Logo
image

‘ভূপেন হাজৰিকা বঁটা’ ল’বলৈ নাহিল ৰবীনা, উদ্যোক্তাই পঠিয়াব ডাকত

আমাৰ অসম,২৪ এপ্ৰিলঃ ‘ভূপেন হাজৰিকা বঁটা’ ল’বলৈ গুৱাহাটীলৈ নাহিল বলীউডৰ অভিনেত্ৰী ৰবীনা টেণ্ডন৷ উদ্যোক্তাসকলে ঘোষণা কৰিলে– ৰবীনা টেণ্ডন অসুস্থ আৰু সেইবাবেই তেওঁ বঁটা গ্ৰহণ কৰিবলৈ ইচ্ছা থকা সত্ত্বেও আহিব নোৱাৰিলে৷ পৰৱৰ্তী সময়ত ‘ভূপেন হাজৰিকা বঁটা’ ডাকযোগে ৰবীনা টেণ্ডনলৈ পঠিয়াই দিয়া হ’ব বুলিও ঘোষণা কৰিলে বেলতলা ব’হাগী উৎসৱৰ আয়োজকসকলে৷ উল্লেখ্য, ২০ এপ্ৰিলৰ পৰা বেলতলা বিদ্যালয় খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৪৪সংখ্যক ব’হাগী উৎসৱ৷ ৰ এপ্ৰিলত বেলতলাৰ পূবেৰুণ সংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত আয়োজকসকলে ঘোষণা কৰে যে ২০ এপ্ৰিলৰ নিশা ৮ বজাত ৰবীনা টেণ্ডনক ড॰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হ’ব৷ ৰবীনা টেণ্ডনক  ভূপেন হাজৰিকা বঁটাৰ বাবে বাছনি কৰা প্ৰসংগই ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ এই বঁটাত আছে নগদ ২ লাখ টকাৰ উপৰি স্মাৰক, মান-পত্ৰ আৰু আলোৱান৷ আয়োজকসকলে ঘোষণা কৰিছিল যে ৰবীনা টেণ্ডনে নিজে গুৱাহাটীলৈ আহি ভূপেন হাজৰিকা বঁটা গ্ৰহণ কৰিব৷ কিন্তু সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই ৰবীনা টেণ্ডন গুৱাহাটীলৈ নাহিল আৰু আয়োজকসকলে তেওঁ অসুস্থ বুলি ঘোষণা কৰিলে৷ এই ঘটনাই ৰাইজৰ মাজত পুনৰ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷