Logo
image

চত্তীশগড়ত মাওবাদীৰ আক্ৰমণত ১০জন জোৱান শ্বহীদঃ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

ডিজিটেল ডেস্কঃ চত্তীশগড়ৰ দান্তেৱাড়া জিলাত বুধবাৰে মাওবাদীৰ ভয়ংকৰ আক্ৰমণত ডি আৰ জি (জিলা ৰিজাৰ্ভ গাৰ্ড)ৰ শ্বহীদ ১০ জনকৈ জোৱান হয়৷ আৰক্ষীয়ে জনোৱা অনুসৰি মাওবাদীয়ে জিলাখনৰ আৰণপুৰ আৰক্ষী থানা এলেকাত আইইডি (IED)বিস্ফোৰণ সংঘটিত কৰিছিল। এই বিস্ফোৰণত দহজন সুৰক্ষা বাহিনীৰ জোৱান আৰু এজন চালক শ্বহীদ হয়। এই ঘটনাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাওবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে দন্তেৱাড়াত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ লগতে আক্ৰমণত প্ৰাণ হেৰুওৱা জোৱানক শ্ৰদ্ধাঞ্জলি জনায়। লগতে তেওঁ শ্বহীদ জোৱানসকলৰ ত্যাগ সদায় স্মৰণীয় হৈ থাকিব বুলি কোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

মাওবাদীৰ এই আক্ৰমণক গৰিহণা দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে৷ দেশ ৰক্ষাৰ বাবে সৰ্বোচ্চ বলিদান দিয়া বীৰ জোৱানসকলক শ্ৰদ্ধা জনোৱাৰ লগতে পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ৰাষ্ট্ৰপতিয়ে।

এই ঘটনাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে কয় যে চত্তীশগড়ৰ দন্তেৱাড়াত নক্সাল আক্ৰমণত ১০ জন ডি আৰ জি জোৱান আৰু এজন চালকৰ শ্বহীদ হোৱাৰ খবৰটো অতি দুখজনক। তেওঁ শ্বহীদ জোৱানসকলক শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷