Logo
image

ব্ৰাজিলিয়ান সুন্দৰী-মডেলৰ প্ৰেমত হাবু-ডুবু খাইছিল কোহলিয়ে

মডেলিঙক পেশা হিচাপে লৈ গ্লেমাৰ জগতত আত্মপ্ৰকাশ কৰি নিজৰ এখন সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছিল ব্ৰাজিলিয়ান মডেল ইজাবেল লেইটে৷ ক্ৰিকেট তাৰকা বিৰাট কোহলিৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখি শিৰোনাম দখল কৰিছিল সুন্দৰীগৰাকীয়ে৷ প্ৰথম অৱস্থাত মডেলিং কেৰিয়াৰ আৰম্ভ কৰিলেও গ্লেমাৰ জগতত তেওঁ আকাশলংঘী জনপ্ৰিয়তা পোৱা নাছিল৷ কিন্তু ক্ৰিকেটাৰ বিৰাট কোহলিৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি তুলি নিশাৰ ভিতৰতে শিৰোনাম দখল কৰিছিল ব্ৰাজিলিয়ান মডেলগৰাকীয়ে৷ ব্ৰাজিলত থকা কালত বিভিন্ন বিজ্ঞাপনত তেওঁ ভূমুকি মাৰিছিল৷ মডেল ইজাবেলৰ ভাষ্যমতে ছিংগাপুৰত এক বিজ্ঞাপনৰ কামত যাওঁতে বিৰাট কোহলিৰ সৈতে সাক্ষাৎ হয় আৰু তাৰ পাছত দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠে৷ ইজাবেলৰ প্ৰেমত বাৰুকৈয়ে বন্দী হয় কোহলি৷ অৱশ্যে এই সম্পৰ্ক বেছিদিন নিটিকিল৷ দুবছৰ একেলগে থকাৰ পাছত দুয়োৰে সম্পৰ্কত ফাঁট মেলে৷ ২০১৪ চনত বিৰাটৰ সৈতে সম্পৰ্ক ছেদ হয় ইজাবেলৰ৷ ২০১২ চনত ডাঙৰ পৰ্দাত প্ৰথম অভিনয় কৰা দেখা যায় ব্ৰাজিলিয়ান মডেলগৰাকীক৷ আমিৰ খানৰ ছবি– ‘তালাছঃ দ্য আনছাৰ লায়েছ উইদিন’ত পাশ্বৰ্ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ৷ তাৰ এবছৰৰ পাছত ৰাজ পুৰোহিত পৰিচালিত হিন্দী ছবি ‘ছিক্সটিন’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল৷ ২০১৪ চনত ‘পুৰণি জিনছ’ নামৰ ছবিখনতো তেওঁ অভিনয় কৰে৷ ছবিখনত ইজাবেলৰ সহঃ অভিনেতা আছিল তনুজ ভিৰৱানি৷ তেওঁৰ তনুজৰ সৈতেও সম্পৰ্ক গঢ়ি উঠা বুলি বলীউডত বু-বু বা-বা চলিছিল৷ বিৰাটৰ সৈতে বিচ্ছেদৰ পাছত ইজাবেলে দক্ষিণৰ ছবি জগতৰ সৈতে জড়িত হয়৷ ২০১৮ চনত তেলেগু ছবি ‘নৰেন্দ্ৰ’ত তেওঁ অভিনয়ত জড়িত হৈ পৰে৷ ২০১৯ চনত  ‘মিষ্টাৰ মজনু’ নামৰ তেলেগু ছবিত দেখা গ’ল ইজাবেলক৷ ২০২০ চনত ‘ৱল্ডৰ্ ফেমাছ লাভাৰ’ত বিজয়ৰ বিপৰীতে অভিনয় কৰে ব্ৰাজিলিয়ান সুন্দৰীগৰাকীয়ে৷ বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিজ্ঞাপন ছবিত কাম কৰিছিল ইজাবেলে৷