Logo
image

এইবাৰ পেট্ৰ’লকো চেৰ পেলালে কেৰাচিনে, প্ৰতি লিটাৰত ১২০ টকা

আমাৰ অসম,২৭ এপ্ৰিলঃ  ৰাজ্যত দুৰ্লভ হৈ পৰিল কেৰাচিন তেল৷ আপুনি আৰু বিচাৰিলে নাপাব সেউজীয়া বৰণৰ কেৰাচিন৷ কাৰণ ৰাজ্যত কেৰাচিন যোগান প্ৰায় বন্ধ হৈ পৰিছে৷ সৌ সিদিনালৈকে প্ৰতি লিটাৰ পোন্ধৰ বিশ টকীয়া দৰৰ কেৰাচিনে এতিয়া চেঞ্চুৰী পাৰ কৰিছে৷ সুলভ মূল্যৰ দোকানৰ কথাটো বাদেই ক’লা বজাৰতো এতিয়া কেৰাচিন পাবলৈ নাই৷ ক’ৰবাত আপুনি ক’লা বজাৰত কেৰাচিন পাই যদিও প্ৰতি লিটাৰ ১১০-১২০ টকাত ক্ৰয় কৰিব লাগিব৷ নলবাৰী জিলাতো চৰকাৰৰ পি ডি এছৰ কেৰাচিন যোগান বন্ধ হৈ পৰিছে৷ ৷ ইয়াক লৈ গ্ৰাহক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিবপৰা পৰা মতে খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে সুলভ মূল্যৰ দোকানৰ জৰিয়তে গ্ৰাহকক কেৰাচিন যোগান ধৰি আহিছিল যদিও আজি প্ৰায় এবছৰে নলবাৰী জিলাত কেৰাচিন যোগান অজ্ঞাত কাৰণত বন্ধ হৈ আছে৷ চৰকাৰে একোখন এ পি এল, বি পি এল কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীক মাহেকত দুইৰ পৰা তিনি লিটাৰ কেৰাচিন লাভ ব্যৱস্থা কৰি আহিছিল যদিও এতিয়া এটুপি এনে কেৰাচিন পাবলৈ নোহোৱাত জিলাখনৰ হাজাৰ হাজাৰ হিতাধিকাৰী পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ এই সম্পৰ্কে সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰী-গ্ৰাহকৰ আগত কোৱা মতে কেৰাচিন তেলৰ অদ্ভুত দান বৃদ্ধি হোৱাত তেল ডিপোৰ স্বতাধিকাৰীয়ে কেৰাচিন তেল উঠোৱাবলৈ বন্ধ কৰি দিছে৷ দুই-একোটা ডিপোই তেল উঠাই যদিও অত্যধিক দামৰ বাবে সুলভ মূল্যৰ দোকানীয়ে তেল আবণ্টন ল’বলৈ ইচ্ছুক নহয়৷ কাৰণ গ্ৰাহকে ১০০-১১০ টকা দৰত কেৰাচিন কিনিবলৈ সাধ্য নহয়৷ এনে অৱস্থাত বহু গ্ৰাহকে সুলভ মূল্যৰ দোকানে দোকানে কেৰাচিন তেল বিচাৰি তাতবাতি কাৰি আছে যদিও নলবাৰীত দুৰ্লভ হৈ পৰিছে চৰকাৰৰ পি ডি এছৰ কেৰাচিন৷ ইপিনে চৰকাৰে একমাত্ৰ ৰেচন কাৰ্ড থকা পৰিয়াল সকলৰ মাজতহে কেৰাচিন তেল দিয়াৰ ব্যৱস্থা কৰাত ৰেচন কাৰ্ড নথকা বহু দৰিদ্ৰ, মধ্যবিত্ত পৰিয়ালে পি ডি এছ কেৰাচিন লাভৰ পৰা বছৰৰ পিছত বছৰ ধৰি বঞ্চিত হৈ থাকিবলগীয়া হৈছে৷ জিলা খনত মাহৰ পিছত মাহ ধৰি সুলভ মূল্যৰ কেৰাচিন যোগান বন্ধ হৈ থকাৰ পিছতো জিলা উপায়ুক্তগৰাকীয়ে বিষয়টোত কোনো কানসাৰ নিদিয়া বুলি অভিযোগ উঠিছে৷ এই বিষয়ে জিলা প্ৰশাসনে কোনো জাননীও জাৰি কৰা নাই৷ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক নলবাৰীত মাহ মাহ ধৰি সুলভ মূল্যৰ কেৰাচিন যোগান বন্ধ হৈ থকা বিষয়টোত ক্ষিপ্ৰ নজৰ দি নিয়মীয়াকৈ কেৰাচিন যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে৷