Logo
image

বজাৰত অবাধে বিক্ৰী হৈ আছে বিষাক্ত মাছ

আমাৰ অসম,২৮ এপ্ৰিলঃ  চালানী মাছত বৰবিহ ফৰ্মেলিন ধৰা পৰা পাছতেই শংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ৷ নগাঁও মহাবিদ্যালয়ৰ গৱেষণাত চালানী মাছত ১৫ শতাংশ পৰ্যন্ত কৰ্কট ৰোগৰ বাহক ফৰ্মেলডিহাইডৰ উপস্থিত ধৰা পৰাত মীন বিভাগতো হাহাকাৰ লাগিছে৷ ইতিমধ্যে মীন বিভাগে চালানী মাছৰ ফৰ্মেলিন  ব্যৱহাৰ বিষয়টো পৰীক্ষাৰ বাবে ৰাজ্যৰ চাৰিটাকৈ গৱেষণা প্ৰতিষ্ঠানক দায়িত্ব দিছে৷ চালানী মাছত বৰবিহ ফৰ্মেলিন ধৰা পৰাত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাইজক চালানী মাছ নাখাবলৈকে পৰামৰ্শ দিয়াৰ লগতে চালানী মাছৰ ফৰ্মেলিনৰ প্ৰসংগই দিল্লীতো চৰ্চা লাভ কৰিছে৷ বৃহস্পতিবাৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়–‘মাছত যেতিয়া ফৰ্মেলিন ধৰা পৰে৷ তেনেহ’লে বাহিৰৰ নিৰ্দিষ্ট উৎসৰ পৰা মাছ অহাটো বন্ধ কৰিব পাৰো৷ লেব’ৰেটৰীৰ প্ৰতিবেদনৰ ভিত্তিত আমি ব্যৱস্থা ল’ম, লক্ষণীয় বিষয়টো হৈছে অসমত চালানী মাছত ফৰ্মেলিনক লৈ মীন মন্ত্ৰীয়ে নহয়, খোদ মুখ্যমন্ত্ৰীয়েও দিল্লীত থাকিও উদ্বিগ্নতা ব্যক্ত কৰা দেখা গ’ল৷ কিন্তু নাগৰিকৰ স্বাৰ্থৰ লগত জড়িত বিষয়টো সকলোৱে উদ্বিগ্নতা ব্যক্ত কৰিলেও অসমৰ বজাৰত বিনা বাধাই চালানী মাছৰ বিক্ৰী অব্যাহত আছে৷ অৰ্থাৎ নগাঁও মহাবিদ্যালয়ৰ গৱেষণাত তথ্য-প্ৰমাণ উন্মোচন হোৱাৰ পাছতো প্ৰতি দিনেই ট্ৰাকে ট্ৰাকে অসমলৈ চালানী মাছ আহি থকাই নহয়, সেই বৰবিহ স্বৰূপ মাছকে ৰাইজে খাবলৈ বাধ্য হৈছে৷ পৰীক্ষাত ফৰ্মেলিন ধৰা পৰাৰ পাছতেই তাৎক্ষণিকভাৱে বহিঃৰাজ্যৰ পৰা মাছৰ সৰবৰাহ বন্ধ কৰি দিব লাগিছিল যদিও এতিয়া মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰে গৱেষণাগাৰৰ প্ৰতিবেদনলৈহে বাট চাই ৰৈছে৷ অথচ এই বিষাক্ত মাছকে আজিও ৰাইজে খাই আছে৷ তাৎপৰ্যপূৰ্ণভাৱে পূৰ্বেও চালানী মাছত ফৰ্মেলিন প্ৰয়োগক লৈ বজাৰে বজাৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই চফৰ দিছিল যদিও পাছলৈ সেয়াও ক্ষন্তেকীয়া চমকত পৰিণত হ’ল৷ এক কথাত মীন বিভাগৰ বৰমূৰীয়াসকলে অন্ধপ্ৰদেশৰ বেপাৰীৰ পৰা কমিচন লৈ অসমৰ ৰাইজক ফৰ্মেলিনযুক্ত মাছকে খাবলৈ বাধ্য কৰোৱালে৷ উদ্বেগজনক বিষয়টো হৈছে নগাঁও মহাবিদ্যালয়ৰ তিনিমাহ জোৰা অধ্যয়নত পোহৰলৈ আহিছে যে চালানী মাছত ১৫ শতাংশতকৈ অধিক বিষাক্ত ফৰ্মেলিনৰ উপৰি ০.০০৩ শতাংশ কেডমিয়াম, ০.১৫ শতাংশ আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে৷ নগাঁও মহাবিদ্যালয়ৰ প্ৰতিবেদনে মীন বিভাগৰ স্বৰূপ উন্মোচন কৰাৰ পাছতেই মীন মন্ত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়, ৰহাৰ মীন মহাবিদ্যালয়, যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়কে ধৰি মুঠ ৪টা প্ৰতিষ্ঠানক ফৰ্মেলিনৰ পৰীক্ষা কৰিবলৈ দায়িত্ব প্ৰদান কৰিছে৷

কমিছনৰ অংকতে ফৰ্মেলিনযুক্ত চালানী মাছঃ আপ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ৰাইজৰ জীৱনক লৈ বিজেপি চৰকাৰে হেতালি খেলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টীয়ে৷ কৰ্কট ৰোগৰ বাহক মাৰাত্মক ফৰ্মেল ডি হাইডৰ উপস্থিতি ধৰা পৰা বহিঃৰাজ্যৰ চালানী মাছ সন্দৰ্ভত আম আদমি পাৰ্টীৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ এই সন্দৰ্ভত আপে এটা বিবৃতিত থলুৱা উদ্যোগ স্থাপনৰ কথা কোৱা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, যোগান বিভাগ, মীন বিভাগে বিভাগীয় মন্ত্ৰীৰ সৈতে লগ লাগি কমিছনৰ ভাগ-বাটোৱাৰাতহে ব্যস্ত থকাৰ অভিযোগ কৰে৷ লগতে বহিঃৰাজ্যৰ পৰা আমদানিকৃত হানিকাৰক ৰাসায়নিক দ্ৰব্য মিহলোৱা চালানী মাছৰ মুকলি বিক্ৰীৰে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে৷ কমিছনৰ অংকতেই অসমৰ বজাৰত ফৰ্মেলিনযুক্ত চালানী মাছ বিক্ৰীৰ বাবে মুকলি কৰি দিয়াৰো অভিযোগ কৰে আপে৷