Logo
image

৪৮বিধ জনপ্ৰিয় দৰৱক লৈ সতৰ্কবাণী শীৰ্ষ ঔষধ নিয়ামকৰ

আমাৰ অসম,২৮ এপ্ৰিলঃ সচৰাচৰ ব্যৱহাৰ হৈ থকা দেশৰ ৪৮ বিধ ঔষধৰ নমুনা গুণগত মানৰ পৰীক্ষাত ব্যৰ্থ হৈছে৷ দেশৰ ঔষধৰ নিয়ামক সংস্থা ‘চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড এণ্ড কণ্ট্ৰল অৰ্গেনাইজেচনে’ [চি ডি এছ চি অ’] কৰা শেহতীয়া পৰীক্ষাত এই সচৰাচৰ ব্যৱহৃত ৪৮ বিধ ঔষধ নিম্নমানৰ বুলি ধৰা পৰিছে৷ এই ৪৮ বিধ ঔষধৰ ভিতৰত আছে এণ্টাচিডছ, এণ্টিবায়’টিকছ, উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণকাৰী আদি ঔষধ৷ চি ডি এছ চি অ’ই গুণগত মান পৰীক্ষাৰ বাবে মুঠতে ১,৪৯৭ বিধ ঔষধৰ নমুনা সংগ্ৰহ কৰিছিল৷ তাৰে ৪৮ বিধ ঔষধ গুণগত মানৰ পৰীক্ষাত ব্যৰ্থ হয়৷ এয়া অৱশ্যে দেশৰ ঔষধৰ ক্ষেত্ৰখনত তেনেই নতুন কথা নহয়৷ সেয়ে উক্ত নিয়ামক সংস্থাই বছৰটোত একাধিকবাৰ আকস্মিকভাৱে ন-পুৰণি ঔষধৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ যোৱা ফেব্ৰুৱাৰীত চি ডি এছ চি অ’ই ১,২৫১ বিধ ঔষধৰ নমুনা সংগ্ৰহ কৰিছিল আৰু পৰীক্ষাত ৫৯ বিধ ঔষধ নিম্নমানৰ বুলি ধৰা পৰে৷ চলিত বছৰৰ জানুৱাৰীত ১,৩৪৮ বিধ ঔষধৰ নমুনা উক্ত নিয়ামক সংস্থাই পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল, য’ৰ ৬৭ বিধ ঔষধে নিৰ্দিষ্ট মান ৰক্ষা কৰাত ব্যৰ্থ প্ৰমানিত হয়৷ চলিত বছৰত এতিয়ালৈকে প্ৰথম চাৰি মাহতে তিনিবাৰকৈ ঔষধৰ নমুনা পৰীক্ষা কৰা হৈছে৷ সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনষ্ঠ নিয়ামক সংস্থাই ঔষধৰ গুণগত মান ৰক্ষাত ব্যৰ্থ হোৱাৰ বাবে মুঠতে ১৮টা ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীৰ লাইচেন্স বাতিল কৰিছে৷ শেহতীয়া পৰীক্ষাত মৃগীৰোগৰ ঔষধ গাবাপেনটিন, মানসিক চাপৰ ঔষধ টালমিনছাৰটান, মধুমেহ ৰোগৰ গ্লিমেপাইৰাইড, মেটফৰনিন, এইছ আই ভিৰ ঔষধ ৰিট’নাভিৰ, হাইপাৰ টেনচনৰ ঔষধ টেলমা এ এম টেব, টেলমিছাৰটান ৪০ এম জি, এমল’ডিপাইন, আইৰন, ফলিক এচিড, প্ৰ’বায়’টিকছ, মাল্টি ভিটামিন, ভিটামিন-চি, ভিটামিন বি ১২ নিয়াচিনেমাইড ইঞ্জেকচন ব্যৰ্থ হৈছে৷ এই পৰীক্ষাত মহাৰাষ্ট্ৰৰ গ্লেনমাৰ্ক, উত্তৰাখণ্ডৰ ছাইন’কেম, হাৰিয়ানাৰ নেষ্টৰ, উত্তৰ প্ৰদেশৰ জেবি জে এম, ছোলানৰ ৰোনাম ফাৰ্মাচিটিউকেল কোম্পানী ব্যৰ্থ হৈছে৷