Logo
image

তাজমহল ভাঙিব খোজা ৰূপজ্যোতিৰ বিৰুদ্ধে সৰৱ ‘আপ’ৰ সাংসদ

আমাৰ অসম,২৪ এপ্ৰিলঃ  তাজমহল, কটুবমিনাৰ ভাঙি পেলাব লাগে বুলি বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰা মন্তব্যক লৈ সংসদৰ মজিয়াত সৰব হ’ল আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙ৷ সংসদৰ মজিয়াত সিঙে বিজেপিৰ প্ৰতি তীব্ৰ কটাক্ষ কৰি কয়– এইসকল সেইসকল লোক, যাৰ বিধায়কে কয় তাজমহল ভাঙি পেলাব লাগে৷ কিয়নো তাজমহল  মোগলে বনাইছিল৷ কটুবমিনাৰে ভাঙি দিব লাগে বুলি কয় কিয়নো মোগলে বনাইছিল৷ এইসকল সেইসকল লোক যি দেশক বৰবাদ কৰিব বিচাৰে৷ মাৰি কাটি মানুহক শেষ কৰিব খোজে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আমাৰ মুখীয়া৷ দিল্লীত তেওঁৰ নিৰ্বাচিত চৰকাৰ আছে৷ তেওঁ ৰাইজক পানী, বিজুলী ফ্ৰী দিয়াটোৱেই অপৰাধ হ’ল নেকি? নিৰ্বাচিত চৰকাৰ এখনক ভালদৰে কাম কৰিবলৈ দিয়া নাই বিজেপিয়ে৷ আজি ভাৰতৰ গণতন্ত্ৰ বিপদত পৰিছে৷ দেশৰ গণতন্ত্ৰক বচোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ গণতন্ত্ৰৰ ওপৰত বিজেপিয়ে ইটোৰ পাছত সিটো আক্ৰমণ কৰিছে৷ আমি সহজতে স্বাধীনতা, সংবিধান লভা কৰা নাছিলো৷ কোনো ভুৱা ৰাষ্ট্ৰবাদীৰ কাৰণে দেশ স্বাধীন হোৱা নাছিল৷ কেৱল দিল্লীত নহয় পশ্চিমবংগতো প্ৰচণ্ড বহুমতত নিৰ্বাচিত চৰকাৰক ভালদৰে কাম কৰিবলৈ দিয়া নাই বিজেপিয়ে৷