Logo
image

ফেচবুকেই যত কূটৰ ঘাইঃ মুখ্যমন্ত্ৰী

আমাৰ অসম,২২ এপ্ৰিলঃ আজিকালি ফেচবুকেই যত কূটৰ ঘাই৷ এতিয়া আটাইতকৈ ডাঙৰ সমস্যা  ফেচবুকত লিখাটো৷ এই দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শুকুৰবাৰে এটা অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়– ক’ৰবাত যদি কিবা এটা ঘটনা হোৱা দেখা পায় লগে লগে ফেচবুকত লিখি দিয়ে৷ অফিচাৰে তোৰ দেউতাৰ নাম কি বুলি সুধিলে লগে লগে  ফেচবুকত লিখি দিলে মই গোৰ্খা কাৰণে এনে প্ৰশ্ন কৰিছে৷ ফেচবুকত লগে লগে এনেকৈ লিখাৰ পৰিৱৰ্তে দুই মিনিট ৰওকচোন৷ কাষৰ জনকো সোধকচোন৷ অফিচাৰে কাষৰ অসমীয়াজনকো সুধিছে একেটা প্ৰশ্ন, নেপালীজনকো সুধিছে একোটা প্ৰশ্ন, বিহাৰীজনকো একোটা প্ৰশ্ন সুধিছে৷ শিক্ষকে অংক কৰিব নোৱাৰিলে অসমীয়া ছাত্ৰজনকো দুই ছাত দিব, বড়োজনকো দিব, নেপালী জনকো দিব, গোৰ্খা জনকো দিব দুই ছাত৷ যদি গোৰ্খাজনে ফেচবুকত লিখি দিয়ে মোক গোৰ্খা কাৰণে গালি দিলে সেইটো ঠিক কথা নহয়৷ বসুন্ধৰাত সকলোৱে আবেদন কৰিছে৷ সেইমতে কামো হৈছে৷ গোৰ্খা বা নেপালী বুলি কাৰো কাম ৰৈ থকা নাই৷ সেইবোৰ কথা বিশে¡ষণ নকৰাকৈ  এতিয়া ফেচবুকত লিখাটো আটাইতকৈ ডাঙৰ সমস্যা হৈছে৷ উল্লেখ্য, ৰাজ্যৰ শাসক- বিৰোধী, চৰকাৰ-প্ৰশাসনৰ কাম-কাজত তীক্ষ্ণ নজৰ দি অহা লোকে সামান্য ত্ৰুটি  দেখিলেই ফেচবুকত লিখাৰ পৰিপ্ৰেক্ষিতত বহু সময়ত অস্বস্তিত পৰা দেখা যায় চৰকাৰ-প্ৰশাসনক৷ আনকি চৰকাৰৰ মুৰব্বীৰ কাম-কাজত ত্ৰুটি দেখিলেই তাৎক্ষণিকভাৱে কোনো কোনোৱে বিভিন্ন তথ্যসহকাৰে পোষ্ট আপলোড কৰাৰ ফলত তেওঁলোক বিমোৰত পৰে৷ কাজেই মুখ্যমন্ত্ৰী শৰ্মায়ো ফেচবুকত লিখাক লৈ কেতিয়াবা কেতিয়াবা অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হোৱাটো তেনেই স্বাভাৱিক৷