Logo
image

চিবিআইৰ চমন আহিল মালিকলৈ

আমাৰ অসম,২২ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সন্দৰ্ভত কৰণ থাপৰক বিস্ফোৰক সাক্ষাৎকাৰ দিয়া বিজেপিৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক জম্মু-কাশ্মীৰৰ এটা পুৰণি গোচৰ সন্দৰ্ভত চিবিআয়ে জেৰাৰ বাবে চমন জনাইছে৷ অহা ২৮ এপ্ৰিলত সত্যপাল মালিক দিল্লীৰ চিবিআইৰ মুখ্য কাৰ্যালয়ত  উপস্থিত থাকিব লাগিব বুলি শুকুৰবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে তেওঁক জনাইছে৷ অনিল আম্বানিৰ ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানীৰ জৰিয়তে সংঘটিত হোৱা এটা কেলেংকাৰিৰ গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক চমন জনোৱা হৈছে৷ ২০১৮ চনত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল হৈ থকা সময়ত সত্যপাল মালিকে ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সৰ এটা ঠিকা বাতিল কৰিছিল৷ চিবিআয়ে সেই কেলেংকাৰিৰ গোচৰত অনিল আম্বানিৰ ৰিলায়েন্সৰ উপৰি ইঞ্চুৰেন্সৰ ব্ৰ’কাৰ ট্ৰিনিটি ৰি-ইঞ্চুৰেন্সৰ বিৰুদ্ধেও তদন্ত চলাই আছে৷ সেই কেলেংকাৰিৰ তদন্তৰ জেৰাৰ বাবেই সত্যপাল মালিকক চমন জনোৱা বুলি প্ৰাক্তন ৰাজ্যপালজনৰ পক্ষৰ এটা সূত্ৰই প্ৰকাশ কৰিছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্সে তেতিয়াৰ ৰাজ্যখনৰ ৩.৫ লাখ কৰ্মচাৰীক সামৰি বীমা কৰোৱাৰ এটা চুক্তি সম্পাদিত হৈছিল৷ সেই বীমাৰ চুক্তি বা ঠিকাৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি নিশ্চিত হৈ ৰাষ্ট্ৰপতি শাসিত ৰাজ্যখনৰ ৰাজ্যপাল সত্যপাল মালিকে সম্পূৰ্ণ ঠিকাটোকে বাতিল কৰি দিছিল৷ সেই ঠিকা যাতে বাতিল কৰা নহয় সেই সন্দৰ্ভত  বিজেপিৰ আগশাৰীৰ নেতা ৰাম মাধৱে মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰিছিল আৰু তাৰ বাবে তেওঁ ৰাজ্যপাল মালিকক সাক্ষাতো কৰিছিল৷ অলপতে কৰণ থাপাৰক দিয়া সাক্ষাৎকাৰত সত্যপাল মালিকে ৰাম মাধৱৰ কথাও উল্লেখ কৰিছিল৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এসময়ৰ ঘনিষ্ঠ বিজেপি নেতা তথা মোদীৰ শাসনকালত চাৰিখনকৈ ৰাজ্যত ৰাজ্যপালৰ পদবী লাভ কৰা সত্যপাল মালিকে অলপতে ‘দ্য ৱায়াৰ’ৰ বৰেণ্য সাংবাদিক কৰণ থাপাৰক এটা বিস্ফোৰক সাক্ষাৎকাৰ দিছিল৷ সেই সাক্ষাৎকাৰত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইমানেই বিস্ফোৰক কথা কৈছিল যে তেওঁক যিকোনো মুহূৰ্ততে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই বা ই-ডিৰ জৰিয়তে মোদী চৰকাৰে জেৰা কৰাব বুলি দেশজুৰি চৰ্চা হৈছিল৷ প্ৰত্যাশিতভাৱে কৰণ থাপাৰক সাক্ষাৎকাৰ দিয়াৰ এপষেকৰ ভিতৰতে সত্যপাল মালিকক চিবিআয়ে জেৰাৰ বাবে আমন্ত্ৰণ জনালে৷ 

কৰণ থাপাৰক দিয়া সাক্ষাৎকাৰত সত্যপাল মালিকে পুলৱামাৰ ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ক জগৰীয়া কৰিছিল৷ ২০১৯ চনৰ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত চিআৰপিএফৰ জম্মু-কাশ্মীৰলৈ গৈ থকা এটা কনভয়ৰ ৪০জন জোৱানৰ মৃত্যু হৈছিল৷ সেইদিনা ঘটনাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জিম কৰবেট  ৰাষ্ট্ৰীয় উদ্যানত এটা বেচৰকাৰী চেনেলৰ অনুষ্ঠানৰ বাবে শ্বুটিং কৰি আছিল৷ ফলত প্ৰধানমন্ত্ৰীৰ সৈতে কাৰো যোগাযোগ সম্ভৱ হোৱা নাছিল৷ থাপাৰক দিয়া সাক্ষাৎকাৰত মালিকে কৈছিল, জিম কৰবেট  ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ফোন কৰিছিল তেতিয়া তেওঁ কৈছিল যে এই ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰণালয় জগৰীয়া৷ তেতিয়াই প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক মনে মনে থাকিবলৈ নিৰ্দেশ দি কৈছিল– ইয়ে কিছি ঔৰ ছিজ হ্যে৷ তুম চুপ ৰহো৷ [এয়া এক বেলেগ ঘটনা৷ তুমি একো নামাতিবা৷] সাক্ষাৎকাৰত পুনৰ মালিকে কৈছিল– চিআৰপিএফ কতৃৰ্পক্ষই চৰকাৰক ১০০০ জোৱান জম্মু-কাশ্মীৰলৈ নিয়াৰ বাবে পাঁচখন বিমান বিচাৰিছিল৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে সেই অনুৰোধ প্ৰত্যাখ্যান কৰে৷ ফলত সন্ত্ৰাসজৰ্জৰ অঞ্চলৰ মাজেৰে সেই বিশাল কনভয়টো যাবলগীয়া হয়৷ তদুপৰি ঘটনাৰ দহ-পোন্ধৰদিন আগৰ পৰা পুলৱামাত ৩০০ কেজি বিস্ফোৰক বোজাই কৰা গাড়ীখন ঘূৰি থকাৰ খবৰ সকলোৱে পাইছিল৷ আনহাতে চিআৰপিএফৰ কনভয় যোৱা মূল পথৰ সৈতে সংযোগ ঘটা ৮-১০টা পথত কোনো পহৰা দিয়া হোৱা নাছিল৷ ফলত সহজে ৪০ জন জোৱানৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হ’ল৷ সত্যপাল মালিকে কৰণ থাপাৰক কৈছিল যে, এই ঘটনাৰ  পৰা বিজেপিয়ে ৰাজনৈতিক লাভ উঠাব আৰু ঘটনাৰ বাবে পাকিস্তানক মোদী চৰকাৰে জগৰীয়া কৰিব বুলি তেওঁ লগে লগে বুজি পাইছিল৷  সত্যপাল মালিকক এই ঘটনা সংক্ৰান্তত মুখ বন্ধ ৰাখিবলৈ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও কৈছিল৷ মালিকে সাক্ষাৎকাৰত জনাইছিল যে ডোভাল তেওঁৰ সহপাঠী৷ সেয়ে ডোভালৰ অনুৰোধৰ পাছত মোদী চৰকাৰে কি পদক্ষেপ ল’ব তেওঁৰ বুজাত অসুবিধা হোৱা নাছিল৷ একেটা সাক্ষাৎকাৰতে সত্যপাল মালিকে নৰেন্দ্ৰ মোদী বিজেপি শাসিত ৰাজ্যত দুৰ্নীতিৰ ক্ষেত্ৰত বিশেষ উদ্বিগ্ন নহয় বুলি মন্তব্য কৰিছিল৷ গোৱাৰ দুৰ্নীতিৰ কথা মোদীক জনোৱাৰ ফলতে মালিকক দৌৰাদৌৰিকৈ গোৱাৰ পৰা আঁতৰাই মেঘালয়ৰ ৰাজ্যপাল পতা হৈছিল বুলিও তেওঁ সাক্ষাৎকাৰত দাবী কৰিছিল৷ তদুপৰি জম্মুু-কাশ্মীৰ সন্দৰ্ভত মোদীয়ে বিশেষ তথ্য নাজানে বুলি মালিকে সাক্ষাৎকাৰত কৈছিল৷ ইমানবোৰ বিস্ফোৰক কথা কৈ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক ক্ষতিগ্ৰস্ত কৰা সত্যপাল মালিকক মোদী চৰকাৰে সহজে এৰি নিদিব বুলি হোৱা চৰ্চা এতিয়া লাহে লাহে সত্যত পৰিণত হ’বলৈ আগবাঢ়িছে৷