Logo
image

এছিয়াৰ দীৰ্ঘতম পাইপ লাইনেৰে সংযুক্ত মাজুলী

আমাৰ অসম,২৪ এপ্ৰিলঃ  উত্তৰ-পূৱ ভাৰতৰ সৈতে ৰাষ্ট্ৰীয় গেছ গ্ৰীডক সংযুক্ত কৰি উত্তৰ-পূৱ গেছ গ্ৰীড নিৰ্মাণৰ এক নতুন অধ্যায়ৰ সূচনা হৈছে৷ ইন্দ্ৰধনু গেছ গ্ৰীড লিমিটেড [আই জি জি এল] এ ব্ৰহ্মপুত্ৰ নদৰ তলেৰে এইচ ডি ডি পদ্ধতিৰে যোৰহাট-মাজুলীক সংযুক্ত কৰি হাইড্ৰকাৰ্বন  পাইপ লাইনৰ কাম সম্পুৰ্ণ কৰিছে৷ ব্ৰহ্মপুত্ৰৰ গৰ্ভৰ ৪৫ মিটাৰ তলেৰে যোৰহাটৰ পৰা মাজুলীলৈ স্থাপন কৰা হৈছে হাইড্ৰকাৰ্বন পাইপলাইন৷ ইতিমধ্যে ভূগৰ্ভৰে সংযোগ কৰা পাইপ লাইনৰ দৈৰ্ঘ্য হৈছে ৪১০১.৭৯ মিটাৰ৷ গেছ পৰিবহণ কৰিবৰ বাবে ভূ-গৰ্ভৰে স্থাপন কৰা এই পাইপ লাইন এছিয়াৰ ভিতৰতে আটাইতকৈ দীৰ্ঘতম হাইড্ৰকাৰ্বন পাইপলাইন হিচাপে পৰিগণিত হৈছে৷ আই জি জি এল নামৰ কোম্পানীয়ে বিশাল ব্ৰহ্মপুত্ৰ নদৰ তলেৰে অসমৰ যোৰহাট আৰু মাজুলীক সংযোগ কৰি এইচ ডি ডি পদ্ধতিৰ দ্বাৰা ২৪ ইঞ্চি ব্যাসাৰ্ধৰ এই হাইড্ৰকাৰ্বন পাইপলাইন স্থাপনৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে৷ এই পাইপ লাইনৰ জৰিয়তে উত্তৰ-পূৱ ভাৰতৰ সৈতে ৰাষ্ট্ৰীয় গেছ গ্ৰীডক সংযোগ কৰি উত্তৰ পূৱ গেছ গ্ৰীড [এনইজি] নিৰ্মাণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অধ্যায় সূচনা কৰা বুলি উল্লেখ কৰে৷ মূল ব্ৰহ্মপুত্ৰ নদৰ মুখ্য আৰু ক্ষুদ্ৰ সুতিবোৰ বিবেচনা কৰি ব্ৰহ্মপুত্ৰৰ তলেৰে সংস্থাপন কৰা এই এইচ ডি ডিৰ মুঠ দৈৰ্ঘ্য হৈছে ৫৭৭০ মিটাৰ৷ যিটো ১০০০মিটাৰ, ৪১০১.৭৯ মিটাৰ আৰু ৭০০মিটাৰ দৈৰ্ঘ্যৰ তিনিটা পৃথক শাখাত ভাগ কৰা হৈছে৷ আই জি জি এলৰ এই সাফল্যৰ সন্দৰ্ভত মুখ্য কাৰ্যবাহী বিষয়া অজিত কুমাৰ ঠাকুৰে কয়– ‘ব্ৰহ্মপুত্ৰত এইচ ডি ডি সম্পূৰ্ণ হোৱাৰ লগে লগে আই জি জি এল এ এন ই জি জি গুৱাহাটী, জি এন পি এল নুমলীগড় শাখা সম্পুৰ্ণ কৰিবলৈ সক্ষম হ’ব৷ মই মোৰ দলৰ বাবে অত্যন্ত গৌৰান্বিত, যি সকলে অসমত প্ৰচুৰ বৰষুণ আৰু বানপানীৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি এই কাৰ্যক সাফল্যমণ্ডিত কৰিবলৈ সক্ষম হ’ল৷ অসম চৰকাৰকো কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় অসম চৰকাৰেও এই প্ৰকল্পটো ৰূপায়ণত অত্যন্ত সমৰ্থন কৰিছে৷ উল্লেখ্য, আই জি জি এল হৈছে পাচঁটা চৰকাৰী তৈল উদ্যোগ– IPC, ONGC, GAIL, OIL আৰু NRLৰ যৌথ উদ্যোগ, যি উত্তৰ-পূৱ ভাৰতৰ মুখ্য চহৰ আৰু কেন্দ্ৰসমূহক ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ সৈতে সংযোগ কৰি নৰ্থ-ইষ্ট গেছ গ্ৰীড প্ৰকল্প ৰূপায়ণ কৰিছে৷ প্ৰকল্পটোত মুঠতে ১৬৫৬ কিলোমটাৰ দীঘল প্ৰাকৃতিক গেছ পাইপ লাইনটো নিৰ্মাণত ৯৬২৫ কোটি টকা ধাৰ্য কৰা হৈছে যাৰ ৬০শতাংশ ব্যয় ভাৰত চৰকাৰৰ পৰা অনুদান হিচাপে লাভ কৰিছে৷