Logo
image

ৰাজনীতিক-অভিনেত্ৰীৰ সম্পৰ্কক লৈ তোলপাৰ বলীউড

ৰাজনীতিক আৰু অভিনেত্ৰীৰ মাজত মধুৰ সম্পৰ্কই মাজে মাজে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে৷ বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ‘আপ’ৰ নেতা ৰাঘৱ চড্ডাৰৰ বিবাহক লৈ দীৰ্ঘদিন ধৰি বলীউডৰ ভিতৰে-বাহিৰে চলিছে ব্যাপক চৰ্চা৷ দুয়োৰে সম্পৰ্ক-বাগদান পৰ্বক লৈ ছ’চিয়েল মিডিয়াতো বহু পানী ঘোলা হৈছে৷ শেহতীয়াকৈ পৰিণীতিৰ অনামিকা আঙুলিত হীৰাৰ আঙঠি দেখি নেটিজেনৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে প্ৰসংগটোৱে৷ মুম্বাইৰ ৰেস্তোৰাঁত কেইবাবাৰো পাপাৰাৎজি কেমেৰাৰ সন্মুখত ধৰা দিছে প্ৰেমিক যুগলে৷ দুয়োটা পৰিয়ালৰ সদস্যৰ উপস্থিতিতে সম্পন্ন হয় দুয়োৰে বাগদান পৰ্ব৷ ‘উচাই’, ‘ইশকজাদে’ খ্যাত অভিনেত্ৰী তথা জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ সম্পৰ্কীয় ভনীয়েক পৰিণীতিয়ে অধ্যয়ন কৰিছিল ইংলেণ্ডৰ মানচেষ্টাৰ বিজনেছ স্কুলত৷ আনহাতে ৰাঘৱ চাড্ডাই অধ্যয়ন কৰিছিল লণ্ডনৰ স্কুল অৱ ইকনমিক্সত৷ বিদেশৰ ভূমিতে বন্ধুত্ব– পাছলৈ প্ৰেমৰ সূত্ৰপাত হয় ৰাঘৱ-পৰিণীতিৰ৷ ২০১১ বৰ্ষত চিনেমাৰ পৰ্দাত অভিষেক ঘটে পৰিণীতিৰ৷ ৰাজনীতিক আৰু অভিনেত্ৰীৰ ব্যক্তিগত সম্পৰ্কক লৈ দুয়ো কেতিয়াও মুখ খোলা নাই৷