Logo
image

পৰেশ বৰুৱাৰ সঁহাৰি নাহিল মে’ত আলোচনাপন্থীৰেই চুক্তি

আমাৰ অসম,২৮ এপ্ৰিলঃ সমাগত মে’ মাহৰ ভিতৰত আলোচনাপন্থী আলফাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰিব কেন্দ্ৰ-ৰাজ্য চৰকাৰে! আলোচনাপন্থী আলফাৰে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে যে পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ আশা এৰি দিলে সেয়া স্পষ্ট হৈ পৰিল৷ যাৰ বাবে পৰেশ বৰুৱাৰে সঁহাৰি নহাত আলোচনাপন্থী আলফাৰেই মে’ত চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে চৰকাৰ৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই পৰেশ বৰুৱাৰ সৈতে প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়া আগবাঢ়িছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ শান্তি আলোচনাৰ পদক্ষেপলৈ সঁহাৰি জনাই আলফাই একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল৷ আনকি পৰেশ বৰুৱাই মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলাই ৰাজ্যৰ সবাতোকৈ দক্ষ মুখ্যমন্ত্ৰী বুলিও অভিহিত কৰিছিল৷ ইফালে হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ ‘স্বাধীন অসম’ৰ দাবীত সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখা পৰেশ বৰুৱাৰ সৈতে বাৰ্তালাপ কৰাৰ কথাও জানিবলৈ দিছিল৷ কিন্তু পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মধুচন্দ্ৰিকা বেছি দিন নিটিকিল৷ আলফাই যুদ্ধ বিৰতি ভংগ কৰি ধন দাবীত নামি পৰাৰ সমান্তৰালভাৱে সেনা-আৰক্ষীয়ে আলফা বিৰোধী অভিযান চলাই কেইবাজনো আলফা সদস্যক গুলীয়াই হত্যা কৰে৷ সেনা-আৰক্ষীৰ অভিযানৰ সমান্তৰালভাৱে আলফাৰ শিবিৰৰ পৰাও একাংশই সদস্যৰ পলায়ন অব্যাহত আছে৷ বুধবাৰে সন্ধিয়াও আলফা-এন এছ চি এনে অৰুণাচলৰ নামচাইত দীনেশ শৰ্মা নামৰ ভাৰত পেট্ৰ’লিয়াম তেল ডিপুৰ এজন মেনেজাৰক অপহৰণ কৰে৷ আনকি অপহৰণ কাণ্ডৰ সময়ত উগ্ৰপন্থী দলটোৱে গুলী ফুটোৱাত এজন জেচিবি চালক আঘাতপ্ৰাপ্ত হয়৷ আলফা স্বাধীনৰ এই সশস্ত্ৰ কাৰ্যকলাপ অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলফা স্বাধীনক বাদ দি আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰৰ বাবে সাজু হোৱা বুলি কোৱা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ বৃহস্পতিবাৰে নতুন দিল্লীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে সমাগত মে’ৰ ভিতৰতে আলোচনাপন্থী আলফাৰে শান্তি চুক্তিৰ সম্ভাৱনা ব্যক্ত কৰে৷ ইয়াৰ বাবে ইতিমধ্যে আলোচনাপন্থী আলফাক খচৰাৰ প্ৰতিলিপি প্ৰদান কৰা বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷ স্বাভাৱিকতেই হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যত স্পষ্ট হৈ পৰিছে যে পৰেশ বৰুৱাক লৈ চৰকাৰে আৰু একো আশা নকৰে৷ কাৰ্যতঃ যেন পৰেশ বৰুৱাৰ সৈতে চলা প্ৰস্তাৱিত শান্তি আলোচনা প্ৰক্ৰিয়াও যতি পৰিল৷ চৰকাৰ আৰু পৰেশ বৰুৱা সহমতত উপনীত নোহোৱাৰ বাবেই আলফা স্বাধীনৰ শান্তি আলোচনা প্ৰক্ৰিয়া আদবাটতে ওলমি ৰ’ল৷ লক্ষণীয়ভাৱে হিমন্ত বিশ্ব শৰ্মাই সাৰ্বভৌমত্বৰ চৰ্তত আলফাৰ সৈতে শান্তি আলোচনা হ’ব নোৱাৰে বুলি যুক্তি দিয়াৰ বিপৰীতে পৰেশ বৰুৱাই এন এছ চি এনৰ সৈতে সাৰ্বভৌমত্বৰ চৰ্তত যদি শান্তি আলোচনা হ’ব পাৰে, তেনেহ’লে আলফা স্বাধীনৰ সৈতে নোৱৰাৰ কাৰণ কি থাকিব পাৰে বুলিও প্ৰশ্ন কৰিছিল৷ আনকি সাৰ্বভৌমত্বৰ চৰ্তত আলোচনা হ’লে শেষত সাৰ্বভৌমত্ব নিদিলেও আপত্তি নাই বুলিও পৰেশ বৰুৱাই স্পষ্টকৈ মত দাঙি ধৰা দেখা গৈছিল৷ কিন্তু ইয়াৰ পাছতো আলফা স্বাধীনৰে আলোচনা আগনাবাঢ়িল৷ বিপৰীতে আলোচনাপন্থী আলফাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে চৰকাৰ৷ এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়– ‘আলোচনাপন্থী আলফাৰ লগত আলোচনা চলি আছে৷ মই আশা কৰিছো যে মে’ মাহৰ ভিতৰতে শান্তি চুক্তি স্বাক্ষৰ কৰিব পাৰিম৷ সেই ধৰণে এতিয়া আগবাঢ়ি গৈছো৷ এই সন্দৰ্ভত আলফাক শান্তি চুক্তিৰ খচৰা এখন দিয়া হৈছে৷ অৱশ্যে তেওঁলোকে যদি নিবিচাৰে, তেতিয়াহ’লে হয়টো আমি পিছলৈকে ঠেলিব লাগিব৷ যদিহে খচৰাখনৰ ভিত্তিতে আলফাই স্বাক্ষৰ কৰে, তেনেহ’লে মে’ৰ ভিতৰতে আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি হোৱাৰ সম্ভাৱনা আছে৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে খচৰাখন আলোচনাপন্থী আলফাক দিয়া হৈছে৷ আলফা স্বাধীনৰ লগতো আমাৰ যোগাযোগ আছে৷ কিন্তু আলোচনাই যিটো গতি ল’ব লাগিছিল, সেই গতি লোৱা নাই৷ কিন্তু বিভিন্ন পৰ্যায়ত যোগাযোগ  চলি আছে আলফা স্বাধীনৰ সৈতে৷ আজি ডি এন এল এৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হ’ব৷ আলফাক বাদ দি অসমত আৰু কোনো সংগঠন নাথাকিব৷ সকলো সংগঠনৰে চুক্তি হৈ যোৱা বুলি ক’ব পাৰি৷

ডিএনএলএৰ সৈতে চৰকাৰৰ শান্তি চুক্তি

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ ডিমাছা বিদ্ৰোহী সংগঠন ডি এন এল এৰ সৈতে আজি নতুন দিল্লীত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতেই হিংসাৰ পথ এৰিলে অসমৰ সকলো জনগোষ্ঠীয় বিদ্ৰোহী সংগঠনে৷ নতুন দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ডি এন এল এৰ নেতৃবৰ্গই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল বুজাবুজি এই চুক্তিৰ জৰিয়তে ৰাজ্যৰ সকলো প্ৰান্তত বাস কৰা ডিমাছা লোকসকলৰ বাবে ডিমাছা কল্যাণ পৰিষদ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ লক্ষ্যণীয়ভাৱে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত অতিৰিক্ত গাঁও সংযোগ কৰাৰ বাবেও আজিৰ ত্ৰিপাক্ষিক চুক্তিখনত দিশ প্ৰদান কৰা হৈছে৷ ইয়াৰ বাবে চলিত বছৰতেই এখন আয়োগ গঠন কৰা হ’ব৷ সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ ১৪সংখ্যক ধাৰাৰ অধীনত এই আয়োগ গঠন কৰা হ’ব৷ আনহাতে, ডিমাছা কল্যাণ পৰিষদে স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত বাস কৰা ডিমাছাসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক তথা সামাজিক অধিকাৰ সুনিশ্চিত কৰিব৷ লগতে সমগ্ৰ ডিমাছা জাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক তথা সামাজিক আকাংক্ষা পুৰণ কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ ডিমাছা ভাষাৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো ডিমাছা কল্যাণ পৰিষদে কাম কৰিব৷ আনহাতে, আজিৰ চুক্তিৰ পাছত সশস্ত্ৰ সংগঠনসমূহৰ ১৬৮জন কেডাৰৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি চুক্তিখনত লিপিবদ্ধ কৰা হৈছে৷ আনহাতে, চুক্তি অনুসৰি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৫০০ কোটি টকাকৈ সৰ্বমুঠ ১,০০০ কোটি টকাৰ এক বিশেষ বিত্তীয় পেকেজ প্ৰদান কৰিব৷ নতুন দিল্লীস্থিত নৰ্থ ব্লকৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত চুক্তি স্বাক্ষৰ কৰা অনুষ্ঠানত নিজৰ ভাষণত গৃহমন্ত্ৰী অমিত শ্বাহে আজিৰ দিনটোক ডিমা হাছাওৰ লগতে অসমৰ বাবেও এক ঐতিহাসিক দিন বুলি সম্বোধন কৰে৷ তেওঁ কয় যে আজিৰ দিনটোত অসমত কোনো এটা জনগোষ্ঠী নাই যিয়ে হাতত অস্ত্ৰ লৈ বিদ্ৰোহ কৰি আছে কিম্বা জংঘলত আছে৷ ৰাজ্যখনৰ সকলো জনগোষ্ঠীয় গোটে এতিয়া মূল সুঁতিলৈ উভতি আহিছে৷ এতিয়া এওঁলোকে অসম তথা ভাৰতবৰ্ষৰ বিকাশ প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰিব৷ এয়া মোৰ বাবেও অতি সু-খবৰ বুলি শ্বাহে মন্তব্য কৰে৷ তেওঁ কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আতংকমুক্ত, হিংসামুক্ত আৰু বিকাশৰ সৈতে যুক্ত যি উত্তৰ-পূৰ্বাঞ্চলৰ কল্পনা কৰিছিল সেই দিশত আজি আমি আগবাঢ়ি যাব পাৰিছোঁ৷ আজিৰ এই চুক্তিৰ পাছত ডি এন এল এৰ সকলো সদস্যই হিংসা বৰ্জন কৰি শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব৷ তেওঁলোকৰ হাতত থকা সকলো অস্ত্ৰসম্ভাৰ তথা গোলা-বাৰুদ অসম চৰকাৰক সমৰ্পণ কৰিব৷ লগতে সশস্ত্ৰ সংগঠন ভংগ কৰি কেডাৰসকলৰ দখলত থকা শিবিৰসমূহ খালি কৰিব৷ আনহাতে, চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰাক্‌মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য— ডি এন এল এৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত আলোচনাপন্থী আলফা আৰু আলফাক [স্বাধীন] বাদ দি অসমত আৰু কোনো উগ্ৰপন্থী সংগঠন নাথাকিব৷ এয়াই হ’বগৈ শেষ শান্তি চুক্তি৷ বিভিন্ন সময়ত বিভিন্ন বিদ্ৰোহী সংগঠনসমূহে আলোচনাৰ মাজলৈ আহিছিল৷ আজি গোটেইবোৰ সংগঠনে সমাধানৰ বাট বিচাৰি পালে৷ সেয়েহে আলোচনাৰ যি শৃংখলা চলি আছিল আজিৰ এই শান্তি চুক্তিক আমি অন্তিমখন বুলি ক’ব পাৰোঁ৷ উল্লেখ্য, আজিৰ বুজাবুজি চুক্তিত ডি এন এল এৰ হৈ সংগঠনটোৰ সেনাধ্যক্ষ চুদ্ৰি ছৰংফাংছা, ৰাজ্য চৰকাৰৰ হৈ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হৈ উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ বিভাগৰ অতিৰিক্ত সচিব প্ৰবীণ বশিষ্ঠই স্বাক্ষৰ কৰে৷ মন কৰিবলগীয়া যে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ডি এন এল এই একপক্ষীয় যুদ্ধবিৰতিত আছিল৷

বয়স কম হ’লেও ডিএনএলৰ ইতিহাস ৰক্তাক্ত

‘আমাৰ অসম’ৰ ডিফুৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত ইউপিডিএছ, কেএলএনএলএফ, ডিএইচডি জে, নুনিছা গোটে আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ ঘূৰি অহাৰ পাছত ২০১৯ চনৰ ১৫ এপ্ৰিলত কাৰ্বি আংলং জিলাৰ ধনশিৰিৰ ইতিকা ডিফুছা নামৰ যুৱকজনৰ নেতৃত্বত গঠন হৈছিল ডিমাছা নেছনেল লিবাৰেছন আৰ্মি৷ সংগঠনটোৱে দুয়োখন জিলাত ব্যাপকহাৰত ধন দাবী, হত্যা, অপহৰণ আদিৰে সন্ত্ৰাস চলোৱাৰ পাছত ২০২১ চনৰ ২৪ ছেপ্টেম্বৰত কাৰ্বি আংলং জিলাৰ ধনশিৰিত অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু আৰু অসম আৰক্ষীৰ এডিজিপি হীৰেণ নাথৰ উপস্থিতিত প্ৰথমবাৰৰ বাবে ঘন অৰণ্যৰ পৰা আহি আলোচনাৰ বাবে মতপ্ৰকাশ কৰিছিল৷ ইয়াৰ পাছতেই একেটা বৰ্ষৰ ৩০ অক্টোবৰত অসম চৰকাৰৰ সৈতে শান্তি আলোচনাত  বহে আৰু ১৫ নৱেম্বৰত ডিমা হাচাও জিলাত সংগঠনটোৰ ৪৬জন নেতা-কেডাৰে অস্ত্ৰসহ আত্মসমৰ্পণ কৰে৷ ইয়াৰ পাছত ২০২২ চনৰ ১৬ ফেব্ৰুৱাৰীত ধনশিৰিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু এডিজিপি হীৰেণ নাথৰ উপস্থিতিত ৫২জন নেতা-কেডাৰে অস্ত্ৰসমৰ্পণ কৰিছিল৷ জংগী সংগঠনটোৰ ভয়াৱহ কূটাঘাতৰ ভিতৰত ডিমা হাচাও জিলাৰ দৈয়াংমুখত পাঁচজন ট্ৰাকচালক আৰু এজন হেণ্ডিমেনক নৃশংসভাৱে হত্যা কৰাটো অন্যতম চৰ্চিত ঘটনা আছিল৷