Logo
image

আৰবত এদিন পূৰ্বেই দেখা গ’ল জোন, ভাৰতত আজিহে ঈদ

আমাৰ অসম,২২ এপ্ৰিলঃ আৰৱত বৃহস্পতিবাৰেই দেখা গ’ল জোন৷ সেয়ে ভাৰততকৈ এদিন পূৰ্বেই অৰ্থাৎ শুকুৰবাৰেই ছৌদি আৰৱত পালন কৰা হ’ল ঈদ৷ আনহাতে ভাৰতত শুকুৰবাৰেহে ঈদৰ জোন দেখা পোৱাত  শনিবাৰে পালন কৰা হ’ব ঈদ৷ দিল্লীৰ জামা মছজিদে ভাৰতত শনিবাৰে ঈদ পালন কৰা হ’ব বুলি  ঘোষণা কৰে৷ তাৰ পূৰ্বে ছৌদি আৰৱত বৃহস্পতিবাৰেই জোন দেখা পোৱাত জুম্মাবাৰ অৰ্থাৎ শুকুৰবাৰেই ঈদ পালন কৰা হ’ব বুলি নিশ্চিত হোৱাত ভাৰতত কেতিয়াকৈ ঈদ হ’ব সেই লৈ বিগত দুদিন   ইছলাম ধৰ্মাৱলম্বীৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছিল৷ কিন্তু শুকুৰবাৰে দিল্লীৰ জামা মছজিদে জোন দেখা পোৱাৰ কথা কোৱাৰ পাছত আৰু সেই উৎকণ্ঠা নাথাকিল৷ বিশ্বৰ আন আন দেশৰ দৰে এতিয়া ভাৰতেও শনিবাৰে ঈদ পালন কৰিবলৈ সাজু হৈছে৷ ইপিনে ছৌদি আৰৱকে ধৰি সমগ্ৰ মধ্যপ্ৰাচ্যত ২১ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ ঈদৰ বাবে দীঘলীয়া ছুটী ঘোষণা কৰা হৈছে৷ এই কেইদিন আৰৱৰ সকলো দেশত স্কুল-কলেজ, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ থাকিব৷ উল্লেখ্য ইছলাম কেলেণ্ডাৰ অনুসৰি ৰমজান হ’ল নৱম মাহ৷ এই মাহত ধৰ্মপ্ৰাণ মুছলিমসকলে ৰোজা ৰাখে আৰু মাহৰ শেষত ঈদ পালন কৰা হয়৷ অৰ্থাৎ ঈদ পালিত হয় ৰমজানৰ পাছৰ দশম মাহৰ প্ৰথম দিনা৷ সাধাৰণতে সকলো দেশত একেদিনাই জোন দেখা নোপোৱাৰ বাবেই বিশ্বজুৰি ঈদ পালনৰ দিনটো পৃথক হয়৷ এইবাৰো আৰৱৰ সৈতে ভাৰতৰ ঈদ পালনৰ দিন পৃথক হ’ল৷ ঈদ-উল-ফিটৰ হৈছে ভ্ৰাতৃত্ব আৰু সম্প্ৰীতিৰ উৎসৱ৷ সেয়ে সকলোৱে ঈদৰ দিনা পৰস্পৰক ঈদ মোবাৰক বুলি কৈ শুভেচ্ছা জ্ঞাপন কৰে৷ মুছলিম ধৰ্মবিশ্বাস অনুযায়ী ৬২৪ খ্ৰীষ্টাব্দত মহম্মদ বদৰৰ যুদ্ধত বিজয়ী হৈছিল৷ কথিত আছে সেই বিজয়ৰ আনন্দত তেওঁ ঈদ-উল-ফিটৰ উদ্‌যাপন কৰিছিল৷ তেতিয়াৰ পৰাই ইছলাম ধৰ্মাৱলম্বীয়ে ঈদ-উল-ফিটৰ পালন কৰি আহিছে৷ ভাৰতকে ধৰি এছিয়াৰ ইছলাম ধৰ্মাৱলম্বী দেশ মালয়েছিয়া, ইণ্ডোনেছিয়া, ব্ৰুনেইত শনিবাৰে আৰু একেদিনাই অষ্ট্ৰেলিয়া, জাপান, ছিংগাপুৰ, ফিলিফাইনছ, থাইলেণ্ডত ঈদ উদ্‌যাপন কৰা হ’ব৷