Logo
image

এছক’ৰ্ট-পাইলট দি আম্বানিৰ চিৰিয়াখানালৈ ৪৯ ট্ৰাক হাতী

আমাৰ অসম,২২ এপ্ৰিলঃ অসম আৰু অৰুণাচলৰ পৰা বহিঃৰাজ্যলৈ হাতী সৰবৰাহক কেন্দ্ৰ কৰি মাজে-সময়ে তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈ অহাৰ মাজতে জনচক্ষুৰ অলক্ষিতে নিশাৰ আন্ধাৰত এতিয়াও অব্যাহত আছে বহিঃৰাজ্যলৈ হাতীৰ সৰবৰাহ৷ বৃহস্পতিবাৰে নিশা ৪৯খন ট্ৰাক-এছক’ৰ্ট বাহনৰ বিশাল কনভয়েৰে গুজৰাটলৈ ২০টা হাতী সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ অৰুণাচলৰ নামচাইৰ পৰা আম্বানিৰ গুজৰাটৰ জামনগৰস্থিত ৰিলায়েন্সৰ চিৰিয়াখানালৈ গোপনে হাতীকেইটা সৰবৰাহ কৰাৰ সময়তে স্থানীয় লোকে এই বিষয়টো পোহৰলৈ আনে৷ ইতিপূৰ্বে আম্বানিৰ চিৰিয়াখানালৈ অৰুণাচলৰ পৰা ১৫০ৰো অধিক হাতী গোপনে সৰবৰাহ কৰিছে৷ ব্যক্তিগত খণ্ডৰ চিৰিয়াখানাখনত ১,০০০ হাতী ৰখাৰ ব্যৱস্থা কৰিছে৷ সেইসূত্ৰে অৰুণাচলৰ পৰা নিশাৰ আন্ধাৰত অসমৰ মাজেৰে সৰবৰাহ হৈছে ট্ৰাকে ট্ৰাকে হাতী৷ বৃহস্পতিবাৰে নিশাৰ আন্ধাৰত অৰুণাচলৰ নামচাইৰ পৰা গুজৰাটলৈ হাতী কঢ়িয়াই নিয়াক কেন্দ্ৰ কৰি তিনিচুকীয়া বাইপাছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৰুণাচলৰ পৰা ২০টা হাতী গুজৰাটলৈ নিয়া বুলি বন বিভাগে দাবী কৰিলেও সমগ্ৰ প্ৰক্ৰিয়াটোক কেন্দ্ৰ কৰি গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য, তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা চলি থকা এই হাতী সৰবৰাহৰ প্ৰধান কৰিড’ৰ হৈ পৰিছে তিনিচুকীয়া বাইপাছ৷ পাঠকসকলৰ নিশ্চয় মনত আছে যে বিগত সময়ছোৱাত তামিলনাডুৰ এটা মন্দিৰত বন্দী হৈ থকা জয়মালা নামৰ হাতীটোৰ ওপৰত চলোৱা নিৰ্যাতনৰ ঘটনাৰ ভিডিঅ’ক কেন্দ্ৰ কৰি ‘আমাৰ অসম’ত বাতৰি প্ৰকাশিত হোৱাৰ পাছত সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰৰ পৰা ধৰ্মীয় কাৰণত বহিঃৰাজ্যলৈ কেইবাবছৰ পূৰ্বে লৈ যোৱা জয়মালাক তামিলনাডুৰ পৰা ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰে তিনিজনীয়া দল এটা প্ৰেৰণ কৰিছিল যদিও জয়মালাক ঘূৰাই আনিবলৈ অসম চৰকাৰ সক্ষম নহ’ল৷ জয়মালাৰ দৰে আজিও বহিঃৰাজ্যত আবদ্ধ হৈ আছে অসম-অৰুণাচল সীমান্তৰ পৰা সৰবৰাহ কৰা একাধিক হাতী৷ আনহাতে, ইয়াৰ সমান্তৰালকৈ আজিও বৃহৎসংখ্যক হাতী বহিঃৰাজ্যলৈ সৰবৰাহ কৰি থকা হৈছে৷ বৃহস্পতিবাৰে নিশা বৃহৎসংখ্যক হাতী এইদৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ ঘটনা পোহৰলৈ অহাৰ পাছত এই কথাৰ সত্যতা পুনৰ প্ৰমাণিত হৈছে৷ অৰুণাচলৰ নামচাইৰ পৰা ট্ৰাক, এম্বুলেন্সকে ধৰি মুঠ ৪৯খন গাড়ীৰ এটা বিশাল কনভয়যোগে ২০টা হাতী সৰবৰাহ কৰা হৈছিল গুজৰাটলৈ৷ এই ২০টা হাতী সৰবৰাহৰ বাবে কেতবোৰ নথি-পত্ৰ প্ৰদৰ্শন কৰা হৈছে যদিও হাতী সৰবৰাহৰ বিষয়টোক লৈ ৰহস্যৰ গোন্ধ পাইছে স্থানীয় দল, সংগঠনসমূহে৷ জানিব পৰা মতে, বিগত প্ৰায় এপষেক ধৰি অৰুণাচলৰ বিভিন্ন স্থানৰ পৰা হাতীসমূহ সংগ্ৰহ কৰি এনেদৰে পূৰ্বপৰিকল্পিতভাৱে গুজৰাটলৈ নিয়া হৈছে৷ অৰুণাচলৰ নাম লৈ ইয়াৰ মাজত অসমৰ হাতীও গুজৰাটলৈ সৰবৰাহ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে দল, সংগঠনসমূহে৷ ইফালে যোৱা নিশা হাতী সৰবৰাহৰ তথ্য সদৰি হোৱাৰ লগে লগে তিনিচুকীয়া-ডুমডুমা বাইপাছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী৷ তথ্য অনুসৰি, আহমেদাবাদৰ ৰাধেকৃষ্ণা টেম্পল এলিফেণ্ট ৱেলফেয়াৰ ট্ৰাষ্ট নামৰ এটা ধৰ্মীয় অনুষ্ঠানৰ বাবে অৰুণাচলৰ পৰা হাতীসমূহ লৈ যোৱা হৈছে৷ উল্লেখ্য,এনেদৰে দীৰ্ঘদিনৰ পৰা ধৰ্মীয় কাৰণৰ আলম লৈ অসম-অৰুণাচল সীমান্তৰ পৰা বৃহৎসংখ্যক হাতী বহিঃৰাজ্যলৈ লৈ যোৱা হৈছে যিসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত পুনৰ কেতিয়াও ঘূৰি অহা নাই৷ কিন্তু ইয়াৰ পাছতো এইক্ষেত্ৰত অসম আৰু অৰুণাচল চৰকাৰৰ বন বিভাগে এক ৰহস্যজনক ভূমিকা পালন কৰি অহা পৰিলক্ষিত হৈছে৷ ইতিপূৰ্বে চুবুৰীয়া ম্যানমাৰৰ পৰা সৰবৰাহ কৰাৰ সময়ত অসমৰ বিভিন্ন স্থানত বন বিভাগে একাধিক দুষ্প্ৰাপ্য চোৰাং বন্যপ্ৰাণী জব্দ কৰাৰ পাছত গুৱাহাটীস্থিত ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত উক্ত বন্যপ্ৰাণীসমূহক ৰিলায়েন্সৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে৷