Logo
image

শান্তনু ভৰালীক মানৱ অধিকাৰ আয়োগৰ সদস্য হিচাবে নিযুক্তি প্ৰদান ৰাজ্যপালৰ

আমাৰ অসম,২৬ এপ্ৰিলঃ  অসমৰ ৰাজ্যপাল মাননীয় গোলাপ চান্দ কাটাৰীয়া ডাঙৰীয়াই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীক মানৱ অধিকাৰ আয়োগৰ সদস্য হিচাবে নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে ২০১০ চনত ভৰালী বিজেপি দলৰ মানৱ অধিকাৰ কোষৰ প্ৰথম আহ্বায়ক আছিল।১৯৮৯ চনত অধিবক্তা হিচাবে যোগদান কৰা ভৰালী এটা সময়ত বিজেপি দলৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বও পালন কৰিছিল। মানৱ অধিকাৰ সম্পৰ্কে বিভিন্ন সভা সমিতি কৰাৰ লগতে তেখেত আছুৰ দাৰা গঠিত মানৱ অধিকাৰ পৰিষদৰো সাধাৰণ সম্পাদক আছিল।বিশেষকৈ সেনাৰ দ্ৱাৰা হোৱা মানৱ অধিকাৰ উলংঘন গোচৰ সমূহত তেখেতে ৰাইজৰ হৈ বিশেষ ভূমিকা পালন কৰিছিল।ভাৰতৰ বিভিন্ন প্ৰান্তত মানৱ অধিকাৰক লৈ হোৱা কৰ্মশালা আদিত তেখেতে অংশ গ্ৰহনো কৰিছিল। কাইলৈ বৃহস্পতিবাৰে ভৰালীয়ে দায়িত্ব ল'ব বুলি জানিব পৰা গৈছে।
শান্তনু ভৰালীয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ভাঙৰীয়াক, তেওঁৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখি, এই দায়িত্ব ল'বলৈ মনোনীত কৰা বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।