰা আৰু হৰিশ পাৰিক মালিকাধীন মনালিচা সুৰা বিপনীখনত পৰ্যটকক বিক্ৰী কৰাৰ উপৰিও আন গ্ৰাহকক উক্ত ম্যাদ উকলি যোৱা বিয়েৰ বিক্ৰী কৰি আছিল৷ উল্লেখ্য উক্ত বিয়েৰৰ বটলকেইটা যোৰহাটৰ বৰগোঁহাই ৱাইন বণ্ডৰ পৰা আনি দুই পৰ্যটকৰ উপৰিও আন গ্ৰাহকক বিক্ৰী কৰি আছিল বুলি মনালিচা সুৰা বিপনীৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে । 

এই সম্পৰ্কে কহঁৰা আৰক্ষীৰ লগতে বোকাখাত আবকাৰী বিভাগক অৱগত কৰাত বোকাখাতত থকা আবকাৰী পৰিদৰ্শক অজয় কুমাৰ দাসৰ সৈতে বিভাগীয় লোক মনালিচা সুৰা বিপনীত উপস্থিত হৈ ম্যাদ উকলি যোৱা বিয়েৰৰ বটল কেইটা জব্দ কৰি পৰীক্ষাৰ বাবে গবেষণাগাৰলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে চৰকাৰে অনুজ্ঞাপত্ৰ দিয়া এখন  সুৰাৰ বিপনীত যদি এনেদৰে ম্যাদ উকলি যোৱা সুৰা বিক্ৰী কৰি থাকে আৰু এই ম্যাদ উকলি যোৱা সুৰা খাই কোনো দুৰ্ঘটনা সংঘটিত হ'লে ইয়াৰ দায়িত্ব কোনে ল'ব বুলি কাজিৰঙালৈ অহা পৰ্যটকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ইফালে বোকাখাতৰ আবকাৰী পৰিদৰ্শককো তীব্ৰ সমালোচনা কৰি পৰ্যটকৰ লগতে সাধাৰণ গ্ৰাহকে কয় যে বিভাগীয় পৰিদৰ্শকে একাংশ সুৰা বিপনীৰ সৈতে মিতিৰালি কৰি থকাৰ বাবেই অবৈধভাৱে এনেধৰণৰ ব্যৱসায় চলাই আছে মনালিচা সুৰা বিপনীখনে। ম্যাদ উকলি যোৱা সুৰা বিক্ৰী কৰা বিপনীখনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ আহ্বান জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকে।