Logo
image

দুৰ্ভেদ্য! কিয় ডিব্ৰুগড় জে’লত অমৃতপালসহ ১০ খালিস্তানী

আমাৰ অসম,২৪ এপ্ৰিলঃ প্ৰত্যাশিত ভাৱেই পঞ্জাৱ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃত পাল সিঙে৷ বুধবাৰে পুৱা পঞ্জাৱৰ মোগা জিলাৰ ৰোড়ে গাঁৱত আত্মসমৰ্পন কৰা খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃত পাল সিঙক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি পঞ্জাৱ আৰক্ষীয়ে লগে লগে বিশেষ বিমানেৰে বাথিন্দ্ৰা বিমানবন্দৰৰ পৰা অসমৰ ডিব্ৰুগড়লৈ লৈ  আনে৷ সম্প্ৰতি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কেইবাজনো খালিস্তানী বিদ্ৰোহী নেতাক বন্দী কৰি ৰখাৰ পৰিপ্ৰেক্ষিতত উজনি অসমৰ প্ৰায় ডেৰশ বছৰীয়া পুৰণি কেন্দ্ৰীয় কাৰাগাৰখনত তিনিতৰপীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে৷ বুধবাৰে অমৃতপাল সিঙক ডিব্ৰুগড়লৈ স্থানান্তৰ কৰাৰ লগে লগে কেন্দ্ৰীয় কাৰাগাৰখনত বন্দী খালিস্তানীৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পালে৷ পঞ্জাৱৰ বিদ্ৰোহী সংগঠনটোৰ মূৰব্বীজনক বন্দী কৰি ৰখাৰ পৰিপ্ৰেক্ষিততেই ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰক নিৰাপত্তাৰ অভদ্য দুৰ্গলৈ পৰিণত কৰিছে৷ কেন্দ্ৰীয় কাৰাগাৰখনত চি আৰ পি এফৰ সুৰক্ষা বেষ্টনীৰ উপৰি বিশেষভাৱে নিয়োগ কৰা হৈছে অসম আৰক্ষীৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত কমাণ্ডোৰ এটা ১০-১২ জনীয়া বৃহৎ দল৷ তদুপৰি জে’লৰ সুৰক্ষা কৰ্মীয়েও নিৰাপত্তাৰ বিশেষ দায়িত্ব পালন কৰা দেখা গৈছে৷ ইমানে নহয়, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত নিচ্ছিদ্ৰ নিৰাপত্তাৰ স্বাৰ্থত পূৰ্বৰ ৫৭ টা চি চি টিভিৰ উপৰি নতুনকৈ ১২টা চিচিটিভি সংস্থাপন কৰা হৈছে৷ যাতে প্ৰতি মুহূৰ্ততে কাৰাগাৰৰ বাহিৰে ভিতৰে সমগ্ৰ দৃশ্য নজৰত ৰাখিব পাৰে কাৰাগাৰ কতৃৰ্পক্ষই৷ লক্ষণীয়ভাৱে পঞ্জাৱৰ জে’ল বা দিল্লীৰ তিহাৰ জে’লৰ পৰিৱৰ্তে খালিস্তানী উগ্ৰপন্থী নেতা কেইজনক বন্দী কৰি ৰখাৰ বাবে কিয় ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰক বাছনি কৰা হ’ল তাক লৈ দেশজুৰি চৰ্চা লাভ কৰিছে৷ দেশৰ উত্তৰ-পূব প্ৰান্তৰৰ অন্তিমখন কেন্দ্ৰীয় কাৰাগাৰ ডিব্ৰুগড়ক আইন-শৃংখলাজনিত কাৰণতেই যে বাছনি কৰা হ’ল সেয়া স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য, খালিস্তানী উগ্ৰপন্থীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ ধাৰাত গোচৰ ৰুজু কৰাৰ পৰিপ্ৰেক্ষিতেই বৃটিছে নিৰ্মাণ কৰা অসমৰ কাৰাগাৰখনত তেওঁলোকক বন্দী কৰা হৈছে বুলি জনা গৈছে৷ নিয়ম অনুসৰি ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰা অভিযুক্তকহে সংস্থাটোৱে ইচ্ছামতে কোনো কাৰাগাৰত ৰখাৰ নিজাববীয়া সিদ্ধান্ত ল’ব পাৰে তদন্তকাৰী সংস্থাটোৱে৷ বাকী গোচৰৰ ক্ষেত্ৰত কাৰাগাৰ নিৰ্বাচনৰ বাবে আদালতৰ অনুমতিৰ প্ৰয়োজন হয়৷ কিন্তু অমৃতপাল সিঙক পঞ্জাৱৰ জে’লত নৰখাৰ প্ৰধান কাৰণ হ’ল–আম আদমি পাৰ্টীৰ দ্বাৰা পৰিচালিত পঞ্জাৱ ৰাজ্যত আৰক্ষী বিভাগ বা কাৰাগাৰত খালিস্তানী সমৰ্থক থকাটো অসম্ভৱ নহয়৷ ফলত এনে কৰ্মচাৰীৰ সহায় লৈ খালিস্তানী সকলে কাৰাগাৰৰ পৰা পলায়নৰ আশংকা থাকে৷ তদুপৰি তিহাৰ বা আন জে’ল সমূহত অমৃত পাল সিঙক বন্দী কৰি ৰাখিবলৈ তেনে কাৰাগাৰসমূহ পঞ্জাৱৰ কাৰবন্দীৰ সংখ্যা অধিক৷ ফলত জে’লৰ ভিতৰতে খালিস্তানী সক্ৰিয় হৈ পৰাৰ সৰ্তক কৰি দিয়ে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহে৷ আনহাতে দেশৰ বেছিভাগ কাৰাগাৰতে বন্দীৰ সংখ্যা নিৰ্ধাৰিত আসনৰ সংখ্যাতকৈ অধিক হোৱাত নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হয়৷ সেই সূত্ৰেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰক নিৰ্বাচন কৰে কেন্দ্ৰীয় সংস্থাসমূহে৷ কিয়নো এই কেন্দ্ৰীয় কাৰাগাৰখনত নিৰ্ধাৰিত সংখ্যাতকৈ কাৰাবন্দীৰ সংখ্যা কম৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৬৮০ জন লোকক বন্দী কৰি ৰাখিব পাৰে যদিও এই মুহূৰ্তত বন্দী হৈ আছে ৪৩০ জন কাৰাবন্দী৷ তদুপৰি ডিব্ৰুগড় কাৰাগাৰত পূৰ্বে আলফাৰ শীৰ্ষ নেতৃত্বকো কোনো অসুবিধা নোহোৱাকৈ বন্দী কৰি ৰখা হৈছিল৷ ইয়াৰোপৰি অসমত খালিস্তানী সমৰ্থক নাই আৰু অসমত শিখ ধৰ্মাৱলম্বী লোকৰ সংখ্যাও কম হোৱাত কোনো অনাকাংক্ষিত ঘটনাৰো আশংকা নাই৷ যাৰ পৰিপ্ৰেক্ষিততে দেশৰ নিৰাপত্তাৰ গুৰুত্বতাৰ স্বাৰ্থত গৃহ মন্ত্ৰণালয়ৰ অনুমোদন সাপেক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাচীন কাৰাগাৰখনক অমৃত পাল সিং এণ্ড কোম্পানীক বন্দী কৰি ৰখাৰ ব্যৱস্থা কৰে পঞ্জাৱ চৰকাৰে৷ ইফালে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত অমৃত পাল সিঙে পঞ্জীয়ন বহীত স্বাক্ষৰ কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেন্দ্ৰীয় কাৰাগাৰখনৰ ভিতৰত কোনে কেনেকৈ  মোবাইল লৈ প্ৰৱেশ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো কাৰাগাৰৰ ভিতৰত কোনো ব্যক্তিকে মোবাইল লৈ প্ৰৱেশ বা মোবাইল ফোন ব্যৱহাৰৰ কোনো অনুমতি নাই যদিও কেন্দ্ৰীয় কাৰাগাৰখনৰ ভিতৰত কেনেকৈ কৰ্তৃপক্ষৰ সন্মুখতে মোবাইলত অমৃত পালৰ ফটো তুলিবলৈ সক্ষম হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ কাৰাগাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ সুযোগত কোনো কাৰাবন্দীয়ে মোবাইল ব্যৱহাৰৰ সুযোগ লাভ কৰে নেকি বুলিও এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ তিনিতৰপীয়া নিৰাপত্তা বেহু গঢ়ি তোলা কাৰাগাৰখনতে যদি এনে গাফিলতি সংঘটিত হয়, তেনেহ’লে খালিস্তানী উগ্ৰপন্থীসকলৰ নিৰাপত্তাক লৈও সন্দেহৰ সৃষ্টি হৈছে৷