Logo
image

তীৰ্থযাত্ৰীৰ বাবে বদ্ৰীনাথ মুকলি

আমাৰ অসম,২৮ এপ্ৰিলঃ  হিন্দু ধৰ্মাৱলম্বীৰ অতি পবিত্ৰ তীৰ্থস্থান, চাৰ ধামৰ অন্যতম বদ্ৰীনাথ মন্দিৰ বৃহস্পতিবাৰে পুৱা ৭.১০ বজাত মাংগলিক ক্ষাণত ভক্তৰ বাবে মুকলি কৰা হয়৷ পুৱা ভক্তৰ জয় বদ্ৰীবিশাল ধবনি আৰু পুজাৰীৰ মন্ত্ৰোচাৰণৰ মাজত বদ্ৰীনাথ মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ পূৰ্বে বাবা ভোলানাথৰ অৰ্চনা হোৱা মন্দিৰটোৰ চৌদিশ, বিশেষকৈ সন্মুখভাগ অসমীয়া জাপি আৰু ১৫ কুইণ্টল নাৰ্জি ফুলেৰে সজাই তোলা হয়৷ হিমালয়ৰ বুকুত অৱস্থিত মন্দিৰটোৰ ৰূপ জাপি আৰু নাৰ্জি ফুলৰ শোভাই দ্বাৰ মুকলিৰ দিনাই বঢ়াই তোলে৷ শীতৰ বাবে সচৰাচৰ হোৱাৰ দৰে এইবাৰো যোৱা নৱেম্বৰত বদ্ৰীনাথৰ দ্বাৰ বন্ধ কৰা হৈছিল৷ সেই সময়ত চৌদিশে বৰফেৰে আবৰি থকাৰ বাবে মন্দিৰত পূজা-অৰ্চনা নহয় আৰু মন্দিৰৰ দ্বাৰ বন্ধ কৰি পুজাৰীসকলো ঋষিকেশ বা তেনে স্থানলৈ প্ৰায় ৬ মাহৰ বাবে নামি আহে৷ বদ্ৰীনাথ মন্দিৰ হিমালয়ৰ বুকুত সমুদ্ৰপৃষ্ঠৰ পৰা ১০,১৭১ ফুট উচ্ছতাত অৱস্থিত৷ চাৰ ধামৰ অন্যতম গংগোত্ৰী আৰু যমুনত্ৰী মন্দিৰ যোৱা ২২ এপ্ৰিলত অক্ষয় তৃতীয়াত ভক্তৰ বাবে মুকলি কৰা হৈছিল আৰু কেদাৰনাথ মন্দিৰৰ দ্বাৰ মুকলি কৰা হৈছিল যোৱা ২৫ এপ্ৰিলত৷ আজি বৃহস্পতিবাৰে বদ্ৰীনাথৰ দুৱাৰ মুকলি কৰিলেও সেই অঞ্চলৰ তাপমাত্ৰা হ্ৰাস পাইছে আৰু বৰষুণ হৈ আছে৷ ফলত ঋষিকেশ আৰু হৰিদ্বাৰত ভক্তৰ পঞ্জীয়ন সাময়িকভাৱে বন্ধ ৰখা হৈছে৷