Logo
image

৬ দিনৰ ভিতৰত দ্বিতীয়টো ভূমিকম্পঃ অসমসহ উত্তৰ পূবত পুনৰ ভূমিকম্পৰ জোকাৰণি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যজুৰি ঠাইবিশেষে গাজনী, ঢেৰেকনি শিলাবৃষ্টি, ধুমুহাৰ সৈতে বৰষুণ আহি থকাৰ মাজতে দেওবাৰে  বিয়লি এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই অসম, মেঘালয়কে  ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ এক বিস্তীৰ্ণ অঞ্চল জোকাৰি যায়। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ভাৰতীয় মান সময় মতে বিয়লি ৩ বাজি ৩৩ মিনিট ৩৩ চেকেণ্ডত প্ৰায় ১১  চেকেণ্ড মান সময়ৰ বাবে অনুভূত হোৱা  ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৫ কম্পনাংক। তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ গোৱালপাৰা জিলাৰ গাতে লগা মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰ জিলাৰ পাঁচ কিলোমিটাৰ গভীৰতাত উত্তৰ পূব দিশত ৫ কিলোমিটাৰ গভীৰতাত। 

অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।  ইয়াৰ পূৰ্বে ১৭ এপ্ৰিলটো এটা ৩.৭ কম্পনাংকৰ মৃদু প্রাৱল্যৰ ভূমিকম্পই জোকাৰি গৈছিল।  উল্লেখযোগ্য যে  বিগত সময়চোৱাত অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্য আৰু গাতে লগা ম্যানমাৰ সীমান্ততো  কেবাটাও মৃদু আৰু মধ্যমীয়া প্রাৱল্যৰ ভূমিকম্পই জোকাৰি  গৈছে।  তেনেদৰে  ২০২১ চনৰ ২৮  এপ্ৰিলত পুৱা অনুভূত  হোৱা উচ্চ প্ৰাৱ্যলৰ ভূমিকম্পৰ পাছত  বিগত প্ৰায় দুটা বছৰত  ৪৮ টাৰো অধিক আৰু ৰিখটাৰ স্কেলত ৩ ৰ পৰা ৫.২  কম্পনাংকৰ মৃদুৰ পৰা মজলীয়া আৰু উচ্চ  প্রাৱল্যৰ ভূমিকম্পই ৰাজ্যখন  জোকাৰি গৈছে।  ইয়াৰে  প্ৰায়  ৪০  শতাংশৰো অধিক ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ অসম - অৰুণাচল সীমান্তৱৰ্তী অঞ্চল।